ৰাজ্যৰ বানাক্ৰান্ত সকলৰ বাবে ২ কোটি প্ৰদান কৰিছে বলীউডৰ অভিনেতা অক্ষয় কুমাৰে

ৰাজ্যৰ বানাক্ৰান্ত সকলৰ বাবে ২ কোটি প্ৰদান কৰিছে বলীউডৰ অভিনেতা অক্ষয় কুমাৰে

বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে ৰাজ্যৰ বানাক্ৰান্ত সকলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ধাৰৰ বাবে ২ কোটি প্ৰদান কৰিছে ।

বৰ্তমান অসমত প্ৰলয়ংকাৰী বানে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে । ৰাজ্যৰ ৩৩ লাখৰো অধিক লোক ক্ষতিগ্ৰস্থ হৈছে বানপানীৰ ফলত । ৰাজ্যৰ চৌদিশে কেৱল বানৰ তাণ্ডব ।

বানাক্ৰান্ত সকলক উদ্ধাৰ কৰিবলৈ বিভিন্ন জনে সহায়ৰ হাত আগবঢ়াই । সমান্তৰালকৈ বলীউডৰ অভিনেতা অক্ষয় কুমাৰে ২ কোটি প্ৰদান কৰিছে ।

অক্ষয় কুমাৰ বিশ্বৰ সৰ্বোচ্চ পেইড চেলিব্ৰেটিৰ ফৰ্বচৰ তালিকাৰ অন্যতম । অক্ষয় কুমাৰে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ ১ কোটি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানী উদ্ধাৰৰ বাবে ১ কোটি টকা প্ৰদান কৰা হৈছে । ইয়াৰ সম্পৰ্কে অক্ষয় কুমাৰে টুইটাৰত যোগে প্ৰকাশ কৰিছে ।

বিভিন্ন সময়ত বলীউডৰ অভিনেতা অক্ষয় কুমাৰে প্ৰয়োজন সাপেক্ষে প্ৰদান কৰা পৰিলক্ষিত হয় । উৰিষ্যাৰ ঘূৰ্ণি বতাহৰ সময়ত উৰিষ্যাৰ মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ ১ কোটি টকা প্ৰদান কৰিছিল । এনে উদাহৰণ আৰু বহুতো আছে।

টুইটাৰযোগে অক্ষয় কুমাৰে প্ৰকাশ কৰে যে, "বৰ্তমান অসমৰ পৰিস্থিতিৰ অতি দুখ লগা । এনে সংকটৰ সময়ত ক্ষতিগ্ৰস্থ সকলো জনসাধাৰণ, বন্যপ্ৰানীক সহায়ৰ প্ৰয়োজন । মই মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ ১ কোটি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানীৰ উদ্ধাৰৰ বাবে ১ কোটি প্ৰদান কৰিছো । লগতে সকলোকে সাহাৰ্য্য আগবঢ়াবলৈ সকলোকে আহ্বান জনাইছো ।"

https://twitter.com/akshaykumar/status/1151435127550988289

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৯০ শতাংশ আৰু পবিতৰাৰ প্ৰায় ৮৫ শতাংশ অঞ্চলত সম্প্ৰতি পানীৰ তলত ৷যাৰ কাৰণে সম্প্ৰতি বন্য প্ৰাণীৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো পানী তলত ৷ যাৰ কাৰণে ৰাষ্ট্ৰীয় ঘাইপথটোত বাহন চলাচলত প্ৰতিবন্ধকতা লগোৱা হৈছে।

ইফালে বানৰ কাৰণে ১৭ টা জীৱ জন্তুয়ে প্ৰাণ ত্যাগ কৰিছে ৷ইয়াৰে ৯টা হৰিণা,দুটা অন্যান্য জন্তু পানীত ডুব যোৱাৰ কাৰণে আৰু ছটা অন্য কাৰণত মৃত্যু বৰণ কৰিছে ৷ ইফালে কাজিৰঙাৰ বহু জীৱ জন্তু খাদ্যৰ কাৰণে উদ্যানখনৰ ওখ ঠাইসমূহত আশ্ৰয় লৈছে। লগত বানৰ কাৰণে বহু জীৱ জন্তুয়ে খাদ্যৰ অভাৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি পাহাৰলৈ যাত্ৰা কৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com