Begin typing your search above and press return to search.

আঠ বছৰীয়া এজন শিশু, যিয়ে এবছৰত আয় কৰিলে ১৮৪ কোটি টকা

আঠ বছৰীয়া এজন শিশু, যিয়ে এবছৰত আয় কৰিলে ১৮৪ কোটি টকা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Dec 2019 11:51 AM GMT

আঠ বছৰীয়া এজন শিশু, যিয়ে এবছৰত আয় কৰিলে ১৮৪ কোটি টকা। পৃথিৱীত বিভিন্ন ধৰণৰ আজৱ ঘটনাৰ কথা পোহৰলৈ আহে । আজিৰ দিনক টকা পইচা সকলোৰে বাবে অত্যন্ত প্ৰয়োজনীয়। টকা আয় কৰাৰ বাবে সকলোৱে কষ্ট কৰে । আমি আজি আপোনালোকক এনেকুৱা এটি শিশুৰ কথা কম যি শুনি আপুনিও হ'ব আচৰিত। আমি আজি এজন আঠ বছৰীয়া শিশুৰ কথা কম যিয়ে এবছৰত আয় কৰিছে ১৮৪ কোটি টকা। অৱশ্যে আজিকালিৰ‌ ল'ৰা ছোৱালীয়ে কম বয়সতে বিভিন্ন ডাঙৰ ডাঙৰ কাম কৰে । কিন্তু এমাহত ১৮৪ কোটি টকা আয় কৰাটো সঁচাকৈয়ে আচৰিত।

এই কথাটো বিশ্বাস কৰা সম্ভৱ নহয় কিন্তু এয়াই সঁচা । দৰাচলতে এই শিশুটিৰ নাম ৰেয়ান কাজি । ২০১৯ বৰ্ষত ৰেয়ানে তেওঁৰ ইউটিউব চেনেলৰ পৰা ২৬ মিলিয়ন ডলাৰ অৰ্থাৎ ১৮৪ কোটি টকা আয় কৰিছে । কিছুদিন পূৰ্বে ফোৰবেজ নামৰ পত্ৰিকা খনে এখন তালিকা প্ৰস্তুত কৰিছে য'ত ৰেয়ানৰ নামো উল্লেখ আছে। ৰেয়ানক সকলোতকৈ অত্যাধিক আয় কৰাৰ ব্যক্তিৰ নামৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

ৰেয়ানৰ প্ৰকৃত নাম ৰেয়ান গৌন বুলি জানিব পৰা গৈছে। তেওঁৰ ইউটিউব চেনেলটোৰ নাম হ'ল " ৰেয়ান ৱৰ্ল্ড"। তেওঁৰ চেনেলটো ২০১৫ চনত উন্মোচন কৰা হৈছিল । সেই সময়ত তেওঁৰ বয়স মাত্ৰ ৩ বছৰ আছিল। উল্লেখযোগ্য যে তেওঁৰ ইউটিউব চেনেলটোত ২২ মিলিয়নতকৈ অধিক চাব্সক্ৰাইবাৰ আছে । ইউটিউব চেনেলটোত পুতুলাৰ পেকেট খোলা ভিডিঅ' শ্বেয়াৰ কৰে । তদুপৰি তেওঁ কিছুমান খেল ধেমালিৰ ভিডিঅ'ও বনাই । এতিয়ালৈকে তেওঁৰ ভিডিঅ'ই ১ মিলিয়ন ভিউজ লাভ কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক: এখন চহৰৰ সাত বছৰীয়া এটি শিশু হ’ল নগৰাধ্যক্ষ,পিতৃ মাতৃয়ে ললে শপত

ভিডিঅ প্ৰতক্ষ্য কৰক : AATASU staged protest against the Citizenship Amendment Act. 2019 in Golaghat

Next Story
চাকৰি