Begin typing your search above and press return to search.

এখন চহৰৰ সাত মহীয়া এটি শিশু হ'ল নগৰাধ্যক্ষ,পিতৃ মাতৃয়ে ললে শপত

এখন চহৰৰ সাত মহীয়া এটি শিশু হল নগৰাধ্যক্ষ,পিতৃ মাতৃয়ে ললে শপত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Dec 2019 10:53 AM GMT

এখন চহৰৰ সাত মহীয়া এটি শিশু হ'ল নগৰাধ্যক্ষ,পিতৃ মাতৃয়ে ললে শপত । পৃথিৱী খন‌ত প্ৰতিদিনেই বিভিন্ন ধৰণৰ আজৱ ঘটনা পোহৰলৈ অহা দেখা যায় । আমি যদি আপোনাক জনাও যে এটি সাতমহীয়া শিশু এখন চহৰৰ নগৰাধ্যক্ষৰ দায়িত্ব লাভ কৰিছে তেন্তে নিশ্চয় সেই বাতৰিয়ে আপোনাক আচৰিত কৰি তুলিব । সাত মহীয়া এটি শিশু,‌যিয়ে খোজ কাঢ়িব নোৱাৰে, কথা কব নোৱাৰে কিন্তু এখন চহৰৰ নগৰাধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহন কৰিছে। এই কথা সঁচাকৈ আচৰিত। কিন্তু এনে এক আচৰিত ঘটনা সংঘটিত হৈছে ।

এই ঘটনা সংঘটিত হৈছে আমেৰিকাৰ ৱহাইহাল নামৰ চহৰ খনত । সাত মহীয়া বিলিয়ন চাৰ্লচ "চাৰ্লী" ক এই চহৰ খনৰ নগৰাধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছে। সাতমহীয়া শিশুটি আমেৰিকাৰ সবাতোকৈ কম বয়সীয়া অৰ্থাৎ কণিষ্ঠতম নগৰাধ্যক্ষ । কেইটামান দিন আগতে চাৰ্লীয়ে চহৰ খনৰ নগৰাধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে। অৱশ্যে চাৰ্লীৰ তৰফৰ পৰা এই শপতনামা তেওঁৰ মাতৃ পিতৃয়ে পাঠ কৰে । শপতনামাৰ বাবে অনুষ্ঠিত এই সমাৰোহত কমেও ১৫০ জন লোক উপস্থিত থাকে।

সংবাদ মাধ্যমৰ তথ্য অনুসৰি জানিব পৰা গৈছে যে প্ৰতি বছৰে আমেৰিকাৰ ৱহাইটহল নামৰ চহৰ খনত নগৰাধ্যক্ষৰ বাবে শপত গ্ৰহণ কৰা হয় । কিন্তু এই বাৰ চাৰ্লীৰ নাম সকলোৱে বাচনি কৰিছে আৰু চাৰ্লী সেই দেশৰ সবাতোকৈ কণিষ্ঠতম নগৰাধ্যক্ষ হিচাপে পৰিগণিত হয়।

শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰা যোশ ফল্টজ নামৰ ব্যক্তিগৰাকীয়ে কয় যে সকলোৱে চাৰ্লীক সাবতি ল'ব বিচাৰিছিল, তেওঁৰ লগত ফুৰিব বিচাৰিছিল। লগতে কয় যে আমি দেশৰ ইতিহাসত এক কঠিন পৰ্যায়ত আছো, এই সময়ত চাৰ্লীয়ে সকলোৰে মাজত শান্তি অনাত সহায় কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক: পৃথিৱীৰ কেইজনমান অপৰাধী , যাৰ শাস্তি শুনি আপুনিও হ’ব আচৰিত

ভিডিঅ প্ৰতক্ষ্য কৰক : AATASU staged protest against the Citizenship Amendment Act. 2019 in Golaghat

Next Story
চাকৰি