পৃথিৱীৰ কেইজনমান অপৰাধী , যাৰ শাস্তি শুনি আপুনিও হ'ব আচৰিত

পৃথিৱীৰ কেইজনমান অপৰাধী , যাৰ শাস্তি শুনি আপুনিও হ'ব আচৰিত

পৃথিৱীৰ কেইজনমান অপৰাধী , যাৰ শাস্তি শুনি আপুনিও হ'ব আচৰিত । পৃথিৱীত বিভিন্ন ধৰণৰ আজৱ ঘটনা‌ সংঘটিত হোৱা দেখা যায়। সাধাৰণতে বহু কম সংখ্যক লোকেহে ১০০ বছৰ জীয়াই থাকিব পাৰে। কিন্তু কেতিয়াবা যদি আদালতে হাজাৰ লাখ বছৰৰ শাস্তি প্ৰদানৰ কথা আপুনি শুনে তেতিয়া নিশ্চয় সেই খবৰে আপোনাক আচৰিত কৰি তুলিব ।

স্পেইনৰ ২২ বছৰীয়া পোষ্টমেন গেব্ৰিয়েল মাৰ্চ গ্ৰনাডোচক ১৯৭২ চনত ৩,৮৪,৯১২ বছৰৰ বাবে শাস্তি প্ৰদান কৰে। তেওঁৰ দোষ আছিল ৪০ হাজাৰতকৈ অধিক পত্ৰ আৰু পাৰ্চেল বিতৰণ কৰা নাছিল। আদালতে প্ৰত্যেক পত্ৰ আৰু সামগ্ৰীৰ বাবদ তেওঁক ৯-৯ বছৰৰ শাস্তি ঘোষনা কৰিছিল । তাৰ পিছতেই তেঁওৰ লাখতকৈ অধিক বছৰৰ শাস্তি প্ৰত্যাহাৰ কৰি ১৪ বছৰৰ শাস্তি প্ৰদান কৰে ।

১৯৯৪ চনত আমেৰিকাৰ ৰাজ্য অল্বমাৰ নিৱাসী চাৰ্লচ স্কাট ৰাবিন্স নামৰ এজন ব্যক্তিক ধৰ্ষনৰ অপৰাধত কমেও ৩০ হাজাৰ বছৰৰ শাস্তি ঘোষনা কৰিছিল। আদালতে তেওঁক ছয়টা গোচৰত ৫-৫ হাজাৰ বছৰৰ শাস্তি ঘোষনা কৰিছিল । চাৰ্লচক ইমান দীঘলীয়া শাস্তি প্ৰদান কৰাৰ পিছত আদালতে কয় যে তেওঁক এই বাবে ইমান দীঘলীয়া শাস্তি ঘোষনা কৰা হৈছে যাতে তেওঁ কেতিয়াও শাস্তিৰ পৰা ৰেহাই পাব নোৱাৰে ।

থাইলেণ্ডৰ চমোৱে থিপ্যাসো নামৰ এগৰাকী মহিলা পৃথিৱীৰ সকলোতকৈ বেছি শাস্তি লাভ কৰাৰ ভিতৰত এজন । মহিলা গৰাকীক ১৯৮৯ চনত আদালতে ১,৪১,০৭৮ বছৰৰ শাস্তি প্ৰদান কৰিছিল । তেওঁক পিৰামিড স্কিম গোচৰত ১৬,২৩১ জন লোকৰ প্ৰায় ১৯ কোটি টকা আত্মসাৎ কৰাৰ অপৰাধত এই শাস্তি প্ৰদান কৰা হৈছিল।‌তাৰ পিছতেই থাইলেণ্ডত এখন আইন প্ৰণয়ন হয় য'ত ২০ বছৰতকৈ বেছি বছৰ শাস্তি হ'ব নোৱাৰে।

২০০৪ চনত স্পেইনৰ ৰাজধানী মেড্ৰিডত ৰেল বিস্ফোৰণত জড়িত আতংকবাদী আথমেন অল নাওই ক আদালতে ৪২,৯২৪ বছৰৰ শাস্তি প্ৰদান কৰে। লগতে তেওঁৰ সতীৰ্থ জমাল জোগমক ৪২,৯২২ বছৰৰ শাস্তি প্ৰদান কৰিছিল । কিন্তু এতিয়াৰ স্পেইনৰ আইন অনুসৰি কোনো ব্যক্তিৰ ৪০ বছৰতকৈ বেছি বছৰৰ শাস্তি প্ৰদান কৰিব নোৱাৰে।

ভিডিঅ প্ৰতক্ষ্য কৰক : AATASU staged protest against the Citizenship Amendment Act. 2019 in Golaghat

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com