Begin typing your search above and press return to search.

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অষ্টম তম বনাঞ্চল, বোকাখাট বনাঞ্চলৰ উদ্বোধনী অনুষ্ঠান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অষ্টম তম বনাঞ্চল, বোকাখাট বনাঞ্চলৰ উদ্বোধনী অনুষ্ঠান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Oct 2019 8:49 AM GMT

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অষ্টম তম বনাঞ্চল, বোকাখাট বনাঞ্চলৰ উদ্বোধনী অনুষ্ঠান ।মঙ্গলবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অষ্টম তম বনাঞ্চল বোকাখাট বনাঞ্চল ( bokakhat forest range ) আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হয় । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ প্ৰাংগনত এই বিশেষ উদ্বোধনী অনুষ্ঠানটো অনুষ্ঠিত হয় ।

নতুনকৈ সংযোজন হোৱা বোকাখাট বনাঞ্চল আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ( k N P director ) পি . শিৱকুমাৰ আৰু পূব অসম বন্য প্ৰাণী‌ সংমণ্ডলৰ ডি এফ অ' ৰোহিনী বল্লভ শইকীয়াই ।

অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সংন্হা ( Assam state journalist association ) ৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা , বোকাখাট প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা , গোলাঘাটৰ সোনাৰী বন্যপ্ৰাণী তত্বাৱধায়ক উত্তম শইকীয়া , লগতে আন‌ বন্য বিষয়া উপস্থিত থাকে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অষ্টম ৰেঞ্জ বনাঞ্চলটো ১৯০ বৰ্গকিলোমিটাৰ পৰিসৰ সামৰি লৈছে । লগতে এই বনাঞ্চলটোত ভাৰপ্ৰাপ্ত বনাঞ্চলিক বিষয়া হিচাপে দীপাংকৰ দেৱৰ হাতত দায়িত্ব অৰ্পণ কৰা হৈছে ।

নতুনকৈ নিৰ্মাণ কৰা এই বনাঞ্চলটোত ফৰেষ্ট ৰেঞ্জ এ পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ বোকাখাট খণ্ড বন কাৰ্য্যালয়ৰ পৰিসৰৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ কিছু অংশ ও সামৰি লৈছে । নৱনিৰ্মিত ৮ তম বনাঞ্চল বোকাখাট বনখণ্ডৰ অধীনত ভক্তে চাপৰি , গাভৰু চাপৰি , মৰিয়াহোলা , মদাৰজুৰি , পানবাৰী , শিশুবাৰী , ভ্ৰাম্যমাণ বন শিবিৰ গংগা চিলনীৰ নামো বোকাখাট বনাঞ্চলত অন্তৰ্ভুক্ত কৰা হৈছে ।

অধিক খবৰৰ বাবে পঢ়ক:এইবাৰ যান বাহন আইন উলংঘা কৰি ট্ৰাক চালকে দিলে ২,০০,৫০০ টকাৰ জৰিমনা

ভিডিঅ প্ৰতক্ষ্য কৰক:Peace Rally to prevent frequent Road Accident in Tinsukia

Next Story
চাকৰি