Begin typing your search above and press return to search.

এইবাৰ যান বাহন আইন উলংঘা কৰি ট্ৰাক চালকে দিলে ২,০০,৫০০ টকাৰ জৰিমনা

এইবাৰ যান বাহন আইন উলংঘা কৰি ট্ৰাক চালকে দিলে ২,০০,৫০০ টকাৰ জৰিমনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Sep 2019 1:23 PM GMT

এইবাৰ যান বাহন আইন উলংঘা কৰি ট্ৰাক চালকে দিলে ২,০০,৫০০ টকাৰ জৰিমনা ৷ সমগ্ৰ দেশত সম্প্ৰতি যান বাহন আইন ২০১৯ ৰ সন্দৰ্ভত চৰ্চা অব্যাহত আছে । বহু লোকে যান বাহন আইনক আদৰি লৈছে যদিও বহু লোকে এই আইনৰ বিৰোধ কৰিছে । কাৰণ যান বাহন উলংঘা কৰি সেই লোকসকলে দিব লগা হৈছে এক বৃহৎ পৰমাণৰ ধন। সম্প্ৰতি পোৱা এক তথ্য অনুসৰি এজন ট্ৰাক চালাকে যান বাহন আইন উলংঘা কৰি জৰিমনা পৰিশোধ কৰিছে প্ৰায় ২,০০,৫০০ টকা। এই জৰিমনাই সম্প্ৰতি চকুত টোপনি নাইকীয়া কৰিছে যান বাহন উলংঘাকাৰীসকলৰ ৷

আনহাতে, যান বাহন আইন উলংঘা কৰি জৰিমনা পৰিশোধ কৰা এইয়াই প্ৰথম নহয় ৷ইয়াৰ পূৰ্বতে নতুন মটৰ পৰিবহন আইন ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱাৰ কেইঘন্টামানৰ পিছতেই দিল্লীত এগৰাকী দুচকীয়া বাহনৰ যাত্ৰীয়ে হেলমেট পৰিধান নকৰা আৰু প্ৰয়োজনীয় তথ্য পাতি লগত নৰখাৰ কাৰণে ২৩০০০ টকা জৰিমনা ভৰিব লগা হয় ৷

আনহাতে পশ্চিম বংগত আকৌ এগৰাকী অটোচালকে জৰিমনা ভৰে প্ৰায় ৩২,৫০০ টকা ৷ যাৱতীয় তথ্য লগত নৰখা,পঞ্জীকৃত যাৱতীয় তথ্য পাতি লগত নৰখা,ইন্সুৰেন্স,বায়ু প্ৰদূষণ,নাম্বাৰ প্লেট আৰু বিপদশংকুল যাত্ৰাৰ আদি বহু কেইটা বিষয়ৰ কাৰণে জৰিমনা দিয়ে ৩২,৫০০ টকা। গতিকে এই অৱস্থাই যান বাহন উলংঘাকাৰীক নাকী লগোৱাৰ লগতে কিছুমান যাত্ৰীৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

শেহতীয়াকৈ ওৰিষ্যাৰ এজন ট্ৰাক চালকে যান বাহন আইন উলংঘা কৰি ভৰিব লগা হোৱা ধনৰ পৰিমাণে সকলোৰে মাজত চৰ্চা লাভ কৰিছে।কাৰণ লোকজনে যান বাহন আইন উলংঘা কৰি জৰিমনা ভৰে ৮৬,৫০০ টকা । সম্প্ৰতি এই ধন দেশৰ সকলোতকৈ যান বাহনৰ ক্ষেত্ৰত লোৱা জৰিমনাৰ ৰাশি হিছাপে পৰিগণিত হৈছে। সাম্প্ৰতিক সময়ত সকলোতে আটাইতকৈ চৰ্চিত বিষয়টো হৈছে যান বাহন আইন ২০১৯৷ গতিকে সম্প্ৰতি আশোক যাদৱ নামৰ লোকজনে ভৰা যান বাহনৰ, জৰিমনাৰ এখন বিশেষ চালান সকলো ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে।

অনতি পলমে গুৱাহাটী মহানগৰত নতুন যান বাহন আইন ২০১৯ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ৷ যান বাহন বিভাগৰ আৰক্ষী উপায়ুক্ত প্ৰশান্ত শইকীয়াই যান বাহনৰ নতুন আইনৰ সন্দৰ্ভত কয় যে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা এখন লিখিত অধিসূচনা লাভ কৰিবলৈ অপেক্ষা কৰি আছো ৷ যেতিয়াই আমি এইখন অধিসূচনাক লাভ কৰিম । তেতিয়াৰ পৰাই এই আইনক গুৱাহাটীত আৰম্ভ কৰা হ’ব। লগতে নতুন যান বাহন আইন উলংঘাকাৰীসকলক জৰিমনা পৰিশোধ আৰু তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মন্তব্য কৰে উপায়ুক্ত গৰাকীয়ে ।ইফালে যেতিয়াৰ পৰাই দেশত এই আইনখন আৰম্ভ কৰিছে ৷ তেতিয়াৰ পৰাই লোকসকলৰ মাজত সক্ৰিয়তা বৃদ্ধি পাইছে। লগতে অনাগত দিনত যান বাহন নিয়ম উলংঘন কৰা সকলৰ সংখ্যা সীমিত হ’ব বুলি আশা প্ৰকাশ কৰিছে উপায়ুক্ত শইকীয়াই ৷

অন্য খবৰৰ বাবে পঢ়ক:প্ৰসংগ: নতুন যান বাহন আইন: আইনখনক সমৰ্থন বহু ৰাজ্যৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:Jatin Bora promotes his upcoming film ‘Ratnakar’ at Biswanath College today

Next Story
চাকৰি