Begin typing your search above and press return to search.

স্থবিৰ উন্নয়নঃ ৰাজ্যৰ ৯০ বিধায়কে দাখিল কৰা নাই পুঁজি ব্যৱহাৰৰ প্ৰমাণপত্ৰ

স্থবিৰ উন্নয়নঃ ৰাজ্যৰ ৯০ বিধায়কে দাখিল কৰা নাই পুঁজি ব্যৱহাৰৰ প্ৰমাণপত্ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 March 2020 6:16 AM GMT

স্থবিৰ উন্নয়নঃ ৰাজ্যৰ ৯০ বিধায়কে দাখিল কৰা নাই পুঁজি ব্যৱহাৰৰ প্ৰমাণপত্ৰ

চলিত বিত্তীয় বৰ্ষ অন্ত পৰিবলৈ মাথোঁ কিছুদিন বাকী থকা অৱস্থাতো ৰাজ্যৰ ৯০ বিধায়কে দাখিল কৰা নাই নিজ নিজ সমষ্টি উন্নয়ন পুঁজি ব্যৱহাৰৰ প্ৰমাণপত্ৰ। ইয়ে সমষ্টিসমূহৰ উন্নয়নত একপ্ৰকাৰ স্থবিৰতাৰ সৃষ্টি কৰিছে। কাৰণ ৯০ গৰাকী বিধায়কে এতিয়াও লাভ কৰা নাই চলিত বিত্তীয় বৰ্ষৰ সমষ্টি উন্নয়নৰ পুঁজি। ‌বিধায়কৰ স্থানীয় অঞ্চল উন্নয়ন পুঁজিৰ অধীনত এতিয়ালৈকে মাত্ৰ ৩৬ গৰাকী বিধায়কেহে পৰ্যাপ্ত পুঁজি লাভ কৰিছে।সম্প্ৰতি ৰাজ্যৰ বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিৰ অধীনত ৰূপান্তৰণ আৰু উন্নয়ন বিভাগৰ অধীনত ১ কোটি টকা প্ৰতিবছৰে প্ৰদান কৰা হয়।

চলিত বাজেট অধিৱেশনৰ সময়ত বিধানসভাত চৰকাৰী পক্ষই প্ৰকাশ কৰে যে পুঁজি ব্যৱহাৰৰ প্ৰমাণপত্ৰ দাখিল নকৰাৰ বাবে বিধায়কৰ সমষ্টি উন্নয়ন পুঁজি লাভ নকৰা সমষ্টিসমূহ হ’ল অভয়াপুৰী (দক্ষিণ), অভয়াপুৰী (উত্তৰ) , আলগাপুৰ, আমগুৰি, বাঘবৰ, বৰমা, বঢ়মপুৰ, বৰক্ষেত্ৰী, বটদ্ৰৱা, বৈথালাংচু, বিলাসীপাৰা( পশ্চিম) , বিহালী, বিহপুৰীয়া, বিশ্বনাথ, বোকাখাট, বোকাজান, ব'কো, বঙাইগাঁও, বৰচালিয়া, ছয়গাঁও, চাপাগুৰি, চেঙা, দলগাঁও, দেৰগাঁও, ঢকুৱাখানা , ধৰ্মপুৰ, ধেমাজি, ঢেকিয়াজুলি, ধিং, ধুবুৰী, ডিগবৈ, ডিফু, দিছপুৰ, ডুমডুমা, দুধনৈ, দুলীয়াজান, গৌৰীপুৰ, গুৱাহাটী(পূব), গুৱাহাটী(পশ্চিম), গোৱালপাৰা(পশ্চিম), গহপুৰ, গোলাঘাট, গোলকগঞ্জ, হাইলাকান্দি, হাজো, হাওৰাঘাট, হোজাই, জলেশ্বৰ, যমুনামুখ, জোনাই, যোৰহাট, কলাইগাঁও, কলিয়াবৰ, কমলপুৰ, কাটলিচৰা, খুমটাই, লাহোৱাল, লক্ষীমপুৰ, লামডিং, মাহমৰা, মাজুলী, মঙ্গলদৈ, মানকাচৰ, মাৰ্ঘেৰিটা, মৰিয়নি, মাজবাট, নগাঁও, নাহৰকটীয়া, নলবাৰী, নাওবৈচা, পানেৰী, পাথেৰকান্দি, ৰহা, ৰঙাপৰা, ৰঙিয়া, ৰূপহীহাট , শদিয়া, চামগুৰি, সৰুপথাৰ, সৰুক্ষেত্ৰী, শিৱসাগৰ, সোণাৰী, চতিয়া, দক্ষিণ শালমাৰা, তামুলপুৰ , টীয়ক, তেজপুৰ, তিনিচুকীয়া, তিতাবৰ আৰু ওদালগুৰি।

লক্ষ্যণীয় যে সমষ্টিসমূহৰ বুনিয়াদী ক্ষেত্ৰৰ বিকাশৰ বাবে বিধায়কৰ স্থানীয় অঞ্চল পুঁজিৰ অধীনত অহা পুঁজি বিধায়কসকলে ব্যৱহাৰ কৰিব পাৰে। এম এল এ এল ডিৰ পুঁজি অনুমোদনৰ বাবে পূৰ্বৰ বৰ্যত লাঙ কৰা পুঁজি ব্যয়ৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব।

তথ্য অনুসৰি এতিয়ালৈকে ৰাজ্যৰ জিলা উপায়ুক্ত সকলে ২০১৭-১৮ আৰু ২০১৮-১৯ পুঁজি ব্যৱহাৰৰ প্ৰমাণ পত্ৰ দাখিল কৰা নাই ।নিয়ম অনুসৰি বুনিয়াদী ক্ষেত্ৰৰ বিকাশৰ বাবে বিধায়কসকলে বিধায়কৰ স্থানীয় অঞ্চল পুঁজিৰে নিজ নিজ সমষ্টিত উন্নয়নমূলক কাম-কাজ কৰিব লাগে। এই কাম-কাজৰ তত্বাৱধান তথা চোৱা-চিতা কৰিব লাগে সংশ্লিষ্ট জিলাৰ জিলা উপায়ুক্তই।

অন্য খবৰৰ বাবে পঢ়কঃ সাম্প্ৰদায়িকতা-নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৰ সংকল্প দিৱস পালন

ভিডিঅ প্ৰতক্ষ্য কৰকঃ State Health Department is prepared to counter novel coronavirus

Next Story
চাকৰি