Begin typing your search above and press return to search.

সাম্প্ৰদায়িকতা-নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৰ সংকল্প দিৱস পালন

সাম্প্ৰদায়িকতা-নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৰ সংকল্প দিৱস পালন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 March 2020 9:58 AM GMT

সাম্প্ৰদায়িকতা আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৰ সংকল্প দিৱস পালন। ধেমাজি জিলা ছাত্ৰ সন্থাই শুকুৰবাৰে ছিলাপথাৰত বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন, ২০১৯ বাতিল আৰু সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে সংকল্প দিৱস পালন কৰে ।

উল্লেখযোগ্য যে ২০১৭ত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ দাবীত এক নিৰ্দিষ্ট সম্প্ৰদায়ৰ নেতৃত্বত হোৱা সমদলৰ সময়ত দুৰ্বৃত্তই চিলাপথাৰৰ আঞ্চলিক ছাত্ৰ সন্থা কাৰ্যলয় আৰু ছহিদ বেদী ভাঙি চুৰ মাৰ কৰে ৷ তদুপৰি ড° ভূপেন হাজৰিকা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰো প্ৰতিমূৰ্তিৰো ক্ষতিসাধন কৰে ৷ ঘটনাটোৰ বিৰোধিতা কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, আছুৰ সাধাৰণ‌ সম্পাদক লুৰিণ জ্যোতি গগৈ, উপ সভাপতি চিত্ত ৰঞ্জন বসুমতাৰী, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, আৰু আন কৰ্মকৰ্তা সকলে সংকল্প দিৱস কাৰ্যসূচী ৰূপায়ন কৰে ৷

নাগৰিকত্ব সংশোধনী আইন আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ বিৰুদ্ধে আয়োজিত এখন সভাত অংশগ্ৰহণ কৰি আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।

ৰাজ্য চৰকাৰে চিলাপথাৰ আঞ্চলিপ ছাত্ৰ সন্থাৰ কাৰ্যালয় পুনৰ স্থাপন নকৰাৰ বাবে ভট্টাচাৰ্যই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে । তেওঁ ৰাজ্য‌ চৰকাৰক সকীয়নি প্ৰদান কৰি কয় যে যদিহে চৰকাৰে সাম্প্ৰদায়িকতা পৃষ্ঠপোষকতা নকৰে তেন্তে আছুৰ কাৰ্যালয় আৰু ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰিবলৈ দাবী জনায়। তেওঁ কয় যে অসমত সাম্প্ৰদায়িকতা আছুৱে কেতিয়াও সহ্য নকৰে ।

অানহাতে, লুৰিণজ্যোতি গগৈয়ে অনুপ্ৰবেশকাৰী প্ৰব্ৰজন ৰোধৰ বাবে চৰকাৰে কৰা হেমাহিত চৰকাৰৰ ক্ষোভ প্ৰকাশ কৰে। তেওঁ নাগৰিকত্ব সংশোধনী আইন‌ বাতিল কৰাৰ বাবে চৰকাৰক দাবী জনায় । এই প্ৰতিবাদী কাৰ্যসূচীত হেজাৰ হেজাৰ লোকে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে এই কাৰ্যসূচীত চিলাপথাৰৰ বামগাঁৱৰ মহিলা সমাজে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ৩০,০০০ টকা অৰ্পণ কৰে ।

অন্য খবৰৰ বাবে পঢ়কঃ ৰাজ্যিক বাজেটক আদৰণি বিভিন্ন চাহ সংস্থাৰ,ৰুগ্ন চাহ উদ্যোগক উজ্জীৱিত কৰাৰ আশা

ভিডিঅ প্ৰতক্ষ্য কৰকঃ State Health Department is prepared to counter novel coronavirus

Next Story
চাকৰি