Begin typing your search above and press return to search.

ৰাজ্যিক বাজেটক আদৰণি বিভিন্ন চাহ সংস্থাৰ,ৰুগ্ন চাহ উদ্যোগক উজ্জীৱিত কৰাৰ আশা

ৰাজ্যিক বাজেটক আদৰণি বিভিন্ন চাহ সংস্থাৰ,ৰুগ্ন চাহ উদ্যোগক উজ্জীৱিত কৰাৰ আশা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 March 2020 12:04 PM GMT

শুকুৰবাৰে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা আগন্তক ২০২০-২১ বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেটক আদৰণি জনাইছে ৰাজ্যৰ বিভিন্ন চাহ সংস্থাই। ১২৪৯ কোটি টকাৰ এই ঘাটি বাজেটে ৰাজ্যৰ চাহ উদ্যোগক বিশ্বৰ মানচিত্ৰত স্থান দিব বুলি এই সংগঠনসমূহে আশা প্ৰকাশ কৰিছে। বাজেটখনক উচ্চ প্ৰশংসা কৰা এই চাহ সংস্থাসমূসমূহৰ মাজত উত্তৰ-পূব চাহ সংস্থা(এন ই টি এ), অসম চাহ খেতিয়ক সংস্থাৰ যৌথ মঞ্চ(এ টি পি এ)আৰু ভাৰতীয় চাহ পৰিষদ আছে। এই সংস্থাসমূহে কয় যে উত্কৃষ্টমানৰ চাহ তথা অৰ্থ’ডক্স চাহৰ প্ৰতি কিলোগ্ৰামৰ বিপৰীতে সাত টকাকৈ ৰাজসাহায্য আগবঢ়াবলৈ লোৱাৰ কথা বাজেটত ঘোষণা কৰাটো আদৰণীয়।ইয়ে আন্তৰ্জাতিক বজাৰৰ সৈতে থকা অৰ্থ’ডক্স চাহৰ ব্যৱধান ৫০ শতাংশ দূৰ কৰিব বুলি কালি বাজেট বক্তৃতাত মন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে। লগতে তেওঁ চাহ উদ্যোগলৈ বিভিন্ন উদ্দীপনামূলক ভাট্টা আগবঢ়াবলৈ লোৱাৰ কথা প্ৰকাশ কৰে।এনে পদক্ষেপসমূহৰ জডিয়তে ৰাজ্যৰ চাহ উদ্যোগক বিশ্বৰ মানচিত্ৰত স্থান দিবলৈ চেষ্টা কৰিছে বুলি তেওঁ দাবী কৰে।সংকটত জৰ্জৰিত ৰাজ্যৰ চাহ উদ্যোগক লৈ বিত্তমন্ত্ৰীয়ে কৰা এই ঘোষণাৱলীক আদৰণী জনাইছে উত্তৰ-পূব চাহ সন্থাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে। অৱশ্যে অৰ্থ’ডক্স চাহৰ লগতে সকলো ধৰণৰ চাহৰ বাবে ৰাজসাহায্য আগবঢ়াবলৈ চৰকাৰক বৰকাকতিয়ে দাবী জনায় । তেওঁ কয়, “ গ্ৰীণ টী, হোৱাইট টী, পাৰ্পল টী, য়েল্ল টী, ওলং টী আদিকো ৰাজসাহায্য আওতালৈ অনাৰ ব্যৱস্থা কৰা উচিত”। আনহাতে, চাহ বাগিচা তথা চাহশ্ৰমিকসকলৰ কল্যাণৰ বাবে বাজেটত কৰা বিভিন্ন ঘোষণাৱলীক আদৰণি জনাইছে বিভিন্ন চাহ সংগঠনে। উল্লেখ্য কালি বাজেট বক্তৃতাত বিত্তমন্ত্ৰীয়ে কয় যে আগন্তক ২০২০-২১ বিত্তীয় বৰ্ষত সাত লাখ ২১ হেজাৰ ৪৮৫ চাহ শ্ৰমিকৰ একাউণ্টত তিনি হেজাৰ টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। তদুপৰি বাগিচা অঞ্চলসমূহৰ পথ নিৰ্মাণৰ লক্ষ্য লৈছে চৰকাৰে।বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বাবেও এই বাজেটত আঁচনি ঘোষণা কৰা হৈছে।এনেবাৰ আঁচনিয়ে ৰুগ্ন চাহ উদ্যোগক নতুনকৈ ঠন ধৰাই তুলিব বুলি চাহ সংগঠনসমূহে আশা প্ৰকাশ কৰিছে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰেও অসম চাহ উদ্যোগৰ উন্নয়নৰ বাবে কেতবোৰ পদক্ষেপ ঘোষণা কৰিছে। যোৱা মাহত অসমলৈ অহা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেতবোৰ পদক্ষেপৰ বিষয়ে সদৰী কৰে। একেদৰে ভাৰতীয় চাহ ব’ৰ্ডেও অসমৰ চাহ উদ্যোগৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশস্বৰূপে অলপতে চাহ ব’ৰ্ডে ওড়িছাত অসমৰ চাহৰ বিষয়ে প্ৰচাৰৰ এক কাৰ্যসূচী হাতত লয়।

অন্য খবৰৰ বাবে পঢ়কঃ ৰাজ্যিক বাজেটঃ কৃষক-মহিলা-চাহশ্ৰমিকৰ প্ৰত্যাশা পূৰণ হ’বনে

ভিডিঅ প্ৰতক্ষ্য কৰকঃ State Health Department is prepared to counter novel coronavirus

Next Story
চাকৰি