ৰাজ্যিক বাজেটঃ কৃষক-মহিলা-চাহশ্ৰমিকৰ প্ৰত্যাশা পূৰণ হ’বনে

ৰাজ্যিক বাজেটঃ কৃষক-মহিলা-চাহশ্ৰমিকৰ প্ৰত্যাশা পূৰণ হ’বনে

সৰ্বানন্দ সোণোৱাল চৰকাৰৰ চলিত কাৰ্যকালৰ অন্তিম পূৰ্ণাংগ বাজেটত অন্যান্যসকলৰ লগতে কৃষক, মহিলা আৰু চাহ শ্ৰমিকৰ বাবে একাধিক অভিলাসী তথা সন্মোহনী আঁচনি ঘোষণা কৰা হৈছে। আগন্তুক ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে ১২৪৯.৫০ কোটি টকাৰ ঘাটি বাজেট দাখিল কৰিলেও বাজেটখনত সমাজৰ সকলো শ্ৰেণীৰ লোককে মুগ্ধ কৰাৰ চেষ্টা কৰে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।বিধানসভা নিৰ্বাচনলৈ এবছৰ বাকী থকা অৱস্থাত সকলো শ্ৰেণীৰ লোককে সন্তুষ্ট কৰাৰ লক্ষ্যৰে এই পূৰ্ণাংগ বাজেট দাখিল কৰা হয়। শুকুৰবাৰে বিত্তমন্ত্ৰী কাৰ্যকালৰ পঞ্চমখন ৰাজ্যিক বাজেট বিধানসভাত উত্থাপন কৰি মন্ত্ৰী ডঃ শৰ্মাই বহু অভিলাসী আঁচনি ঘোষণা কৰে। কৃষক, মহিলা আৰু চাহ শ্ৰমিকসকলৰ বাবেও বিভিন্ন আঁচনি এই বাজেটত ঘোষণা কৰা হৈছে। সদনত দিয়া বাজেট বক্তৃতাত তেওঁ কয় যে মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোগানৰ বাবে প্ৰায় ২৫০কোটি টকা মুকলি কৰা হৈছে। তদুপৰি ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত ছয় লাখ কৃষকলৈ তিনিশ কোটি টকা মুকলিৰ লক্ষ্য লোৱা বুলি তেওঁ সদৰী কৰে।আনহাতে, ২০২০-২১ বিত্তীয় বৰ্ষত ৩.৫লক্ষ ভূমি স্বাস্থ্য পৰ্ণিকা বা ছয়ল হেলথ কাৰ্ড বিতৰণৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে। তদুপৰি মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত আগন্তক বিত্তীয় বৰ্যত ৮,৮৫০খন অতিৰিক্ত ট্ৰেক্টৰ বিতৰণৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে। এটা বছৰৰ গোটেই সময়ছোৱাত কৃষকে জলসিঞ্চনৰ সুবিধা লাভৰ বাবে ২০২০-২১ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে ডিজেল আৰু সৌৰশক্তিচালিত ৬৯,৪৫০টা অ-গভীৰ নলীনাদ স্থাপনৰ আঁচনি লৈছে।আনহাতে, আগন্তুক বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে কৃষি বিভাগলৈ মুঠ ১৫১কোটি টকা আৱণ্টনৰ প্ৰস্তাৱ দিছে বাজেটত। এনেদৰে ৰাজ্যৰ সমস্যাজৰ্জৰ কৃষকক সকাহ প্ৰদান অথবা কৃষিখণ্ডৰ উন্নয়ন সাধনৰ লক্ষ্য লৈছে।

ইপিনে, যুৱতী-মহিলাসকলক মুগ্ধ কৰাৰ উদ্দেশ্যৰেও একাধিক অভিলাসী আঁচনি আগন্তক বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেটত ঘোষণা কৰা হৈছে। বাজেট বক্তৃতাত মন্ত্ৰী ডঃ শৰ্মাই কয় যে নৱবিবাহিতা কন্যাক সোণ ক্ৰয়ৰ বাবে চৰকাৰে প্ৰদান কৰি অহা ধনৰ পৰিমাণ ৪০ হেজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে বিধৱা আৰু বিবাহ বিচ্ছেদিত মহিলালৈ মাহিলী ২৫০ টকাৰ পেঞ্চন প্ৰদানৰ প্ৰস্তাৱ বাজেটত উত্থাপন কৰা হৈছে। এনেদৰে যুৱতী-মহিলাসকলৰ মন আকৰ্ষণৰ চেষ্টা কৰা হৈছে। আনহাতে, নগদ ধনেৰে চাহ শ্ৰমিকসকলক আকৃষ্ট কৰা চেষ্টা কৰা হৈছে। বাজেট বক্তৃতাত বিত্তমন্ত্ৰীয়ে কয় যে সাত লাখ ২১ হেজাৰ ৪৮৫ চাহ শ্ৰমিকৰ একাউণ্টত তিনি হেজাৰ টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। তদুপৰি বাগিচা অঞ্চলসমূহৰ পথ নিৰ্মাণৰ লক্ষ্য লৈছে চৰকাৰে।বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বাবেও এই বাজেটত আঁচনি ঘোষণা কৰা হৈছে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Rise in cattle smuggling: AJYCP blocks National Highway 31 in Barpeta’s Hauli

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com