ৰাজ্যিক বাজেট বিশ্লেষণঃ কি আছে ২০ লক্ষ নিবনুৱাৰ বাবে

ৰাজ্যিক বাজেট বিশ্লেষণঃ কি আছে ২০ লক্ষ নিবনুৱাৰ বাবে

এক তথ্য অনুসৰি সম্প্ৰতি ৰাজ্যত নিবনুৱাৰ সংখ্যা কমেও ২০ লাখ। অসম বিধানসভাত পূৰ্বে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এনে এক তথ্য প্ৰকাশ কৰিছিল। স্বাভাৱিকতে এই তথ্যই ৰাজ্যৰ জ্বলন্ত নিবনুৱা সমস্যাৰ এক ছবি ফুটাই তোলে।কৃষি আৰু ঔদ্যোগিককৰণৰ ক্ষেত্ৰত দেশৰ আন বহু ৰাজ্যৰ তুলনাত অসম পিছ পৰি ৰোৱাৰ ফলত নিবনুৱা সমস্যাই এনে জটিল ৰূপ ধাৰণ কৰা বুলি চৰ্চা হৈ আছে।আনহাতে, শুকুৰবাৰে বিধানসভাত পাঠ কৰা বাজেট বক্তৃতাত ৰাজ্যৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে ২০১৬-১৭ৰ পৰা সোণোৱাল চৰকাৰে ২০১৯-২০ বিত্তীয় বৰ্ষলৈ ৩৭ হেজাৰ যুৱক-যুৱতীক চৰকাৰী খণ্ডত স্থায়ী নিযুক্তি সক্ষম হয়।

তদুপৰি বিগত চাৰি বছৰত ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ, মজলীয়া তথা বৃহত্ উদ্যোগত ৰাজ্যৰ দুই লক্ষাধিক যুৱক-যুৱতীয়ে প্ৰত্যক্ষ নিযুক্তি লাভ কৰে। মন্ত্ৰীজনৰ মতে, এই চাৰি বছৰত ২,৩৪,৯৩২গৰাকী যুৱক-যুৱতীয়ে ঔদ্যোগিক খণ্ডত প্ৰত্যক্ষ নিযুক্তি লাভ কৰে। আনহাতে, আগন্তক ২০২০-২১ত ৰাজ্য চৰকাৰে চৰকাৰী খণ্ডত ৫৫ হেজাৰ যুৱক-যুৱতীক নিযুক্তিৰ লক্ষ্য লৈছে। গতিকে চৰকাৰী চাকৰিৰ বাবে অপেক্ষাৰত বহু যুৱক-যুৱতী হতাশ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে চৰকাৰে কৃষিখণ্ড আৰু পৰ্যটন খণ্ডৰ উন্নয়নৰ উদ্দেশ্য কেতবোৰ পদক্ষেপ গ্ৰহণ কৰি নিবনুৱা যুৱক-যুৱতীক স্ব-নিয়োজনৰ সুবিধা দিয়াৰ লক্ষ্য লৈছে। কালি বাজেট বক্তৃতাত বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে যে আগন্তক ২০২০-২১ বিত্তীয় বৰ্ষত কৃষকৰ মাজত অতিৰিক্ত ৮,৫৫০খন ট্ৰেক্টৰ বিতৰণৰ লক্ষ্য লোৱা হৈছে।

তদুপৰি চলিত বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত ছয় লাখ কৃষকলৈ তিনিশ কোটি টকা মুকলিৰ লক্ষ্য চৰকাৰে লোৱা বুলি তেওঁ ঘোষণা কৰে।একেদৰে পৰ্যটন খণ্ডৰ উন্নয়ন তথা বিকাশৰ উদ্দেশ্যে চৰকাৰে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। এনে পদক্ষেপৰ অন্যতম হিচাপে মাজুলীত হোটেল নিৰ্মাণ, কামাখ্যত ৰপৱে বা ৰজ্জু পথ নিৰ্মাণ আদি আঁচনি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বুলি বাজেট বক্তৃতাত বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে।এনেদৰে এইসমূহ স্থানলৈ দেশী-বিদেশী পৰ্যটকক আকৰ্ষণৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ জড়িয়তে যুৱক-যুৱতীক স্ব-নিয়োজনৰ সুবিধা প্ৰদানৰ লক্ষ্য লৈছে চৰকাৰে। তদুপৰি লক্ষাধিক যুৱক-যুৱতীৰ দক্ষতা উন্নয়ন কাৰ্যসূচীও চৰকাৰে গ্ৰহণ কৰিছে।দক্ষতা বিকাশৰ জড়িয়তে যুৱক-যুৱতীসকলক নিয়োগৰ উপযোগী কৰি তোলাৰ আঁচনি লৈছে চৰকাৰে। উল্লেখ্য যে ২০১২ত ৰাজ্যত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত টে’টত উত্তীৰ্ণ বহু হেজাৰ শিক্ষকৰ পদ সাত বছৰৰ ভিতৰত স্থায়ী নহ’ল। ২০১৬ৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে চাকৰি নিয়্ষমীয়াকৰণৰ প্ৰতিশ্ৰতি দিছিল যদিও এই প্ৰতিশ্ৰতি পূৰণত মিত্ৰজোঁট চৰকাৰ ব্যৰ্থ হয়। অলপতে ফলাফল ঘোষিত প্ৰাথমিক আৰু উচ্চ মাধ্যমিকৰ টে’টতো বহু হেজাৰ যুৱক-যুৱতী উত্তীৰ্ণ হয়। ইতিমধ্যে এইসকলক চাকৰিৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com