ব্ৰেকিং নিউজ শীৰ্ষ বাতৰি

বাজেট অধিবেশন: বাজেট বক্তৃতাত ৰাজ্যৰ প্ৰচুৰ উন্নয়নৰ দাবী বিত্তমন্ত্ৰী শৰ্মাৰ

বাজেট

বাজেট অধিবেশন:বাজেট বক্তৃতাত ৰাজ্যৰ প্ৰচুৰ উন্নয়নৰ দাবী বিত্তমন্ত্ৰী শৰ্মাৰ

 

শুকুৰবাৰে বিধানসভাত ২০২০-২১ চনৰ ৰাজ্যিক বাজেট দাখিল কৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাজেট বক্তৃতাত বিত্ত মন্ত্ৰী ডঃ শৰ্মাই দাঙি ধৰা উন্নয়নৰ খতিয়ানৰ মূল অংশসমূহঃ

  • ৰাজ্যিক ঘৰুৱা উত্পাদন (এছ জি ডি পি)বৃদ্ধিঃ ২০১৬-১৭ৰ পৰা ৰাজ্যৰ বাৰ্ষিক গড় উন্নয়নৰ হাৰ ২০১৯-২০লৈ ১২.৩৮ শতাংশ। ৰাষ্ট্ৰীয় গড়তকৈ অধিক। চৰকাৰী পুঁজি ব্যয়ৰ পৰিমাণ ২০১৮-১৯ত ৭০ হেজাৰ কোটি টকাৰ অধিক। ৰাজ্যিক কৰ্মচাৰীক ৰাজ্যিক ৰাজহৰ পৰা সাত মাহ ন-দিনৰ দৰমহা।২০১৫-১৬ত ছমাহ ১০ দিনৰ আছিল। চৰকাৰী ৰাজহুৱা ব্যয় বিগত তিনি বছৰত ৭০ শতাংশ বৃদ্ধি।
  • স্বাস্থ্য খণ্ডঃ  ২০২০-২১ ৰ পৰা চাংসাৰিৰ এইমছত পাঠদান আৰম্ভ হ’ব। চিকিত্সকৰ অৱসৰৰ সময় বৃদ্ধি। ভ্ৰাম্যমাণ চিকিত্সা গোটৰ সংখ্যা ৫০-ৰ পৰা ১৩০লৈ বৃদ্ধি কৰা হৈছে। ভ্ৰাম্যমাণ চিকিত্সা গোটৰ দ্বাৰা ৪৪৫খন বাগিচাক সামৰি লোৱা হৈছে।অটল অমৃত অভিযানৰ অধীনত ৮১,৩৭০ গৰাকী আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ১,০৩, ১৮৪গৰাকী ৰোগীক চিকিত্সাৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিষ্ঠানিক প্ৰসৱৰ সংখ্যা ২০১৫-১৬ৰ ৭০.৬ শতাংশৰ পৰা ২০১৯-২০ত ৯১ শতাংশলৈ বৃদ্ধি। প্ৰসূতি মৃত্যুৰ হাৰ ২৬.৬৭ শতাংশ আৰু শিশুৰ মৃত্যুৰ হাৰ ৬.৩৮ শতাংশ হ্ৰাস পাইছে।
  •  শিক্ষাখণ্ডঃ দৰিদ্ৰ পৰিয়ালৰ ১,১৬,১৯১গৰাকী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া শিক্ষাৰ সুবিধা। ২০১৯-২০ত নৱম শ্ৰেণীত শিক্ষা আধৰুৱা কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১.৩শতাংশলৈ সীমিতকৰণ।
  • কৃষিখণ্ডঃ অসম কৃষক ঋণ ৰাজসাহায্য আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে ২০১৮ত ২৫ শতাংশ ৰাজসাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে।২০১৯ৰ ডিচেম্বৰলৈ উক্ত আঁচনিৰ অধীনত ১, ১৫, ৩০২ গৰাকী হিতাধিকাৰী উপকৃত হৈছে।শস্য ঋণৰ ক্ষেত্ৰত ৩ শতাংশ সুদ ৰেহাই দিয়া হৈছে। ইয়াৰ দ্বাৰা ১,০১,৬৩৪গৰাকী হিতাধিকাৰী উপকৃত হৈছে।৬৫,৪৫২ গৰাকী কৃষকক কিষাণ ক্ৰেডিট কাৰ্ডৰ অধীনলৈ উভতাই অনা হৈছে। মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোগানৰ বাবে প্ৰায় ২৫০কোটি টকা মুকলি। চলিত বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত ছয় লাখ কৃষকলৈ তিনিশ কোটি টকা মুকলিৰ লক্ষ্য।
  • নিযুক্তিঃ ২০১৬-১৭ৰ পৰা ৩৭ হেজাৰ যুৱক-যুৱতীক চৰকাৰী খণ্ডত স্থায়ী নিযুক্তি।তদুপৰি বিগত চাৰি বছৰত ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ, মজলীয়া তথা বৃহত্ উদ্যোগত ৰাজ্যৰ ২,৩৪,৯৩২গৰাকী যুৱক-যুৱতীয়ে প্ৰত্যক্ষ নিযুক্তি লাভ কৰিছে। আনহাতে, ২০২০-২১ত ৫৫ হেজাৰ যুৱক-যুৱতীক নিযুক্তিৰ লক্ষ্য।
  • পথ যোগাযোগঃ বিগত চাৰি বছৰত ৰাজ্যত ২২০খন নতুন পকী দলং নিৰ্মাণ। ৩৩৫খন কাঠৰ দলঙক পকী দলঙলৈ ৰূপান্তৰ
  • দৰিদ্ৰ লোকৰ গৃহ নিৰ্মাণঃ ২০১৮-১৯ত প্ৰধানমন্ত্ৰী আৱাস(গ্ৰামীণ)যোজনাৰ অধীনত দৈনিক ৩৯৭টাকৈ গৃহ নিৰ্মাণ কৰা হৈছে। উক্ত আঁচনিৰ অধীনত বিগত চাৰি বছৰত ৫.১৯লাখ গৃহ নিৰ্মাণ।
  • বিদ্যুত্ সংযোগঃ বিগত চাৰি বছৰত ৰাজ্যৰ ৬৬.৬৬ লাখ ঘৰ অৰ্থাত্ এশ শতাংশ গৃহস্থী ঘৰলৈ বিদ্যুত সংযোগ।ৰাজ্যৰ ২৫ হেজাৰ গাঁওলৈ বিদ্যুত য়োগান।২৮,৪৩৭টা নতুন ট্ৰান্সফৰ্মাৰ স্থাপন
  • খোৱাপানী যোগানঃ  ৰাজ্যৰ ১.৪লাখ গৃহস্থী ঘৰক খোৱাপানী যোগানৰ নলীৰে সংযোগ। ৩২.৬৬ লাখ ঘৰক শৌচাগাৰ যোগান।
  • ইণ্টাৰনেট যোগাযোগঃ অসমত ইণ্টাৰনেটৰ গ্ৰাহক বৃদ্ধিক সোণোৱাল চৰকাৰৰ অন্যতম সফলতা আখ্যা বিত্তমন্ত্ৰীৰ। ২০১৫ত অসমত ইন্টাৰনেট গ্ৰাহকৰ সংখ্যা আছিল ৫৪লাখ ৷ সম্প্ৰতি ৰাজ্যত ইন্টাৰনেট গ্ৰাহকৰ সংখ্যা ১.১৫ কোটি হৈছে৷ ডঃ শৰ্মাই লগতে কয়, “ ২০১৫ত অসমত ম’বাইল ফোনৰ ১.৭ কোটি গ্ৰাহক আছিল ৷ ২০১৯ত ৰাজ্যত ম’বাইল ফোনৰ গ্ৰাহকৰ সংখ্যা ২.৩ কোটি হৈছে ৷”

 

অন্য খবৰৰ বাবে পঢ়ক:  সংখ্যা নহয়, গুণগত মানৰক্ষালৈ সলনি হ’ব গড়কাপ্টানীৰ দৃষ্টিঃ মন্ত্ৰী শৰ্মা

ভিডিঅ প্ৰতক্ষ্য কৰক: Ex-AAGSU president Prem Tamang joins BJP