Begin typing your search above and press return to search.

সংখ্যা নহয়, গুণগত মানৰক্ষালৈ সলনি হ’ব গড়কাপ্টানীৰ দৃষ্টিঃ মন্ত্ৰী শৰ্মা

সংখ্যা নহয়, গুণগত মানৰক্ষালৈ সলনি হ’ব গড়কাপ্টানীৰ দৃষ্টিঃ মন্ত্ৰী শৰ্মা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 March 2020 8:31 AM GMT

সংখ্যা নহয়, গুণগত মানৰক্ষালৈ সলনি হ’ব গড়কাপ্টানীৰ দৃষ্টিঃ মন্ত্ৰী শৰ্মা

পথ নিৰ্মাণৰ সংখ্যাক নহয়, এতিয়াৰে পৰা গুণগত মান ৰক্ষা কৰি পথ নিৰ্মাণত গুৰুত্ব দিব ৰাজ্যিক গড়কাপ্টানী বিভাগে। এই দাবী বিভাগীয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। চলিত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থ দিনা বৃহস্পতিবাৰে মন্ত্ৰী ডঃ শৰ্মাই কয় যে এতিয়াৰে পৰা তেওঁৰ বিভাগে পথ নিৰ্মাণৰ ক্ষেত্ৰত সংখ্যাত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে পথ নিৰ্মাণত গুণগত মান ৰক্ষাতহে গুৰুত্ব আৰোপ কৰিব। এনেদৰে বিভাগে দৃষ্টিভংগী সলনি কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে বিভাগে ঠিকাদাৰসকলৰ কামৰ মান উন্নত কৰাত মুখ্যতঃ গুৰুত্ব আৰোপ কৰিব। পথ নিৰ্মাণৰ বাবে চৰকাৰৰ পুঁজিৰ অভাৱ ঘটা নাই বুলি দাবী কৰি মন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে ৰাজ্যৰ সকলো বিদ্যালয় আৰু হাস্পতাল সংযোগী পথসমূহ উন্নত কৰা হ’ব।

২০১৯-২০ৰ বাবে গড়কাপ্টানী বিভাগলৈ পৰিপূৰক পুঁজি যোগানৰ এক বিতৰ্কত অংশ লৈ বিত্তকে ধৰি কে’বাটাও গুৰুত্বপূৰ্ণ দায়িত্বত থকা মন্ত্ৰীজনে এনেবোৰ তথ্য উল্লেখ কৰে। তেওঁ কয়, “ভাল কাম কৰা থলুৱা ঠিকাদাৰ গঢ়ি তোলাৰ বাবে বৰ্তমানৰ সময়েই হৈছে সবাতোকৈ উপযুক্ত সময়। এনে কিছুসংখ্যক স্থানীয় ঠিকাদাৰ সৃষ্টিত গুৰুত্ব দিয়া হ’ব, যিসকলে উত্সৰ্গিত মানসিকতাৰে কাম কৰে। কিমান পথ নিৰ্মাণ কৰা হ’ল তাক লৈ নহয়, কেনে গুগগতমান ৰক্ষা কৰি পথ নিৰ্মাণ কৰা হৈছে তাৰ প্ৰতি দৃষ্টি দিয়াৰ প্ৰয়োজন হৈছে”। অসমত ভাল কাম কৰা কমেও পাঁচশ স্থানীয় ঠিকাদাৰ আছে বুলি মন্থব্য কৰি ডঃ শৰ্মাই আকৌ কয় যে আগন্তক কিছু বছৰত গড়কাপ্টানী বিভাগে প্ৰায় ৫৩হেজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰিব লাগিব।

এইক্ষেত্ৰত ৰাজ্যৰ চিভিল অভিযন্তাসকলে পেচাদাৰী মানসিকতা গঢ় লাগিব বুলি তেওঁ মতপোষণ কৰে। মন্ত্ৰী ডঃ শৰ্মাই এইবুলিও কয় যে আগন্তক সময়ত দক্ষ আৰু নিষ্ঠাবান ঠিকাদাৰ সৃষ্টিৰ বাবে প্ৰয়োজন সাপেক্ষে গড়কাপ্টানী বিভাগে এটা পাঠ্যক্ৰমৰ সংযোজন ঘটাব লাগিব। বিভাগীয় কামৰ ক্ষেত্ৰত দৃষ্টিভংগী সলনিৰ পোষকতা কৰি মন্ত্ৰীজনে আৰু কয়, “ নিৰ্মাণ কৰা পথত ৰূপালী ৰেখা অংকণ আৰু ছাইড বাম নিৰ্মাণতো এতিয়াৰে পৰা ঠিকাদাৰসকলে গুৰুত্ব আৰোপ কৰিব লাগিব।তদুপৰি এক মানসম্পন্ন পথ নিৰ্মাণৰ নীতি-নিৰ্দেশনাসূচীও প্ৰস্তুত কৰা হ’ব। লগতে তৃতীয় পক্ষৰ দ্বাৰা পথ নিৰ্মাণৰ কাম নিৰীক্ষণ কৰা এক ব্যৱস্থাও গঢ়ি তোলা হ’ব। কামৰ মান উন্নত কৰাৰ উদ্দেশ্য এনে আঁচনি হাতত লোৱা হৈছে”।

অন্য খবৰৰ বাবে পঢ়ক: কৃষি বিভাগত দুটা বিয়াগোম কেলেংকাৰিঃ চি আই ডিক গোচৰ এপিডব্লিউৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Ex-AAGSU president Prem Tamang joins BJP

Next Story
চাকৰি