কৃষি বিভাগত দুটা বিয়াগোম কেলেংকাৰিঃ চি আই ডিক গোচৰ এপিডব্লিউৰ

কৃষি বিভাগত দুটা বিয়াগোম কেলেংকাৰিঃ চি আই ডিক গোচৰ এপিডব্লিউৰ

কৃষি বিভাগত দুটা বিয়াগোম কেলেংকাৰিঃ চি আই ডিক গোচৰ এপিডব্লিউৰ

ৰাজ্যৰ কৃষি বিভাগত দুটা বিয়াগোম কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ(চি আই ডি)-ৰ দ্বাৰস্থ হৈছে আছাম পাব্লিক ৱকৰ্ছ। সংগঠনটোৱে অভিযোগ কৰা অনুসৰি দুবছৰ পূৰ্বে কৃষি বিভাগত কেলেংকাৰি দুটা সংঘটিত হয়। প্ৰচলিত নীতি-নিয়ম উলংঘা কৰি বিভাগটোৱে দৰিদ্ৰ কৃষকৰ কল্যাণাৰ্থে আৱণ্টিত বিপুল অংকৰ ধনৰ অপব্যৱহাৰ কৰে বুলি এ পি ডব্লিউৱে অভিযোগ কৰিছে। সংগঠনটোৰ মতে, কেলেংকাৰি দুটা সংঘটিত হয় ২০১৮-১৯ত। ইয়াৰে এটা কেলেংকাৰি কৃষকক যোগানৰ অৰ্থে জৈৱ সাৰ সংগ্ৰহৰ ক্ষেত্ৰত আৰু আনটো প্ৰজেক্টৰ যোগানৰ ক্ষেত্ৰত। ২০১৮-১৯ত বিভাগে ৰাজ্যৰ দৰিদ্ৰ কৃষকসকলক ভি এ এম নামৰ এক জৈৱ সাৰ যোগানৰ আঁচনি লয়। এই সাৰ যোগানৰ ঠিকা লাভ কৰে দক্ষিণ ভাৰতৰ এটা কোম্পানীয়ে। সেই অনুসৰি পাঁচ কিলোগ্ৰামকৈ ওজনৰ একোটা মোনাত প্ৰতিষ্ঠানটোৱে এই সাৰ যোগান ধৰে। কিন্তু প্ৰতিষ্ঠানটোৱে যোগান ধৰা এনে মোনাত সাৰৰ পৰিৱৰ্তে নৈৰ বালিহে উদ্ধাৰ হয় বুলি আছাম পাব্লিক ৱকৰ্ছে অভিযোগ কৰিছে। যোৱা মাহত এই অনিময়ৰ বিৰুদ্ধে সংগঠনটোৱে চি আই ডিক এজাহাৰ দাখিল কৰে। এ পি ডব্লিউৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে প্ৰকাশ কৰা অনুসৰি সংগঠনটোৰ কৰ্মীয়ে উক্ত প্ৰতিষ্ঠানে যোগান ধৰা সাৰৰ নমুনা সংগ্ৰহ কৰে। ইয়াৰ জড়িয়তে প্ৰতিষ্ঠানটোৱে জৈৱ সাৰৰ নামত নৈৰ বালি যোগান ধৰাৰ কথা জানিব পাৰে। পাছত এনে নমুনা কৃষি বিভাগৰ যুটীয়া সঞ্চালকক দাখিল কৰি সংগঠনটোৱে অভিয়োগ দিয়ে। তেতিয়া এনে পাঁচ কিলোগ্ৰামৰ একোটা মোনাত কেৱল বালি থকাৰ কথা যুটীয়া সঞ্চালকে মানি লয়। তাৰ পাছতে এ পি ডব্লিউৱে বিভাগৰ সঞ্চালকক জৈৱ সাৰৰ নামত যোগান ধৰা বালিৰ নমুনা দাখিল কৰি অনিয়মটোৰ তদন্ত দাবী কৰে। এই তদন্ত দাবী কৰি কৃষি সঞ্চালকক সংগঠনটোৱে যোৱা বছৰৰ তিনি ডিচেম্বৰত স্মাৰকপত্ৰ দাখিল কৰে। পাছত এ পি ডব্লিউৱে চি আই ডিক দিয়া অভিযোগত কোৱা হৈছে যে বিভাগটোৱে জৈৱ সাৰৰ নামত ৰাজ্যৰ দৰিদ্ৰ কৃষকক নৈৰ বালি বিতৰণ কৰে। এনেদৰে বিভাগটোৱে কৃষকসকলক বঞ্চনা কৰাই নহয়, তেওঁলোকৰ কৃষি ভূমিৰ গুণাগুণ নষ্ট কৰিলে।পাছত এ পি ডব্লিউৱে যোৱা ১০ ফেব্ৰুৱাৰীত কৃষি বিভাগৰ সঞ্চালকক পুনৰ স্মাৰকপত্ৰ দাখিল কৰি এই বৃহত্ অনিয়মৰ তদন্ত দাবী কৰে যদিও বিভাগটোৰ এই পৰ্যন্ত গা নলৰিল। সেয়েহে এ পি ডব্লিউ চি আই ডিৰ দ্বাৰস্থ হৈছে। আনহাতে, ২০১৮-১৯তে বিভাগটোত সংঘটিত প্ৰজেক্টৰ যোগানত কেলেংকাৰি সম্পৰ্কত এ পি ডব্লিউৰ সাধাৰণ সম্পাদক তালুকদাৰে অভিযোগ কৰা অনুসৰি প্ৰজেক্টৰ যোগানৰ ঠিকা লাভ কৰা প্ৰতিষ্ঠানে পৰীক্ষা-নিৰীক্ষা নকৰাকৈয়ে প্ৰজেক্টৰ যোগান ধৰি বৃহত্ অনিয়ম সংঘটিত কৰে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Ex-AAGSU president Prem Tamang joins BJP

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com