কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯০ শতাংশ আৰু পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ ৮৫ শতাংশ পানীৰ তলত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯০ শতাংশ আৰু পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ ৮৫ শতাংশ পানীৰ তলত
Published on

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা বন্যজীৱ অভয়াৰণ্যখনত সম্প্ৰতি বানৰ তাণ্ডৱ ৷কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৯০ শতাংশ আৰু পবিতৰাৰ প্ৰায় ৮৫ শতাংশ অঞ্চলত সম্প্ৰতি পানীৰ তলত ৷যাৰ কাৰণে সম্প্ৰতি বন্য প্ৰাণীৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো পানী তলত ৷ যাৰ কাৰণে ৰাষ্ট্ৰীয় ঘাইপথটোত বাহন চলাচলত প্ৰতিবন্ধকতা লগোৱা হৈছে।

ইফালে বানৰ কাৰণে ১৭ টা জীৱ জন্তুয়ে প্ৰাণ ত্যাগ কৰিছে ৷ইয়াৰে ৯টা হৰিণা,দুটা অন্যান্য জন্তু পানীত ডুব যোৱাৰ কাৰণে আৰু ছটা অন্য কাৰণত মৃত্যু বৰণ কৰিছে ৷ ইফালে কাজিৰঙাৰ বহু জীৱ জন্তু খাদ্যৰ কাৰণে উদ্যানখনৰ ওখ ঠাইসমূহত আশ্ৰয় লৈছে। লগত বানৰ কাৰণে বহু জীৱ জন্তুয়ে খাদ্যৰ অভাৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি পাহাৰলৈ যাত্ৰা কৰিছে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নিৰাপত্তা খাতিৰত মুঠ ১৯৯ টা বন শিবিৰ আছে যদিও বৰ্তমান প্ৰলয়ংকাৰী বাপানীত ১৫৮ টা বন শিবিৰ জলমগ্ন হৈছে ৷ইয়াৰে অগৰাতলি বনাঞ্চলৰ অধীনত ৩৭ টা,কহঁৰাত সৰ্বাধিক ৫০, বাগৰিত ৩৯ টা,বুঢ়াপাহাৰত ১২ টা,বোকাখাত খ বন কাৰ্যালয়ৰ অধীনত ১৭ টা বন শিবিৰৰ তলত পানী সোমাইছে।

আনহাতে কাজিৰঙা বানপানীয়ে ভযানক ৰূপ ধাৰণ কৰাত বনকৰ্মীৰ সুৰক্ষাৰ কথা চিন্তা কৰি ইতিমধ্যে ১২ বন শিবিৰ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে ৷ মুখ্যমন্ত্ৰী সোনোৱালৰ বন্য প্ৰাণীৰ ক্ষেত্ৰত সুৰক্ষা কৰিবলৈ সকলোকে নিৰ্দেশ দিয়াৰ পিছত মন্ত্ৰী নৱ কুমাৰ দলে সোমবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰে৷

ৰাজ্যৰ লগতে কাজিৰঙাত বানে চলোৱা সংহাৰত আক্ৰান্ত হোৱা বন্য জীৱ জন্তুসমূহক চিকাৰীৰৰ পৰা ৰক্ষা কৰোৱাতো এক বৃহৎ প্ৰত্যাহ্বান ৰূপে পৰিগণিত হৈছে ৷ ইফালে পবিতৰা অভয়াৰণ্যক সংলগ্ন কৰা পথটো সম্প্ৰতি জলমগ্ন হৈ পৰিছে ৷ অৱশ্যে অভয়াৰণ্যখনত এতিয়াও কোনো জীৱ জন্তুৰ প্ৰাণ হানি হোৱাৰ তথ্য লাভ কৰা নাই যদিও জলস্তৰ এতিয়াও বৃদ্ধি হৈয়ে আছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com