Begin typing your search above and press return to search.

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ কাৰণে প্ৰস্তুতি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ কাৰণে প্ৰস্তুতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 July 2019 7:15 AM GMT

গোলাঘাট জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সম্প্ৰতি বানৰ কাৰণে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে৷ ৰাজ্যত হোৱা মূষলধাৰা বৰষুণৰ কাৰণে ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷ এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত কাঙিৰঙা উদ্যানখন মে’ত পৰ্যটকসকলৰ কাৰণে বন্ধ হৈ যায় কাৰণ কাঙিৰঙা অভয়াৰণ্যৰ কৰ্তৃপক্ষই জুন মাহৰ পিছত বানৰ কাৰণে পূৰ্ব প্ৰস্তুতি আৰম্ভ কৰে ৷ আৰু নৱেম্বৰৰ পৰা পুনৰ উদ্যানখন মুকলি কৰে। পি শিৱ কুমাৰ নামৰ উদ্যানখনৰ পৰিচালকৰ মত অনুসৰি আমি বানৰ কাৰণে সাজু হৈছো ৷

আমি উদ্যানৰ ভিতৰৰ ২০০ টা ওখ ঠাই মেৰামতি কৰা হৈছে ৷যাতে উদ্যানখনৰ জীৱ জন্তুসমূহে আশ্ৰয় ল’ব পাৰে । ইফালে এনজিঅ’, উদ্যান আৰু কাষৰীয়া গাঁৱৰ স্থানীয় বাসিন্দাসকলৰ লগত সকলোৱে একত্ৰিত হৈ এখন বৈঠক অনুষ্ঠিত কৰে ৷ যাতে সকলো জীৱ জন্তুক আশ্ৰয় দি বানৰ কবলৰ পৰা ৰক্ষা কৰিব পাৰি ৷

কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ নদী বিপদ সীমা অতিক্ৰম কৰিছে ৷ ইয়াৰ লগতে নিমাতীঘাট আৰু শোনিতপুৰ জিলাৰ জিয়া ভৰালী নদীৰ নদীয়ে কিছু অঞ্চলত বানপানী সৃষ্টি কৰিছে ৷ পৰিচালক পি শিৱ কুমাৰে লগতে উদ্যানখনত অনতি পলমে জলমগ্ন হোৱাৰ কথা ব্যক্ত কৰে ৷ অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ কাৰণে কাঙিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পানী সোমাব পাৰে।

গতিকে বানপানী প্ৰতিৰোধ কৰিব লগা সকলো সাৱধানতা লোৱা হৈছে বুলি প্ৰকাশ কৰে পৰিচালক পি শিৱ কুমাৰে। অন্যহাতে এগৰাকী জেষ্ঠ্য বিষয়াই কয় যে, আমি ৰাষ্ট্ৰীয় ঘাই পথত যান বাহনৰ গতিত প্ৰতিবন্ধকতা আৰোপ কৰিবলৈ আৰম্ভ কৰিছে ।জখলাবন্ধাৰ পৰা নুমলীগড়ৰ এই অঞ্চলত বাহনৰ গতি প্ৰতিঘন্টাত ৪০ কিলোমিটাৰ কৰিবলৈ নিৰ্দেশ দিছে ৷ যাতে পথত কোনো ধৰণৰ জীৱ জন্তুৰ ক্ষতি নহয় ৷

ইফালে,ৰাজ্যত বানৰ প্ৰকোপ বৃদ্ধি হোৱাৰ সময়ত উদ্যানৰ জীৱ জন্ত সমূহ ওখ ঠাই বিছাৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হয়। এক বিশেষ তথ্য অনুসৰি ২০১৭ চনৰ বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৩৬০ তকৈ অধিক জীৱ জন্তু বানত কবলত পৰে। ইয়াৰে ৩১ টা আছিল গড় ৷

অন্য খবৰৰ বাবে পঢ়ক: কাজিৰঙাত সংৰক্ষন শিক্ষা পৰিযোজনা আৰম্ভ

Next Story
চাকৰি