অবিশ্বাশ্য : ৯৫ বছৰীয়া মৃত মহিলা উঠি বহিল, পুৱাৰ আহাৰ গ্ৰহন কৰিলে, পুনৰ মৃত্যু হয়

অবিশ্বাশ্য : ৯৫ বছৰীয়া মৃত মহিলা উঠি বহিল, পুৱাৰ আহাৰ গ্ৰহন কৰিলে, পুনৰ মৃত্যু হয়
Published on: 

এক অবিশ্বাস্য ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশত । বিশ্বৰ বিভিন্ন প্ৰান্তত মৃত বুলি ঘোষণা কৰা ব্যক্তি পুনৰ উঠি বহা ঘটনা সংঘটিত হৈছে । কিন্তু তাতোকৈও এক অবিশ্বাস্য ঘটনা সংঘটিত হল এইবাৰ মধ্য প্ৰদেশত। মধ্য প্ৰদেশত এগৰাকী মহিলা মৃত্যু হোৱাৰ পাছত পুনৰ জীয়াই উঠে । তাৰ পিছত মহিলা গৰাকীয়ে পৰিয়ালৰ লগত আহাৰ গ্ৰহণ কৰে আৰু কিছু সময়ৰ পাছত পুনৰ মৃত্যু হয়। অবিশ্বাস্য হলেও সত্য ।

মধ্য প্ৰদেশৰ এটা পৰিয়ালত হিৰাবাই প্ৰজাপতি নামৰ ৯৫ বছৰীয়া এগৰাকী মহিলা বুধবাৰে পুৱা মৃত্যু হৈছিল। মৃত্যুৰ খবৰ গম পাই পৰিয়ালে কন্দা কটা আৰম্ভ কৰে। শোকাকুল পৰিবেশৰ মাজতে পৰিয়ালৰ লোকে শেষকৃত সম্পন্ন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰে। যেতিয়াই মহিলা গৰাকীক মাটিত শোৱাই দিয়ে। তাৰ পাছতে সকলোকে হতস্বকিত কৰি মৃতদেহটোৱে লৰ-চৰ কৰিবলৈ আৰম্ভ কৰে । তাৰ অলপ সময়ৰ পাছতে ৯৫ বছৰীয়া মহিলা গৰাকীৰ পুনৰ উশাহ ঘূৰি আহে । তাৰ পাছতে মহিলা গৰাকীয়ে চকু মেলে আৰু উঠি বহে ।

হিৰাবাই উঠি বহাৰ পিছত সকলো আচৰিত হয় যদিও লোকসকলে এনেকুৱা আচৰণ কৰে যে, তেওঁৰ একো হোৱাই নাছিল । তাৰ পিছত মহিলা গৰাকীয়ে সকলোৰে সৈতে পুৱাৰ আহাৰ গ্ৰহণ কৰে । পৰিয়ালৰ সৈতে প্ৰায় ডেৰ ঘন্টা সময় কটোৱাৰ পাছত পুনৰ মহিলাৰ গৰাকীৰ মৃত্যু হয় । পৰিয়ালৰ সকলো পুনৰ আচৰিত হৈ পৰে , তেওঁলোকৰ মাজত এটা ভাব থাকি গ'ল যে হিৰাবাই পুনৰ জীয়াই উঠিব । সন্ধিয়ালৈ শেষকৃত সম্পন্ন কৰা হয় ৯৫ বছৰীয়া হিৰাবাই ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com