ধুমুহাত উভালি পৰিল ২১৫ বছৰীয়া গছ: তাৰ পাছতে আতংক: কিন্তু কিয়?

ধুমুহাত উভালি পৰিল ২১৫ বছৰীয়া গছ: তাৰ পাছতে আতংক: কিন্তু কিয়?

এক ৰহস্য জনক ঘটনা সংঘটিত হৈছে আয়েৰলেণ্ডত । আয়েৰলেণ্ডত ধুমুহাৰ ফলত উভালি পৰিল ২১৫ বছৰীয়া এজোপা প্ৰকাণ্ড গছ । কিন্তু গছজোপা উভালি পৰাৰ পিছত শিপাৰ তলত উদ্ধাৰ হৈছে কংকাল । ইয়াকে লৈ তীব্ৰ আতংকৰ সৃষ্টি হৈছে । ইমান পুৰনি গছৰ তলত কেনেকৈ উদ্ধাৰ হল কংকাল । তাৰ পাছতে আৰক্ষীক খবৰ দিয়া হয়।

গছজোপাৰ তলত এটা অৰ্ধাংশ কংকালৰ উদ্ধাৰ কৰা হৈছে । আৰক্ষী উপস্থিত হৈ কংকালটো উদ্ধাৰ কৰাৰ পাছত তেওঁলোকো নিশ্চিত সিন্ধান্ত লব নোৱাৰাত বিজ্ঞানীক মাতি পঠিয়াই । এটা অতি পুৰণি কংকাল উদ্ধাৰ কৰি বিজ্ঞানী সকলো হতস্বকিত হৈ পৰে। তেওঁলোকে বৰ্তমানলৈকে কংকালটো কিহৰ ধৰিব পৰা নাই।

কংকালটো প্ৰায় মৃত্যু সময়ৰ পৰা ১৭- ২০ বছৰ পুৰণি হব । আনহাতে প্ৰায় ১০০০ বছৰ পুৰণি আইচোটপ বুলি প্ৰকাশ কৰিছে । যেতিয়া কংকালটোৰ হাৰ পৰীক্ষা কৰা হৈছে , তেতিয়া পোহৰলৈ আহিছে যে মৃত ব্যক্তি গৰাকীক কাটি থোৱা আছিল । আচৰ্যজনক ভাৱে হাট খনো কটা আছিল। বিজ্ঞানী সকলে প্ৰকাশ কৰিছে যে , উদ্ধাৰ কৰা কংকালটোৰ ব্যক্তি গৰাকীৰ স্বাভাৱিক মৃত্যু হোৱা নাছিল । মৃত্যুৰ সময়ত ব্যক্তি গৰাকীক কাটি মাৰি বহুতো শাস্তি দিয়া হৈছিল ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com