মেকানিকেল ইঞ্জিনিয়াৰিং পাছ কৰিও সাধুৰূপী এগৰাকী কিন্নৰ

মেকানিকেল ইঞ্জিনিয়াৰিং পাছ কৰিও সাধুৰূপী এগৰাকী কিন্নৰ

কামাখ্যা ধামত সম্প্ৰতি দেশী বিদেশৰ ভক্তসকলে আহি ভীৰ কৰিছেহি ৷ তাৰ মাজতে এগৰাকী বিশেষ কিন্নৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ দিল্লীৰ ২৭ বছৰীয়া প্ৰাচাল সিঙে সৰুৰে পৰা পুৰুষ বুলি বিদ্যালয়ত অধ্যয়ন কৰিছিল৷ পঢ়া শুনাত অতি মেধা প্ৰাচাল সিং মেকানিকেল ইঞ্জিনিয়াৰিং পাছ কৰিও সম্প্ৰতি এগৰাকী সন্নাসী ।

কামাখ্যা ধামত নতুনকৈ আৰম্ভ হোৱা ‘কিন্নয় আখৰা’ৰ তেওঁ এগৰাকী অন্যতম কিন্নৰ। চাকৰি কৰাৰ অদম্য হেঁপাহ প্ৰাচাল সিঙৰ , কিন্তু তেওঁ পুংলিংগ অথবা স্ত্ৰী লিংগ কোনো এটা শাৰীতে নপৰাৰ বাবে মনৰ হেঁপাহ মনতে পুহি ৰাখিবলগীয়া হৈছে ৷ ইফালে সৰুৰে পৰা অৰ্থ্যাৎ ৫ বছৰ বয়সৰ পৰা কিন্নৰ মা ভবানীৰ তত্বাৱধানত থাকি পঢ়া শুনা কৰিছিল। মুম্বাইৰ Dilcab college of engineering Institute ৰ পৰা ২০১৪ চনতে ইঞ্জিনিয়াৰিং সম্পূৰ্ণ কৰিছিল প্ৰাচালে।

অন্যহাতে , বৰ্তমান প্ৰাচালে কোনো ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি কৰাৰ সুবিধা পালে নিশ্চয়কৈ সেই চাকৰিত যোগদান কৰিব বুলি উল্লেখ কৰে।উল্লেখ্য যে কিন্নৰ আখৰাৰ প্ৰতিষ্ঠাপক মা ভবানী নাথ বাল্মিকীয়ে প্ৰাচালক বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি পত্ৰত লিংগত পুৰুষ বুলি উল্লেখ কৰি সৰুৰে পৰাই পঢ়াইছিল। ২০১৪ চনলৈকে প্ৰাচালৰ পৰিচয় ‘পুৰুষ’ আছিল। তাৰ পাছৰে পৰা কিন্নৰ হ’ল প্ৰাচাল ৷

মা ভৱানীয়ে মন্তব্য কৰে যে, কিন্নৰ লিংগৰ অধিকাৰ প্ৰাচালে ২০১৪ ত হে লাভ কৰিছিল। তাৰ আগতে মই প্ৰাচালক পুৰুষ বনাই চুলি কাটি বিদ্যালয়-মহাবিদ্যালয়ত নামভৰ্তি কৰাইছিলো। সমগ্ৰ শিক্ষা পুৰুষ পৰিচয়ৰেই লৈছিল প্ৰাচালে। মা ভৱানীয়ে চৰকাৰৰ প্ৰতি অনুৰোধ জনাই কয় ‘শিক্ষা ব্যৱস্থাত পুৰুষ-মহিলাৰ দৰে তৃতীয় লিংগৰ ভাগটোও ৰাখিব লাগে, যাতে পৰীক্ষাৰ ফলাফলৰ পাছত লাভ কৰা প্ৰমাণ-পত্ৰত তেওঁৰ লিংগ তৃতীয় লিংগ হিচাপে আহে।

যদি চাকৰিৰ বাবে এওঁক পঠাও তেতিয়া পুৰুষ হিচাপে চাকৰি দিব নেকি? এওঁটো পুৰুষ নহয়। মা ভৱানীয়ে কিন্নৰ সমাজৰ দুৰ্দশাৰ বিষয়ে তেওঁ উল্লেখ কৰে ৷ আৰু কিন্নৰ সকলক সমাজে কৰা উপেক্ষা সন্দৰ্ভতো মন্তব্য কৰে ৷উল্লেখ্য যে, মা-ভৱানীয়ে আম আদমী পাৰ্টীৰ হৈ ৫২ নং এলাহবাদ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও তেওঁ জয়ী হ’ব পৰা নাছিল। অম্বুবাছী মেলাৰ উপলক্ষে ২১ জুনৰ পৰা ২৫ জুনলৈকে নিৰ্জলা ব্ৰতত থাকি যাগযজ্ঞ কৰি আছে। বৰ্তমান ৫০ ৰো অধিক কিন্নৰ ‘কিন্নৰ আখড়া’ত আছে বুলিও মা ভবানীয়ে জানিবলৈ দিয়ে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com