Begin typing your search above and press return to search.

শক্তি পীঠ কামাখ্যাক প্লাষ্টিকমুক্ত কৰিবলৈ বিশেষ পদক্ষেপ

শক্তি পীঠ কামাখ্যাক প্লাষ্টিকমুক্ত কৰিবলৈ বিশেষ পদক্ষেপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Jun 2019 10:33 AM GMT

শক্তি পীঠ কামাখ্যা মন্দিৰত সম্প্ৰতি অম্বুবাছী মেলাৰ উখল মাখল পৰিবেশ ৷ এখন প্লাষ্টিক মুক্ত অম্বুবাছী মেলা আযোজন কৰিবৰ কাৰণে ভয়ছ অফ এনভাৰোমেন্ট এন জি অ’ই এক পদক্ষেপ হাতত লৈছে। এই অভিযানৰ নেতৃত্ব বহন কৰিছে পৰিবেশবিদ মোহৰানা চৌধুৰীয়ে ৷ অধিবক্তা কাহ্নেয়া পোড্ডাৰে ৰাজ্যৰ সকলো লোককে কামাখ্যা ধামক প্লাষ্টিক মুক্ত কৰি ৰাখিবলৈ আহ্বান কৰিছে ৷

লগতে ভয়ছ অফ এনভাৰোনমেন্টে প্লাষ্টিকৰ পৰা হ’ব পৰা বিভিন্ন বিপদ সন্দৰ্ভত অভিযান আৰম্ভ কৰে লগতে কামাখ্যা মন্দিৰ পুজাৰী মোহিত শৰ্মা আৰু কোবিন্দ শৰ্মাৰ লগত এখন বৈঠক অনুষ্ঠিত কৰে। ইফালে দলটোৱে পৰিবেশ সংৰক্ষণতা আৰু চাৰিও ফালে সুস্থ বাতাবৰণ গঢ়ি তোলাৰ নিমিত্তে কামাখ্যাত উপস্থিত সাধু সন্তসকলৰ লগত মতবিনিময় কৰে।

পৰিবেশ সংৰক্ষণতা সন্দৰ্ভত হোৱা জাগৰণত অধিকাংশ যুৱক,ভক্ত,প্ৰশাসনৰ উচ্চ বিষয় ববীয়া,মন্দিৰৰ প্ৰাধিকৰণে ভাগ লয় ৷ অন্যহাতে ভয়চ অফ এনভাৰোনমেন্টে মন্দিৰৰ চৌপাশ প্লাষ্টিক মুক্ত কৰি ৰাখিবৰ কাৰণে এক বছৰতকৈ অধিক সময় কাম কৰি আহিছে ৷ ২০১৬ চনত দলটোৱে মন্দিৰৰ চৌপাশক প্লাষ্টিক মুক্ত কৰি ৰাখিবৰ কাৰণে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছিল ৷ আৰু এই মিশ্যনক বাস্তৱায়িত কৰিবৰ কাৰণে পুজাৰী,বিক্ৰেতা আৰু ভক্তসকলৰ মাজত জাগৰণ অনা হৈছে৷

অম্বুবাচী মেলাৰ সময়ত অসমীয়া পৰম্পৰাগত কৃষিজীৱি সমাজে কেতবোৰ বিশেষ নীতি–নিয়ম পালন কৰে। জনবিশ্বাস মতে আহাৰ মাহৰ সাত তাৰিখে পৃথিৱী ঋতুমতী হয়। সেয়ে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ‘সাত’ বা ‘ষাঁঠ’ বা অম্বুবাচী বোলা হয়।‘অম্বুবাচী’ বা ‘আমতি’ হ’ল প্ৰধানকৈ আহাৰ মাহত উদযাপন কৰা অসমৰ এক ঋতুকালীন কৃষি উৎসৱ। সংস্কৃত ‘অম্বুবাচী’ শব্দৰ পৰা অসমৰ কামৰূপ জিলাত প্ৰচলিত ‘আমতী’ শব্দটো হৈছে। সংস্কৃতত ‘অম্বু’ৰ অৰ্থ পানী আৰু ‘বাচী’ৰ অৰ্থ প্ৰকাশিত বা পুষ্পিত হোৱা। অম্বুবাচীত পৃথিৱী পুষ্পিত হোৱা বুলি বিশ্বাস কৰা হয়।

কৃষিৰ কাৰণে প্ৰয়োজন উৰ্বৰতাৰ। আদিম মানৱৰ বিশ্বাসত তিৰোতাৰ জৰায়ূ আৰু মাতৃ বসুমতীৰ জৰায়ূৰ মাজত কোনো পাৰ্থক্য নাই। কৃষিজীৱি জনগণৰ কৃষিৰ প্ৰাচুৰ্য-কামনা আৰু তাৰ বাবে ভূমিৰ উৰ্বৰতা বৃদ্ধিৰ বাসনা অম্বুবাচীৰ গূঢ় উদ্দেশ্য। আমাৰ ৰাজ্যৰ অধিকাংশ লোক অতীজৰে পৰা কৃষিজীৱি, ইয়াৰ সমাজ ব্যৱস্থা পৰম্পৰাগত। পৃথিৱী বছৰত এবাৰকৈ ৰজস্বলা হয় আৰু ‘অম্বুবাচ’, ‘আমতি’ বা ‘ষাঁঠ’ হ’ল সেই ৰজস্বলাৰ কাল। আদিম কৃষিজীৱিসকলৰ বিশ্বাসত ৰজস্বলা হোৱাৰ পাছতহে তিৰোতাসকল সন্তান জন্ম দিবলৈ উপযুক্ত হোৱাৰ দৰে পৃথিৱীও অম্বুবাচীৰ পাছতহে শস্য উৎপাদনৰ বাবে উপযুক্ত হয়।

অন্য খবৰৰ বাবে পঢ়ক: দেশৰ অন্যতম পৰ্যতন স্থলী কামাখ্যা মন্দিৰক স্বচ্ছ ৰখাৰ পদক্ষেপ

Next Story
চাকৰি