দেশৰ অন্যতম পৰ্যতন স্থলী কামাখ্যা মন্দিৰক স্বচ্ছ ৰখাৰ পদক্ষেপ

দেশৰ অন্যতম পৰ্যতন স্থলী কামাখ্যা মন্দিৰক স্বচ্ছ ৰখাৰ পদক্ষেপ

দেশৰ শীৰ্ষ ১০ খন পৰ্যতন স্থলীৰ ভিতৰত অন্যতম হৈছে কামাখ্যা মন্দিৰ ৷ অসমৰ গুৱাহাটীৰ নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা মন্দিৰ হৈছে দেশৰ সকলোতকৈ পবিত্ৰ শক্তিপীঠ ৷ এই ঠাইখিনিৰ বহু পৌৰাণিক মহত্ত্ব আছে। কামাখ্যা মন্দিৰত প্ৰতি বছৰে আযোজন কৰা অম্বুবাছী মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ সাধু সন্ত তথা ভক্তৰ সমাহাৰ ঘটা দেখিবলৈ পোৱা যায়।

ইফালে ভয়চ অফ এনভাৰোনমেন্ট মিশ্যনে অসমক সেউজীয়া আৰু সকলো ফালৰ পৰা ক্লীন কৰি ৰাখিবৰ কাৰণে বিভিন্ন পদক্ষেপ হাতত লৈছে ৷ তেওঁলোকে গুৱাহাটীক স্বচ্ছ কৰিবৰ কাৰণেও এটি পদক্ষেপ হাতত লৈছে । ২০১৬ চনৰ ২২ ডিচেম্বৰত কামাখ্যা মন্দিৰৰ বিষয় ববীয়াসকলৰ লগত ভিঅ’ইয়ে এখন চুক্তিত স্বাক্ষৰ কৰে ৷ ভি অ’ ইৰ লক্ষ্য যে তেওঁলোকে যাতে মন্দিৰটোত সুস্থ পৰিবেশ আৰু প্লাষ্টিকমুক্ত কৰি ৰাখিব পাৰে ৷

আনহাতে কামাখ্যা মন্দিৰৰ বিষয়ববীয়া,অসম আৰক্ষীৰ সহযোগত ভইচ অফ এনভাৰোনমেন্টে ভক্ত,সাধু সন্ত সকলোৰে লগত স্বচ্ছ,প্লাষ্টিকমুক্ত অম্বুবাছী মেলা অনুষ্ঠিত কৰিবৰ কাৰণে সকলোকে জাগৰিত কৰে । এই অভিযান আৰম্ভ হয় চলিত বৰ্ষৰ ২২ জুনৰ পৰা ৷ ভইচ অফ এনভাৰোনমেন্টৰ বিষয়া কানেহেয়া পোড্ডাৰে কামাখ্যা মন্দিৰৰ চৌহদৰ পৰিসৰ স্বচ্ছ আৰু সুস্থ বাতাবৰণ গঢ়ি তুলিবৰ কাৰণে এখন ৰোডমেপ তৈয়াৰ কৰে ৷ ইয়াৰ মাজতে তেওঁলোকে গুৱাহাটী ৰেল ষ্টেচনৰ চৌহদত,কামাখ্যা মন্দিৰৰ দৰে বিভিন্ন স্থানত বেনাৰ লগায় ৷ দলটোৱে স্বচ্চ অভিযানৰ সময়ত বিভিন্ন ভক্তসকলৰ লগত মতবিনিময় কৰে ৷

লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন লোকৰ লগত তেওঁলোকৰ স্বচ্ছ অভিযানৰ সন্দৰ্ভত মত বিনিময় কৰে ৷ লগতে সাধু ভক্তসকলে তেওঁলোকৰ এই স্বচ্ছ অভিযানক সমৰ্থন কৰে। এই অভিযানৰ সময়ত অসম আৰক্ষী,গুৱাহাটী পৌৰ নিগম,নাগৰিক সুৰক্ষা আৰু অন্যান্য স্বয়ংসেৱক লোকসকল উপস্থিত আছিল ৷ দলটোৱে প্লাষ্টিকে পৰিবেশত কেনেধৰণে প্ৰভাৱ পেলাই এই সন্দৰ্ভত আলোচনা কৰে।উল্লেখ্য যে ২২ জুনৰ পৰা আৰম্ভ হৈছে অম্বুবাচী মেলা । অম্বুবাচী মেলাৰ বাবে ইতিমধ্যে নীলাচলৰ বুকু ভিৰ কৰিছে দেশী বিদেশী পৰ্যটকে আৰু ভক্ত সকলে । সাধু- সন্ত, ভক্তৰে ভৰি পৰিছে কামাখ্যা ধাম ।

নিশা ০১:৪০:১৮ বজাত প্ৰবৃত্তি । ২৬ জুনৰ দুপৰীয়া ২:০৪:২২ বজাত নিবৃত্তি। ২৩ জুনৰ পৰা ২৫ জুনলৈ বন্ধ থাকিব মন্দিৰৰ দুৱাৰ। অম্বুবাচী মেলাৰ বাবে দেৱালয়ৰ প্ৰাংগনত ৫৮০ টা চিচিটিভি সংস্থাপন কৰা হৈছে ।অম্বুবাচী মেলাৰ সময়ত অসমীয়া পৰম্পৰাগত কৃষিজীৱি সমাজে কেতবোৰ বিশেষ নীতি–নিয়ম পালন কৰে।

জনবিশ্বাস মতে আহাৰ মাহৰ সাত তাৰিখে পৃথিৱী ঋতুমতী হয়। সেয়ে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ‘সাত’ বা ‘ষাঁঠ’ বা অম্বুবাচী বোলা হয়।‘অম্বুবাচী’ বা ‘আমতি’ হ’ল প্ৰধানকৈ আহাৰ মাহত উদযাপন কৰা অসমৰ এক ঋতুকালীন কৃষি উৎসৱ। সংস্কৃত ‘অম্বুবাচী’ শব্দৰ পৰা অসমৰ কামৰূপ জিলাত প্ৰচলিত ‘আমতী’ শব্দটো হৈছে। সংস্কৃতত ‘অম্বু’ৰ অৰ্থ পানী আৰু ‘বাচী’ৰ অৰ্থ প্ৰকাশিত বা পুষ্পিত হোৱা। অম্বুবাচীত পৃথিৱী পুষ্পিত হোৱা বুলি বিশ্বাস কৰা হয়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com