Begin typing your search above and press return to search.

অম্বুবাছী মেলাৰ কাৰণে সাজু প্ৰশাসন: নিয়োজিত ১২০ জন স্থায়ী সুৰক্ষা কৰ্মী

অম্বুবাছী মেলাৰ কাৰণে সাজু প্ৰশাসন: নিয়োজিত ১২০ জন স্থায়ী সুৰক্ষা কৰ্মী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Jun 2019 8:49 AM GMT

অম্বুবাচী মেলাৰ কাৰণে সাজু হৈছে মহানগৰ প্ৰশাসন ৷ অসমৰ সকলোতকৈ বৃহৎ ধাৰ্মিক মেলা অম্বুবাচী আৰম্ভ হ’ব ২২ পৰা ২৬ জুনলৈ ৷দেশৰ বিভিন্ন ঠাইৰ পৰা অহা ভক্তসকলৰ ভক্তিৰসেৰে গদগদ হ’ব কামাখ্যা ধাম । ইফালে কামাখ্যাত উপস্থিত হোৱা ভক্তসকলৰ লগতে জনসাধাৰণৰ সুৰক্ষাৰ কাৰণে আৰক্ষী প্ৰশাসন আৰু অম্বুবাছী মেলা পৰিচালনা সমিতিৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়।

অম্বুবাছী মেলা পৰিচালনা সমিতিয়ে এখন প্ৰেছ বিজ্ঞপ্তি যোগেৰে প্ৰকাশ কৰে যে জিলা প্ৰশাসন আৰু অসম আৰক্ষীয়ে সুৰক্ষা ব্যৱস্থাটোক নিৰীক্ষণ কৰিব ৷ইয়াৰ কাৰণে ১২০ জন স্থায়ী সুৰক্ষা কৰ্মী,৪০০ ভলন্টিয়াৰ,১৪০ জন অস্থায়ী সুৰক্ষা কৰ্মীৰ ব্যৱস্থা কৰা হৈছে। মন্দিৰলৈ যোৱা তিনিটা পথত বিদ্যুতৰ ব্যৱস্থা কৰা হৈছে ৷দেৱালয়লৈ যোৱা তিনিটা পথত জিৰণি চ’ৰা,শৌচালয়,স্নানগৃহৰ ব্যৱস্থা কৰা হৈছে ৷ লগতে সকলো জোতা চেন্দেল এঠাইত জমা কৰিব লাগিব যাতে ভক্তসকলৰ সুবিধা হয় ৷

ইয়াৰোপৰি ৩০০ টা চিচিটিভি কেমেৰা আৰু ২১০ জন স্থায়ী আৰু ২০০ অস্থায়ী চাফাই কৰ্মীৰ ব্যৱস্থা কৰা হৈছে ৷ যাতে দেৱালয়ৰ চৌহদ চাফা কৰি ৰাখিব পাৰে ৷ ইপালে এই অঞ্চলত ধপাঁতমুক্ত কৰি ৰাখিবৰ কাৰণে আহ্বান কৰিছে। গতিকে ধপাঁত কিনা আৰু বেছা দুয়োটাতে প্ৰতিবন্ধকতা আৰোপ কৰিছে প্ৰশাসনে ৷

লগতে ধপাঁত ক্ৰয় অথবা ব্যৱহাৰ কৰাৰ সম্ভেদ পালে দণ্ড দিয়া হ’ব বুলি উল্লেখ কৰে প্ৰশাসনে। অন্যহাতে কোনো ধৰণৰ প্লাষ্টিক ব্যৱহাৰ কৰাৰ কোনো ধৰণৰ অনুমতি প্ৰদান কৰা নাই প্ৰশাসনে ৷ উল্লেখ্য কামাখ্যাৰ দুৱাৰ ২২ জুনত বন্ধ কৰি দিয়া হ’ব ৷

অম্বুবাচী মেলাৰ প্ৰাক মুহুৰ্তত ভান্দাৰা অৰ্থাৎ ভক্তসকলক খাদ্য পৰিবেশন কৰোৱাত সহায় কৰা লোকসকলক উপায়ুক্ত বিশ্বজিৎ পেগুৱে কিছু নিৰ্দেশনা দিয়ে ৷ উপায়ুক্ত বিশ্বজিৎ পেগুৱে কিছুমান দল আৰু ভান্দাৰাক নিৰ্দেশ দিয়ে যে ভৰুলুমুখৰ পৰা কামাখ্যা মন্দিৰলৈকে আৰু কামাখ্যা গেটৰ পৰা মালিগাঁৱলৈকে কোনো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়িব নোৱাৰিব ৷

লগতে খাদ্য সুৰক্ষা বিভাগে খাদ্যসমূহৰ স্বচ্ছতাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব ৷ ইফালে প্ৰত্যেক ভান্দাৰাক খাদ্যৰ ওপৰত অত্যাধিক স্বচ্চতা বৰ্তাই ৰাখিবলৈ নিৰ্দেশ দিয়ে ৷ ইফালে খোৱা পানীৰ সন্দৰ্ভতো তীক্ষ্ণ দৃষ্টি ৰাখিব প্ৰশাসনে ৷ পাকঘৰ আৰু ভোজন গৃহ প্ৰত্যেক দিনে দুবাৰকৈ চাফা কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে সকলো ভান্দ্ৰাৰক একে সময়তে খাদ্য পৰিবেশন কৰিবলৈ নিৰ্দেশ দিয়ে উপায়ুক্তই ৷

অন্যহাতে পৰিবেশন কৰিব লগীয়া খাদ্যসমূহৰ ভিতৰত আছে পটল,স্কোৱাছ,ভেণ্ডি, জিকা,বীন,চয়াবীন,মগুমাহ,পনীৰ আদি ৷ কিন্তু শুকান জলকীয়া,জলকীয়া গুৰি,ৰঙালাও,দৈ আদি কিছুমান সামগ্ৰী দিয়াত প্ৰতিবন্ধকতা আৰোপ কৰিছে উপায়ুক্তই ৷

ইফালে বৈঠকখনত মা কামাখ্যাৰ বৰদলৈ ৰোহিত শৰ্মা,সৰু দলৈ কবিন্দ্ৰ প্ৰসাদ শৰ্মা,সম্পাদক ভূপেশ শৰ্মা,সহযোগী সম্পাদক সমীৰ প্ৰসাদ শৰ্মাৰ লগতে অন্যান্যসকল উপস্থিত আছিল ৷

অন্য খবৰৰ বাবে পঢ়ক: ২২ পৰা ২৫ জুনলৈকে অম্বুবাচী মেলা : প্ৰস্তুতি প্ৰায় সম্পুৰ্ণ

Next Story
চাকৰি