Begin typing your search above and press return to search.

আচৰ্য্যকৰ! এটা মন্দিৰ, য'ত তেল নহয় চাকি জ্বলাবলৈ ব্যৱহাৰ হয় পানী

আচৰ্য্যকৰ! এটা মন্দিৰ, যত তেল নহয় চাকি জ্বলাবলৈ ব্যৱহাৰ হয় পানী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Dec 2019 10:44 AM GMT

আচৰ্য্যকৰ! এটা মন্দিৰ, য'ত তেল নহয় চাকি জ্বলাবলৈ ব্যৱহাৰ হয় পানী । পৃথিৱী খন বিভিন্ন ৰহস্যৰে আৱৰা । পৃথিৱীত ধৰ্ম আৰু আস্থাৰ নামত কিছুমান এনে ধৰণৰ চমৎকাৰ হয় যাৰ ফলত ভগৱানৰ প্ৰতি শ্ৰদ্ধা আৰু অধিক বৃদ্ধি হয় । এনেকুৱা এক ধৰণৰ চমৎকাৰ এটা দেৱী মন্দিৰত দেখিবলৈ পোৱা গৈছে য'ত চাকি জ্বলাবলৈ কোনো ধৰণৰ ঘিউ বা তেলৰ প্ৰয়োজন নহয় । এয়া নতুন কথা নহয় বহু বছৰ আগৰপৰাই এই মন্দিৰত পানীৰ দ্বাৰা চাকি জ্বলোৱা হয় । জানিব পৰা মতে এই মন্দিৰটোৰ নাম "গাড়িয়াঘাট ৱালী মাতাজী" মন্দিৰ । এই আচৰ্যকৰ গাড়িয়াঘাট ৱালী মাতাজী নামৰ মন্দিৰটো মধ্যপ্ৰদেশৰ শাজাপুৰ জিলাৰ গাড়িয়া গাঁৱত অৱস্থিত। এই মন্দিৰৰ দৰ্শন কৰিবলৈ বহু দূৰ দূৰণিৰ পৰা ভক্ত আহি ভিৰ কৰে।

জানিব পৰা মতে এই মন্দিৰটোত বিগত পাচ বছৰৰ পৰা এগচি চাকি জ্বলি আছে। দেশত এনেধৰণৰ বহু মন্দিৰ আছে য'ত বহু বছৰ ধৰি চাকি জ্বলি থাকে । মন্দিৰৰ পূজাৰীয়ে জনোৱা অনুসৰি এই মন্দিৰটোৰ চাকি জ্বলায়লৈ কোনো ধৰণৰ ঘিউ, তেল বা অন্য কোনো ইন্ধনৰ প্ৰয়োজন নাই, ইয়াত চাকি জ্বলাবলৈ পানীহে ব্যৱহাৰ কৰা হয় । লগতে তেওঁ কয় যে ইয়াত প্ৰথমতে তেলৰ চাকিয়ে জ্বলোৱা হৈছিল কিন্তু পাচ বছৰ আগতে তেওঁক সপোনত মাতজী আহি পানীৰ চাকি জ্বলাবলৈ কৈছিল ।

পুৱা উঠি পূজাৰীয়ে মন্দিৰৰ ওচৰত থকা কালিসিন্ধ নদীৰ পৰা পানী আনি চাকি জ্বলাবলৈ চেষ্টা কৰে আৰু চাকি গচি জ্বলিও উঠে। এই ঘটনাই পূজাৰীক আচৰিত কৰি তোলে।এই ঘটনাৰ দুমাহৰ পিছতো এই কথা তেওঁ কাৰো আগত প্ৰকাশ কৰা নাছিল । তাৰ কিছুদিন পিছতেই তেওঁ এই কথা গাঁওৰ লোক সকলৰ আগত প্ৰকাশ কৰে যদিও কোনোৱে বিশ্বাস কৰা নাছিল তেওঁৰ কথা । কিন্তু যেতিয়া পূজাৰীয়ে পানীৰ দ্বাৰা চাকি জ্বলাই সেই কথা প্ৰমান কৰিছিল তেতিয়া আচৰিত হয় সকলোৱে ।

তাৰ পিছৰ পৰাই মাতাজীৰ আদেশ অনুসৰি সেই মন্দিৰটোত তেতিয়াৰ পৰা পানীৰ চাকি জ্বলোৱা হয়। এই কথা চাৰিওফালে বিয়পি পৰাৰ লগে লগে ভক্তৰ ভিৰ ক্ৰমে বৃদ্ধি হবলৈ ধৰে এই মন্দিৰত ।

অন্য খবৰৰ বাবে পঢ়ক: এটা ১০ হাজাৰ বছৰীয়া পুৰণি গুহা, য’ত এতিয়াও বাস কৰে মানুহে

ভিডিঅ প্ৰতক্ষ্য কৰক : Biswanath’s Kishore Hazarika honoured with Global Achievers Award 2019 in Dubai

Next Story
চাকৰি