Begin typing your search above and press return to search.

এটা ১০ হাজাৰ বছৰীয়া পুৰণি গুহা, য'ত এতিয়াও বাস কৰে মানুহে

এটা ১০ হাজাৰ বছৰীয়া পুৰণি গুহা, যত এতিয়াও বাস কৰে মানুহে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Dec 2019 11:50 AM GMT

এটা ১০ হাজাৰ বছৰীয়া পুৰণি গুহা, য'ত এতিয়াও বাস কৰে মানুহে। পৃথিৱীত বিভিন্ন ধৰণৰ আচৰিত ঠাইৰ সম্ভেদ পোৱা যায়। তাৰোপৰি বিভিন্ন ধৰণৰ ৰহস্যময়ী ঠাইৰো সম্ভেদ পোৱা যায় । এনেকুৱা এখন ঠাইৰ সম্ভেদ পোৱা গৈছে ইৰাণত । ইৰাণত এটি গুহা আছে যিটো বহু হাজাৰ বছৰ পুৰণি। ইৰাণ পাহাৰ পৰ্বতেৰে আগুৰা এখন ধুনীয়া ঠাই । ইৰাণৰ বহু সংখ্যক লোক এতিয়াও গুহাত বসবাস কৰে । আজি আমি আপোনালোকক ইৰাণৰ এখন গুহা গাঁৱৰ কথা কম।

ইৰাণত এখন মেমংদ নামৰ গাঁও আছে । এই ঠাইখন ইৰাণৰ ৰাজধানীৰ পৰা প্ৰায় ৯০০ কিলোমিটাৰ আঁতৰত আছে । এই গাওঁৰ আৱাসী সকল খানাবাদোশোৰ । এই গাওঁৰ লোক সকল গুহাত বাস কৰে । সম্ভৱতঃ এই গুহা সমূহ দহ হাজাৰ বছৰ পুৰণি। ইউ এন ই এছ চি অ' ই চলিত বৰ্ষত এই ঠাই খন বিশ্ব ঐতিহ্য ঘোষণা কৰিছে ।

মধ্য ইৰাণ পাহাৰীয়া এলেকা হোৱা হেতুকে ইয়াত ঠাণ্ডা বা গৰম যথেষ্ট পৰিমাণে থাকে । বতৰৰ ওপৰত নিৰ্ভৰ কৰি লোক সকলে এই গুহাত বাস কৰে। অত্যাধিক গৰমত তেওঁলোকে পাহাৰত বসবাস কৰাৰ বিপৰীতে অত্যাধিক ঠাণ্ডাত তেওঁলোকে গুহাত বাস কৰে। জানিব পৰা মতে দহ হাজাৰ বছৰ আগতে পাহাৰ সমূহ কাটি ইয়াত ৪০০ টা গুহা বনোৱা হৈছিল । তাৰ ভিতৰত এতিয়া মাত্ৰ ৯০ টা গুহা আছে । গুহাৰ ভিতৰত থকা ঘৰ সমূমত প্ৰায় ৭ টা কোঠা আছে। এই গুহা সমূহত সকলো ধৰণৰ সা-সুবিধা উপলব্ধ হয়। মেমংদ গাঁওৰ লোক সকলে পাৰ্চী ধৰ্মৰ ।

পাৰ্চী ধৰ্ম ইৰাণৰ সবাতোকৈ পুৰণি ধৰ্ম । কোনো এটা সময়ত ইয়াত বহু পাৰ্চী লোক আছিল । কিছন দোবান্দী এনেকুৱা এটা গুহা যি প্ৰাচীন কালত পাৰ্চী সকলৰ মন্দিৰ আছিল ।

অন্য খবৰৰ বাবে পঢ়ক: দুখীয়া দেশৰ ধনী ৰজা, বহু পত্নী আৰু বহু লাখ টকা সম্পত্তিৰ মালিক এজন ব্যক্তি

ভিডিঅ প্ৰতক্ষ্য কৰক : Protesters wave black flag at BJP State President Ranjeet Dass in Chabua

Next Story
চাকৰি