Begin typing your search above and press return to search.

দুখীয়া দেশৰ ধনী ৰজা, বহু পত্নী আৰু বহু লাখ টকা সম্পত্তিৰ মালিক এজন ব্যক্তি

দুখীয়া দেশৰ ধনী ৰজা, বহু পত্নী আৰু বহু লাখ টকা সম্পত্তিৰ মালিক এজন ব্যক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Dec 2019 10:38 AM GMT

দুখীয়া দেশৰ ধনী ৰজা, বহু পত্নী আৰু বহু লাখ টকা সম্পত্তিৰ মালিক এজন ব্যক্তি।‌ আমি প্ৰায় সদায়েই কিছুমান ব্যতিক্ৰমী বাতৰি শুনিবলৈ পাও যি বোৰে আমাক অতিকৈ আচৰিত কৰি তোলে । পৃথিৱীত এখন এনেকুৱা দেশ আছে য'ত জনসংখ্যা প্ৰায় ১৩ লাখ । জনসংখ্যা কম হোৱাৰ পিছতো এই দেশৰ ৬৩% লোক এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলত আছে । অৰ্থাৎ আৰ্থিক অনাটন আদিৰ ফলত ভালদৰে জীৱন যাপন কৰাতো অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হয় দেশ খনৰ জনসাধাৰণ । কিন্তু এই দেশৰ ৰজাৰ ওচৰত প্ৰায় বিলিয়ন সম্পত্তি আছে আৰু তেওঁৰ সম্পত্তি দিনে দিনে বৃদ্ধি হৈ আহিছে । এই দেশৰ ৰজা জনে অতি আৰামী জীৱন যাপন কৰে। এই দেশ খনৰ নাম ' দ্যা কিংদম অফ ইস্বাতিনী" । ইয়াৰ পূৰ্বে এই দেশৰ নাম স্বাজিলেণ্ড নামে জনাজাত আছিল । ২০১৮ চনত এই দেশ খনে স্বাধীনতা লাভ কৰাৰ ৫০ বছৰ পূৰ্ণ হোৱাৰ দিনা দেশৰ ৰজা মস্বাতী তৃতীয়ই দেশ খনৰ নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । এই দেশ খনৰ কাহিনী অতি ব্যতিক্ৰমী।

দৰাচলতে স্বাজিলেণ্ড এখন আফ্ৰিকী দেশ , যি খন দেশ ১৭ হাজাৰ ৩৬০ বৰ্গ কিলোমিটাৰ ঠাই আৱৰি আছে। এই দেশ খন প্ৰাকৃতিক ভাৱে ইমান ধুনীয়া যে দেশখন বিভিন্ন ধৰণৰ ৰহস্যৰে আৱৰা বুলি জানিব পৰা গৈছে। দেশ খনৰ ৰজা মস্বাতী তৃতীয় পৃথিৱীৰ সবাতোকৈ ধনী ৰজা সকলৰ তালিকাত আছে। তেওঁৰ ওচৰত বৰ্তমান ১৪ বিলিয়নতকৈও অধিক সম্পত্তি আছে । তেওঁৰ ওচৰত ১৯ খন ৰোল্চ ৰায়চ, ২০ খন মাৰ্চিডিছ, ১২ খন বি এম ডব্লিউৰ লগতে আন বহু কোটি টকাৰ সম্পত্তি আছে। তদুপৰি তেওঁৰ‌ নিজৰ বিমান আৰু বিমানবন্দৰো আছে ।‌

এই দেশ খনৰ প্ৰতি বছৰে আগষ্ট-চেপ্তেম্বৰ মাহত লুদজিজিনী নামৰ গাঁৱত মহাৰাণীৰ মা ৰ বিবাহ উহ্মালাংগ সেৰেমণি নামৰ উৎসৱ অনুষ্ঠিত হয় ।এই উৎসৱত প্ৰায় ১০ তকৈ অধিক যুৱতী আৰু শিশুৱে অংশ গ্ৰহণ কৰে।‌এই উৎসৱত যুৱতী সকলে ৰজাৰ আগত নৃত্য প্ৰদৰ্শন কৰে । জানিব পৰা মতে এই কিশোৰী সকলৰ মাজৰ পৰাই ৰজাই পৰৱৰ্তী ৰাণীৰ বাচনি কৰে । এই দেশৰ ৰজা জনে বিগত ১৯৮৬ চনৰ পৰাই শাসন ভাৰ গ্ৰহন কৰি আছে । বৰ্তমান তেওঁৰ বয়স প্ৰায় ৫১ বছৰ । ইতিমধ্যে ১৫ খন মান বিবাহত সম্পন্ন কৰিছে আৰু তেওঁৰ ২৩ টা ল'ৰা ছোৱালী আছে । কিন্তু এতিয়ালৈ তেওঁৰ কেৱল প্ৰথম দুগৰাকী পত্নীয়ে বিবাহৰ সামাজিক মৰ্যদা লাভ কৰিছে । আপুনি শুনি আচৰিত হ'ব যে মস্বাতী তৃতীয়ৰ পিতৃ বিবাহৰ বাবে জনাজাত আছিল। তেওঁৰ ১২৫ গৰাকী পত্নী আছিল ।

অন্য খবৰৰ বাবে পঢ়ক: পৃথিৱীৰ এটা নদীদ্বীপ, য’ত মহিলাৰ প্ৰৱেশ নিষিদ্ধ, পুৰুষৰ বাবেও আছে বিশেষ নিয়ম

ভিডিঅ প্ৰতক্ষ্য কৰক : Protesters wave black flag at BJP State President Ranjeet Dass in Chabua

Next Story
চাকৰি