Begin typing your search above and press return to search.

 পৃথিৱীৰ এটা নদীদ্বীপ, য'ত মহিলাৰ প্ৰৱেশ নিষিদ্ধ, পুৰুষৰ বাবেও আছে বিশেষ নিয়ম

 পৃথিৱীৰ এটা নদীদ্বীপ, যত মহিলাৰ প্ৰৱেশ নিষিদ্ধ, পুৰুষৰ বাবেও আছে বিশেষ নিয়ম

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Dec 2019 10:48 AM GMT

পৃথিৱীৰ এটা নদীদ্বীপ, য'ত মহিলাৰ প্ৰৱেশ নিষিদ্ধ, পুৰুষৰ বাবেও আছে বিশেষ নিয়ম । পৃথিৱীত নিতৌ বিভিন্ন ধৰণৰ ঘটনাৰ খবৰ পোৱা যায় । তদুপৰি বহু ৰহস্যময় ঠাইৰো সম্ভেদ পোৱা গৈছে । আন কিছুমান ঠাই আছে যি বোৰ কিছুমান বিশেষ কাৰণৰ ফলত জনপ্ৰিয় । এনে ধৰণৰ এখন ঠাই জাপানতো আছে । জাপানত অৱস্থিত নদীদ্বীপটোৰ নাম ওকিনোচিমা নদীদ্বীপ বুলি জনা যায় । জানিব পৰা মতে এই নদীদ্বীপটোত মহিলাৰ প্ৰৱেশ নিষিদ্ধ। লগতে এই নদীদ্বীপত পুৰুষৰ প্ৰৱেশৰ বাবে ও বিশেষ নিয়মৰ ব্যৱস্থা আছে । এই নদীদ্বীপটোক ইউ এন ই এছ চি কো ই বিশ্ব ঐতিহ্য হিচাপে ঘোষনা কৰিছে।

এই নদীদ্বীপটো প্ৰায় ৭০০ বৰ্গ কিলোমিটাৰ আৱৰা । প্ৰবাদ অনুসৰি ৭০০ বৰ্গ কিলোমিটাৰ আৱৰা এই নদীদ্বীপটোত চতুৰ্থৰ পৰা নৱম শতিকালৈ কোৰিয়ান আৰু চীনা সকলৰ বানিজ্যৰ কেন্দ্ৰস্থল আছিল । এই নদীদ্বীপটো ধাৰ্মিক ৰূপত পবিত্ৰ বুলি মানুহে বিশ্বাস কৰে।

প্ৰাচীন কালৰ পৰা চলি থকা ধৰ্মীয় নীতি নিয়ম সমূহ এতিয়াও এই নদীদ্বীপত প্ৰচলিত হৈ আছে। তাৰ ভিতৰত এই নদীদ্বীপত মহিলাৰ প্ৰৱেশত নিষিদ্ধতা আছে । জানিব পৰা মতে এই নদীদ্বীপত কোনো পুৰুষে প্ৰৱেশ কৰিলে বস্ত্ৰহীন হৈ স্নান কৰা অত্যন্ত জৰুৰী। তদুপৰি নিয়ম অনুসৰি এই নদীদ্বীপত এবছৰত কেৱল ২০০ পুৰুষেহে প্ৰৱেশ কৰিব পাৰে । এই নদীদ্বীপত কোনোৱে প্ৰৱেশ কৰিলে কঠোৰ নিৰ্দেশ দিয়া হয় যাতে এই নদীদ্বীপৰ পৰা কোনো ধৰণৰ বস্তু নিজৰ লগত নিনিয়ে।

তদুপৰি তেওঁলোকক এয়াও নিৰ্দেশ দিয়া হয় যে তেওঁলোকে যাতে নিজৰ যাত্ৰা সম্পৰ্কে কাৰো আগত একো কথা নকয় । জানিব পৰা মতে তাত যোৱা কোনো ব্যক্তি নিজৰ লগত ঘাঁহ এডালো আনিব নোৱাৰে। এই নদীদ্বীপটোত মুনাকাটা তাইশা ওকিত্যসু নামৰ এটা মন্দিৰ আছে । য'ত সমুদ্ৰৰ দেৱীৰ পূজা অৰ্চনা কৰা হয়। জানিব পৰা মতে ১৭ শতিকাত এই নদীদ্বীপটোত জাহাজৰ পূজাও কৰা হৈছিল।

গতিকে দেখা যায় যে পৃথিৱী খন বিভিন্ন আজৱ ঘটনা, ৰসহ্যসয় ঠাইৰে আৱৰা । তদুপৰি বহু ঠাই আছে যিবোৰৰ ৰহস্য ভেদ হৈছে, আনহাতে এতিয়াও এনে বহু ঠাই আছে যি বোৰ ঠাই এতিয়াও ৰহস্যৰ আৱৰ্তত ।

অন্য খবৰৰ বাবে পঢ়ক: আঠ বছৰীয়া এজন শিশু, যিয়ে এবছৰত আয় কৰিলে ১৮৪ কোটি টকা

ভিডিঅ প্ৰতক্ষ্য কৰক : Anti-CAA protests: Senior Citizens from Naharkatia stage protest along with AASU

Next Story
চাকৰি