মহানগৰীত যান বাহনৰ এক ভয়াৱহ ৰূপ

মহানগৰীত যান বাহনৰ এক ভয়াৱহ ৰূপ

মহানগৰীত যান বাহনৰ এক ভয়াৱহ ৰূপ৷ গুৱাহাটী মহানগৰীত যানবাহনৰ ক্ষেত্ৰত কেতিয়া এক সুনিশ্চিত ৰূপ দেখা যাব? সাম্প্ৰতিক সময়ত এইটো এটা বৃহৎ প্ৰশ্ন ৷মহানগৰত বিদ্যালয়,কাৰ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰী,কৰ্মচাৰীয়ে ট্ৰেফিক জামত ৰৈ থকাটো নতুন কথা নহয়। ইয়াৰ মাজতে অৱশ্য বৃহস্পতিবাৰে সংঘটিত হ’ল এক গুৰুত্বপূৰ্ণ ঘটনা।

জি এচ ৰোডৰ পৰা উলুবাৰীৰ পৰা ছয় মাইলৈকে সকলো বাহন ট্ৰেফিকত আৱদ্ধ ৷জিএচ ৰোড পাৰ হৈয়ে আৰু এটা ট্ৰেফিকত আৱদ্ধ হৈ পৰিছিল চান্দমাৰী গনেশগুৰিত বহু বাহন। কিন্তু এই বাহন সমূহ কিয় প্ৰায়ে এনেকৈয়ে আৱদ্ধ হৈ পৰে? প্ৰায়ে প্ৰত্যেক দিনেই যান বাহনৰ এই অৱস্থা দেখা যায় ৷

মহানগৰীত প্ৰায়ে যান বাহনৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে লোকসকলে সৰু সৰু পথোবোৰ বাছি লয় যদিও সেইসময়ত খোজ কাঢ়ি যোৱা যাত্ৰীসকলৰ অসুবিধা হয়। কিন্তু মহানগৰীত যান বাহনৰ ক্ষেত্ৰত এই ভয়ানক স্থিতি কিয় হৈছে ? গতিকে মহানগৰীত যান বাহন আৰক্ষী,প্ৰশাসনৰ সকলো সদস্য একত্ৰিত হৈ এই সন্দৰ্ভত কাম কৰিলেহে উপায় ওলাব ৷সেয়া নিশ্চিত ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰ আৰু অন্য বিষয়াসকলক চলিত বৰ্ষৰ ১৩ ছেপ্তেম্বৰৰ ভিতৰত গুৱাহাটীত যানবাহনৰ সমস্যাৰ তদন্ত কৰাৰ কাৰণে কয়। ২০১৬ চনত অধিবক্তা ৰিতা দাস মজুমদাৰে গুৱাহাটী প্ৰতিদিনে হোৱা যান বাহন তথা যাতায়তৰ সমস্যাৰ কাৰণে আৰু জনসাধাৰণ সুবিধাৰ্থে এখন লিখিত প্ৰতিবেদন দিছিল উচ্চ ন্যায়ালয়ত।

এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰ আৰু অন্য বিষয়াসকলক প্ৰশ্ন কৰে যে গুৱাহাটীত যাতায়তৰ ব্যৱস্থা কিয় সফত হোৱা নাই। কাৰণ যানবাহনক নিয়ন্ত্ৰণ কৰাৰ কাৰণে কোনো আইন নাই। ইফালে ন্যায়ালয়ে জানিব পৰা বিষয় সমূহ হৈছে গুৱাহাটীৰ চিটী বাছ সমূহ সময় মতে কিয় নচলে?চিটী বাছসমূহ য’তে ত’তে কিয় আস্থান কৰে? কাৰণ চিটী বাছ সমূহ ৰখাবৰ কাৰণে বাছ আস্থান থাকে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com