Begin typing your search above and press return to search.

সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ধৰ্না কাৰ্যসূচী

সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ধৰ্না কাৰ্যসূচী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Sep 2019 1:23 PM GMT

সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচন ( All Assam Bengali federation ) ৰ ধৰ্না কাৰ্যসূচী। বিভিন্ন সময়ত বিভিন্ন সংগঠনে সমস্যা সমাধানৰ দাবী জনায় ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰা দেখা যায়।মঙ্গলবাৰে বঙাইগাঁওত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচন এ ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে ।

এই সংগঠনটোৱে এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দাবী ( National register citizen ) কৰে , যৰ পৰা এজন ভাৰতীয় লোকৰ নামো বাদ নপৰে ।

সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি সম্ৰাট ভৱাল এ সংবাদ মাধ্যমৰ আগত কয় যে , ভাৰতৰ বহুতো হিন্দু বঙালী লোক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হোৱাৰ পৰা বঞ্চিত হৈছে ।সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সম্পাদক গৰাকীয়ে কয় যে কমেও ১২ লাখ বঙালী লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকাৰ পৰা বাদ পৰিছে ।

তেওঁলোকৰ দাবীৰ কৰে যে যি সকল লোক চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ পৰিছে সেই সকল লোকৰ নাম চৰ্তহীন ভাৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰিব লাগিব । তাৰোপৰি যি সকল লোক ডিচটেন্সন কেম্পত আছে সেই সকল লোকক অতি সোনকালেই মুক্ত কৰাৰ দাবী কৰে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচন এ ।

লগতে সংগঠনটোৱে কয় যে , যি সমূহ নথি পত্ৰ ভাৰতীয় ৰেলৱে প্ৰেৰণ কৰিছে সেই সমূহ নথি পত্ৰ বৈধ হিচাপে গ্ৰহণ কৰিব লাগিব নহলে তেওঁ লোকৰ দাবী সমূহ মানি ল'ব লাগিব । তাৰোপৰি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সম্পাদক গৰাকীয়ে কয় যে যদিহে তেওঁলোকৰ দাবী গ্ৰহণ কৰা নহয় তেতিয়া হ'লে পৰৱৰ্তী সময়ত এক বৃহৎ গন আন্দোলন গঢ়ি তুলিব সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে ।

অধিক খবৰৰ বাবে পঢ়ক: ওদালগুৰিত হিন্দী ভাষী বিকাশ পৰিষদৰ ধৰ্না

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam Government Enforces New Motor Vehicle (Amendment) Act | The Sentinel News | Assam News

Next Story
চাকৰি