ওদালগুৰিত হিন্দী ভাষী বিকাশ পৰিষদৰ ধৰ্না

ওদালগুৰিত হিন্দী ভাষী বিকাশ পৰিষদৰ ধৰ্না। ওদালগুৰি জিলাত ২৪ ছেপ্টেম্বৰত হিন্দী ভাষী বিকাশ পৰিষদৰ ওদালগুৰি সমিতিয়ে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ চৌহদত তিনি ঘন্টীয়া ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে । ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত হিন্দী ভাষী লোকৰ নাম অন্তৰ্ভুক্তৰ নোহোৱাত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ।
এই সদৌ হিন্দী ভাষী বিকাশ পৰিষদ নামৰ সংগঠনটোৱ বহু হিন্দী ভাষী লোকৰ নাম চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকাৰ পৰা বাদ পৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে । প্ৰতিবাদ কাৰী সকলে কয় যে , বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা অহা লোকসকল যিয়ে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা অনা নথি পত্ৰ ৰ ভিত্তিত অসমত বসবাস কৰি আহিছে সেই সকলৰো নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকাৰ পৰা বাদ পৰাটো দুৰ্ভাগ্যজনক ।
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ , অসমৰ ৰাজ্যপাল , অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সমন্বয় প্ৰতিক হাজেলা লৈ সমস্যাটোৰ সমাধান বিচাৰি এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।
অন্য খবৰৰ বাবে পঢ়ক: ১ লাখ ভূমি পট্টা প্ৰদান কৰা হ’ব দেশীয় ভূমিহীন লোকক
ভিডিঅ প্ৰতক্ষ্য কৰক:Two female drug peddlers apprehended in Guwahati | The Sentinel News | Assam News