Begin typing your search above and press return to search.

আহি আছে আমিৰ খানৰ নতুন ছবি লাল সিং চদ্দা,আমিৰৰ নতুন ৰূপ

আহি আছে আমিৰ খানৰ নতুন ছবি লাল সিং চদ্দা,আমিৰৰ নতুন ৰূপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Dec 2019 11:02 AM GMT

আহি আছে আমিৰ খানৰ নতুন ছবি লাল সিং চদ্দা , আমিৰৰ নতুন ৰূপ । বলিউডৰ অভিনেতা আমিৰ খান তেওঁৰ অভিনয়ৰ বাবে অতি জনপ্ৰিয়। তদুপৰি মাজে মাজেহে আমিৰ খানৰ নতুন ছবি দেখা পোৱা যায় কিন্তু যেতিয়াই অভিনেতা গৰাকীৰ ছবি মুক্তি লাভ কৰে তেতিয়াই বলিউড ছবি জগতত খলকনিৰ সৃষ্টি হয়। আমিৰ খানৰ অনুৰাগী সকলে তেওঁৰ ছবিৰ বাবে কৰা অপেক্ষাৰ মাজতে অভিনেতা গৰাকীৰ আহি আছে এখন নতুন ছবি ।

বলিউডৰ অভিনেতা আমিৰ খানৰ আহি থকা নতুন ছবি খনৰ নাম হ'ল লাল সিং চদ্দা । বৰ্তমান সময়ত আমিৰ খান লাল সিং চদ্দাৰ কামত ব্যস্ত হৈ আছে । ৰাজস্থানৰ জৈসলমেৰত এই ছবি খনৰ শ্বুটিং চলি আছে।‌ থাগচ অফ হিন্দুস্তানৰ পিছত অভিনেতা গৰাকীয়ে নিজৰ অনুৰাগী সকলৰ বাবে আহি আছে এক নতুন ৰূপত । ইতিমধ্যে ছবি খনৰ পোষ্টাৰ মুক্তি লাভ কৰিছে আৰু আমিৰ খানৰ অনুৰাগী সকলৰ মাজত তেওঁৰ নতুন ৰূপ লৈ এক আনন্দময় পৰিবেশৰ সৃষ্টি হৈছে।

https://www.instagram.com/p/B4_nGQ3h3k-/?utm_source=ig_web_copy_link

শ্বুটিংৰ সময়ৰ কিছুমান ফটো ইতিমধ্যে প্ৰচাৰ হৈছে, য'ত আমিৰ খানক লাল সিং চদ্দাৰ ৰূপত দেখিবলৈ পোৱা গৈছে ।‌ দীঘল চুলি আৰু দীঘল দাড়িৰ সতে আমিৰ খানক ব্যতিক্ৰমী ৰূপত দেখা গৈছে ।

ছবি খনৰ ট্ৰিজৰ মুক্তি পোৱাৰ আগতেই আমিৰ খানৰ নতুন ৰূপ প্ৰচাৰ হ'ল । ইতিমধ্যে এই ফটো খন ছ'চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰ হৈছে।

আমিৰ খানে তেওঁৰ ইন্চটাগ্ৰাম একাউণ্টৰ জৰিয়তে ফটো খন শ্বেয়াৰ কৰিছে । য'ত তেওঁক সৰদাৰৰ ৰূপত দেখা গৈছে । তদুপৰি ফটো খনত আমিৰ খানৰ ওজনো বৃদ্ধি হোৱা দেখা গৈছে।

এই ছবি খন মূল ছবি ফাৰিষ্ট গাম্পৰ হিন্দী ৰিমেক হয় । এই মূল ছবি খন ১৯৯৪ চনতে মুক্তি লাভ কৰিছিল। মূল ছবি খনত টম হেক্সে মূল চৰিত্ৰত অভিনয় কৰিছিল।

অন্য খবৰৰ বাবে পঢ়ক : ছনী টিভিৰ ৰিয়েলিটী শ্ব’ দ্যা কপিল শৰ্মা শ্ব’ত উপস্থিত হ’ল ছলমান খান

ভিডিঅ প্ৰতক্ষ্য কৰক: RTI activist Dulal Bora arrested for allegedly blackmailing Motor Vehicle Inspector in Guwahati

Next Story
চাকৰি