কা ৰ বিৰুদ্ধে লখিমপুৰত আছু আৰু অন্যান্য সংগঠন সমূহে অব্যাহত ৰাখিছে প্ৰতিবাদ

কা ৰ বিৰুদ্ধে লখিমপুৰত আছু আৰু অন্যান্য সংগঠন সমূহে অব্যাহত ৰাখিছে প্ৰতিবাদ

কা ৰ বিৰুদ্ধে লখিমপুৰত আছু আৰু অন্যান্য সংগঠন সমূহে অব্যাহত ৰাখিছে প্ৰতিবাদ ।কা ৰ বিৰুদ্ধে লখিমপুৰত আছু আৰু অন্যান্য সংগঠন সমুহে অব্যাহত ৰাখিছে প্ৰতিবাদ । বৃহস্পতিবাৰে লখিমপুৰ জিলাৰ ঘিলামৰাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ঘিলামৰাবাসী ৰাইজে কৰে প্ৰতিবাদ । প্ৰতিবাদস্থলীত ঘিলামৰাবাসীয়ে কয় যে যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী আইনখন বাতিল নকৰে তেতিয়ালৈকে আমি আমাৰ প্ৰতিবাদ অব্যাহত ৰাখিম । প্ৰতিবাদস্থলীত ঘিলামৰাৰ জ্যেষ্ঠ নাগৰিকৰ পৰা ছাএলৈ সকলো শ্ৰেণীৰ লোকে নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে থিয় দিয়ে আৰু যেতিয়ালৈকে আইনখন বাতিল নহয় তেতিয়ালৈকে আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যোৱাৰ অংগীকাৰ কৰে । ঘিলামৰাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আঞ্চলিক গোট, অসম সাহিত্য সভাৰ ঘিলামৰা গোট , ঘিলামৰা আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত হোৱা প্ৰতিবাদত প্ৰতিবাদীসকলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী শ্ল'গান দিয়ে। কোনো পৰিস্থিতিতে এইখন আইন গ্ৰহন নকৰো বুলি মন্তব্য কৰি জিলা আছুৰ নেতাসকলে ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰে কা বিৰোধী প্ৰতিবাদক দমন কৰিবলৈ যিধৰনৰ দমনমুলক কাৰ্যপন্থা লৈছে তাৰ সমালোচনা কৰে । প্ৰতিবাদকাৰী সকলে আইনখনৰ সন্দৰ্ভতস্পষ্টভাবে কয় যে চৰকাৰৰ কোনো দমনমুলক নীতিয়ে কা বিৰোধী আন্দোলন বন্ধ কৰিব নোৱাৰে । একেদৰে জ্যেষ্ঠ নাগৰিক মঞ্চই ৰাজ্যত কা বিৰোধী প্ৰতিবাদীক গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহনা দিয়ে ।মঞ্চই অভিযোগ কৰে যে চৰকাৰে মানব অধিকাৰ উল্ংঘন কৰি কা বিৰুধী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকক সোনকালে এৰি দিবলৈ দাবী জনায় ।

ঢলপুৰ আঞ্চলিক গোট আছু ৰ স'তে ৩০ টা -জনগোষ্ঠীয় সংগঠনে বৃহস্পতিবাৰে ঢলপুৰ কেন্দ্ৰত আইনখন বাতিলৰ দাবীত প্ৰতিবাদ কৰে । ঢলপুৰৰ জনসাধাৰনে একেৰাহে কা ৰ বিৰোধীতা কৰিছে ।প্ৰতিবাদস্থলিত লখিমপুৰ জিলাৰ আছু গোটৰ সাধাৰন সম্পাদক ধনমনি দত্ত , উপ-সভাপতি মৃদুল দাস আৰু উওৰ লখিমপুৰ গোটৰ সভাপতি সিমান্ত নেওগে আইনখনৰ বিৰুদ্ধে ভাষণ আগবঢ়াই । ৰাজগঢ় - শিমলুগুৰিৰ আছু গোটেও এই আইনখনৰ বিৰোধীতা কৰে ।বৃহস্পতিবাৰে লখিমপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত আইনখনৰ বিৰুদ্ধে ৪৮ ঘণ্টাৰ অনশন কায্যসূচী ৰূপায়ন কৰে সদৌ অসম মৰিয়া যুব ছাএ সংগঠনে । সংগঠনটোৰ নেতৃত্বই কয় যে আইনখন বাতিল নোহোৱালৈকে এই প্ৰতিবাদ অব্যাহত ৰখা হব।

ভিডিঅ প্ৰতক্ষ্য কৰক: Man injured in elephant attack, Residential Quarters destroyed in Digboi

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com