Begin typing your search above and press return to search.

 শিৱসাগৰৰ শৃংখল চলিহাৰ বাসগৃহত চি আই ডি ৰ তালাচী অভিযান

 শিৱসাগৰৰ শৃংখল চলিহাৰ বাসগৃহত চি আই ডি ৰ তালাচী অভিযান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Dec 2019 12:49 PM GMT

শিৱসাগৰৰ শৃংখল চলিহাৰ বাসগৃহত চি আই ডি ৰ তালাচী অভিযান। বৃহস্পতিবাৰ অৰ্থাৎ আজি পুৱা শিৱসাগৰৰ ফুকন নগৰৰ নিৱাসী বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ ঘৰত চি আই ডিৰ দলে তালাচী চলায় ।

চি আই ডি ৰ দলটোৱে শিৱসাগৰ আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ সহযোগত এই অভিযান চলায় । তালাচীৰ সময়ত শৃংখল চলিহাৰ পিতৃ মাতৃক জেৰা কৰিছে বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি চি আই ডিৰ দলটোৱে শৃংখল চলিহাৰ মাতৃৰ মোবাইল ফোন লৈ যায় ।

শৃখংল চলিহাৰ পিতৃ মাতৃয়ে এই সময়ত তেওঁলোকৰ লগত থাকিবলৈ অসমৰ মানুহক আহ্বান জনায়।

ডিব্ৰুগড় আৰক্ষীয়ে ২০ ডিচেম্বৰ তাৰিখে গুৱাহাটী সম্বন্ধীয় ঘটনাত ডিব্ৰুগড় জিলাৰ বৰবৰুৱাত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পূৰ্বে অসম আৰক্ষীৰ চি আই ডিয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচতনি মূলক মন্তব্য দিয়াৰ আৰোপত শৃংখল চলিহাৰ বিৰুদ্ধে ৩০/২০১৯ গোচৰ ৰুজু কৰিছিল।

শৃংখল চলিহাক সোমবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছতেই গুৱাহাটীলৈ অনা হৈছিল। তেওঁক মঙ্গলবাৰে চি জে এম কোৰ্টত‌ হাজিৰ কৰোৱা হৈছিল। তাৰ পিছতেই কোৰ্টে তেওঁক দুদিনৰ বাবে চি আই ডিৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী আন্দোলনৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি কটনিয়ানৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Hardcore Dacoit Nabbed in Nagaon, Pistol and Ammunition seized

Next Story
চাকৰি