Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী আন্দোলনৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি কটনিয়ানৰ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী আন্দোলনৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি কটনিয়ানৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Dec 2019 11:27 AM GMT

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী আন্দোলনৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি কটনিয়ানৰ । খ্ৰীষ্টমাছৰ পবিত্ৰ দিনটোত কা বিৰোধী আন্দোলনত শ্বহীদ হোৱা পাচঁজন শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে কটন বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰে এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰন সম্পাদক জিন্তু ঠাকুৰীয়াই মন্তব্য কৰে কা বিৰোধী প্ৰতিবাদত আমি পাচঁজন নিৰীহ লোকক হেৰুৱালো। পাচঁজন শ্বহীদক সন্মান জনায় শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে এই অনুষ্ঠান অনুষ্ঠিত কৰিছো । আমি কটন বিশ্ববিদ্যালয় ছাত্ৰ সমাজে দাবী কৰিছো যে চৰকাৰে শ্বহীদ সকলৰ উদ্দেশ্যে দুই তিনি লাখ টকা ক্ষতিপূৰন দি কোনোধৰনৰ ৰাজনীতি কৰিব নালাগে। আমাৰ দাবী শ্বহীদ কেইজনক শ্ৰদ্ধা জনায় তেওঁলোকৰ স্মৃতি অটুট ৰখাৰ উদ্দেশ্যে সুনিশ্চিত ব্যৱস্থা গ্ৰহন কৰিব লাগে। তেওঁ লগতে কয় যে 'বিদ্যাৰ্থী ভৱন' নামৰ যিটো অনুষ্ঠানটোৰ কাম চলি আছে । আমি কটন বিশ্ববিদ্যালয়ৰ ছাএ ছাএীয়ে কতৃপক্ষক অনুৰোধ জনাইছো পাচঁজন শ্বহীদৰ নামেৰে ভৱনটো নামাকৰন কৰক ।

অন্য এজন কটন কলেজৰ ছাএ হিৰক জ্যোতি বৰাই কয় "আমি শ্বহীদকেইজনৰ বাবে কেৱল শ্ৰদ্বাঞ্জলি অনুষ্ঠান কৰিয়েই দ্বায়িত্ব শেষ নকৰোঁ । পাচঁজন শ্বহীদে অতি সোনকালে ন্যায় লাভ কৰক তাৰ বাবে আমি দাবী জনাইছো । ইতিমধ্যেই আমি শ্বহীদ কেইজনৰ ন্যায় লাভৰ উদ্দেশ্যে আৰক্ষী থানাত অভিযোগ কৰিছো ।অনুষ্ঠানত প্ৰাক্তন সাধাৰন সম্পাদক প্ৰাঞ্জল কলিতাই কয় যে অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদক সেই সময়ৰ চৰকাৰে অসন্মান কৰিছিল কিন্তু এই পাচঁ জন শ্বহীদক চৰকাৰে ন্যায় প্ৰদান কৰিবই লাগিব। চৰকাৰৰ ভোট বেংক ৰাজনীতি আমি কোনো প্ৰকাৰে মানি নলওঁ। চৰকাৰে জাতিৰ এই সংকটৰ সময়ত জনসাধাৰনৰ লগত থিয় দিয়া নাই আৰু কেৱল এটা মাত্ৰ বছৰ এই চৰকাৰে কায্যনিৰ্বাহ কৰিব । তাৰ পিছত অসমবাসী ৰাইজে তেওঁলোকক গাদীচ্যুত কৰিব আৰু ৰাজ্যৰ জনসাধাৰনে গৌৰৱেৰে জীৱন নিৰ্বাহ কৰিব।

অন্য খবৰৰ বাবে পঢ়ক : ডিমৌত নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত

ভিডিঅ প্ৰতক্ষ্য কৰক: BJP takes out Silent Procession in Barpeta, Himanta Biswa Sarma and Ranjeet Dass joins the rally

Next Story
চাকৰি