ডিমৌত নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত

 ডিমৌত নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত

ডিমৌত নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে প্ৰতিবাদ। অসম প্ৰদেশ কংগ্ৰেছৰ পৃষ্ঠপোষকতাত শিৱসাগৰ জিলা আৰু থউৰা ব্লক কংগ্ৰেছৰ সহযোগীতাত বুধবাৰে ডিমৌত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এক জনজাগৰণ যাত্ৰা নামৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।এই বিক্ষোভ কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নেতা,থউৰা ব্লক নিৰ্বাচন ক্ষেত্ৰৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁই ও উপস্থিত থাকে।

জনজাগৰণ যাত্ৰা কাৰ্যসূচী ডিমৌৰ দেহাজানৰ পৰা আৰম্ভ হৈ ডিমৌ চাৰিআলিত শেষ হয় । তাৰ পিছতেই ডিমৌ চাৰিআলিত এক প্ৰতিবাদী সভাৰ আয়োজন কৰা হয়। কংগ্ৰেছ নেতা সকলে শাসনাধিষ্ট বিজেপি চৰকাৰ আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ কাৰ্যসূচী উত্তাল মুখৰ কৰি তোলে। এই প্ৰতিবাদী সভাত সুশান্ত বৰগোহাঁয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ শ্বহীদ হোৱা সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু কয় যে কংগ্ৰেছে প্ৰায় জনতাৰ লগত আছে আৰু ভৱিষ্যতে ও থাকিব ।

কংগ্ৰেছ নেতা সুশান্ত বৰগোহাঁয়ে বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰে জাতি, মাটি,ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু এতিয়া তেওঁলোকে নিজৰ প্ৰতিশ্ৰুতি পাহৰি গৈছে । সুশান্ত বৰগোহাঁয়ে কয় যে বিজেপিয়ে অসমীয়া জাতিৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছে যাৰ বাবে অসমৰ জনসাধাৰণে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে ।

অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বিজেপি চৰকাৰৰ সমালোচনা কৰি কয় যে যদি নাগৰিকত্ব সংশোধনী আইন প্ৰনয়ন হয় তেন্তে ই অসমৰ জাতি, অস্তিত্ব, ভাষা সংস্কৃতিত ভাবুকি আনিব ।

ডিমৌৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠন, মহিলা, ছাত্ৰ সমাজ, সাহিত্য সমাজ, শিল্পী সমাজ আদিয়ে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

তদুপৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন দল, ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছে । অহা বৰ্ষৰ ২২ জানুৱাৰী তাৰিখে নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত উচ্চতম ন্যায়ালয় পৰৱৰ্তী শুনানি প্ৰদান কৰিব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com