Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নুমলীগড়ত অব্যাহত আছে প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নুমলীগড়ত অব্যাহত আছে প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Dec 2019 8:50 AM GMT

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নুমলীগড়ত অব্যাহত আছে প্ৰতিবাদ । নুমলীগড়ত বিভিন্ন সামাজিক সংগঠন, ছাত্ৰ সংগঠন আৰু সাধাৰণ জনসাধৰণে গোলাঘাট জিলাত প্ৰতিবাদী সমদল, প্ৰতিবাদী সভাআদিৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

মৰাংগী শাখাৰ বিশিষ্ট নাগৰিক মঞ্চৰ লগতে শতাধিক লোকৰ সহযোগত সোমবাৰে আবেলি পুৰবংলাৰ ৰাষ্ট্ৰীয় ঘাইপথ ৩৯ ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।‌ প্ৰতিবাদী দলটোৱে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ বাবে চৰকাৰক আহ্বান জনায়। প্ৰতিবাদকাৰী সকলে স্পষ্ট ৰূপত কয় যে নাগৰিকত্ব সংশোধনী আইনৰ দ্বাৰা তেওঁলোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিব ।

মোৰংগী শাখাৰ বিশিষ্ট নাগৰিক মঞ্চৰ সভাপতি পদ্মেশ্বৰ বৰাই কয় যে আমি অসম আন্দোলনৰ সক্ৰিয় আন্দোলন দেখিছো আৰু অংশ ও লৈছো । ইতিহাসে কয় যে অহংকাৰে পতনৰ মূল । ক্ষমতাৰ অধিষ্ঠ সকলে এতিয়া অন্ধ আৰু বধিৰ কাম কৰা আছে । এয়া কেৱল ক্ষমতাৰ লোভতহে কৰিছে ।

এজন বিশিষ্ট নাগৰিকে চৰকাৰক উপদেশ দি কয় যে এয়া এতিয়াও পলম হোৱা নাই। নিজৰ লোকৰ সাপেক্ষে থিয় দিয়া আৰু জনসাধাৰণে ক্ষমা কৰিও দিব । আমি উজ্বল ভৱিষ্যতৰ লগত শান্তিপূৰ্ণ আৰু সমৃদ্ধ অসম বিচাৰো ।

এই প্ৰতিবাদী কাৰ্যসূচীত অঞ্চলটোৰ আন সামাজিক সংগঠন সমূহেও ভাগ লৈছে আৰু এই প্ৰতিবাদক সমৰ্থন কৰিছে । মোৰংগী সদৌ অসম ছাত্ৰ সন্থাই ও উক্ত দিনত দৈগুৰুং বজাৰ অঞ্চলৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰায় শতাধিক আছুৰ কৰ্মকৰ্তাৰ লগতে ছাত্ৰ, মহিলা আৰু সাধাৰণ জনতাইও এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

অন্যহাতে এছ এম এছ এছ ( আই) অৰ্থাৎ চাহ মুক্তি সংগ্ৰাম সমিতিয়ে মোৰাংগী চাহ বাগিছাৰ প্ৰায় শতাধিক চাহ জনগোষ্ঠীৰ লোকৰ সহযোগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

পশ্চিম মোৰাংগী শাখাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গাওঁ সমূহত সজাগতা সৃষ্টি কৰিবলৈ ব্যৱস্থা গ্ৰহন কৰে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এজন নেতাই কয় যে আমাৰ সংস্কৃতি আৰু ভাষাৰ ওপৰত নাগৰিকত্ব সংশোধনী আইনৰ ক্ষতিকাৰক সম্পৰ্কে জনসাধৰণক সজাগ কৰিব লাগিব । এই আইন অসমীয়াৰ অস্তিত্বৰ বাবে ভাবুকি আনিব আৰু এই আইনৰ বিৰুদ্ধে আমি সকলোৱে ওলাই আহিব লাগিব।

মঙ্গলবাৰে বোকাখাটত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হয় । এই আইনৰ বিৰোধিতা কৰিবলৈ হাজাৰ হাজাৰ লোক উপস্থিত হয় । এই প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাই জনসাধৰণক একত্ৰিত হৈ আৰু গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।

অন্য খবৰৰ বাবে পঢ়ক : ইটানগৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমীয়া সমাজে অব্যাহত ৰাখিছে প্ৰতিবাদ

ভিডিঅ প্ৰতক্ষ্য কৰক: AASU ‘Gana Satyagraha Programme’ against CAA 2019 in Golaghat

Next Story
চাকৰি