নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৰ পৰৱৰ্তী আন্দোলনৰ ঘোষনা

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৰ পৰৱৰ্তী আন্দোলনৰ ঘোষনা

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৰ পৰৱৰ্তী আন্দোলনৰ ঘোষনা । ৰাজ্যত তীব্ৰ গতিত চলি আছে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে প্ৰতিবাদ।‌ ইতিমধ্যে বিগত কেইবাদিনো ধৰি সদৌ অসম ছাত্ৰ সন্থাকে ধৰি আন ৩০ টা জনগোষ্ঠীয় সংগঠনে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে । বুধবাৰ অৰ্থাৎ ১৮ ডিচেম্বৰ তাৰিখে আছুৰ তিনিদিনীয়া সত্যাগ্ৰহ কাৰ্যসূচীৰ অন্ত পৰে।

সদৌ অসম ছাত্ৰ সন্থাই বুধবাৰে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে পৰৱৰ্তী আন্দোলনৰ ঘোষনা কৰে। তিনিদিনীয়া সত্যাগ্ৰহ কাৰ্যসূচীৰ অন্তিম দিনা গুৱাহাটীৰ‌ দীঘলিপুখুৰীৰ পাৰৰ পৰাই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই ঘোষনা কৰে পৰৱৰ্তী আন্দোলনৰ। আন্দোলনৰ নতুন সময়সূচী অনুসৰি বৃহস্পতিবাৰে চানমাৰি অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত শিল্পী সমাজৰ বিক্ষোভ প্ৰদৰ্শন হ'ব । তাৰ মাজতেই ২১ ডিচেম্বৰ তাৰিখে মহিলাৰ অৱস্থানেৰে সমগ্ৰ ৰাজ্য জুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰা হ'ব । সেই দিনা খনেই এই কাৰ্যসূচী লতাশিল খেলপথাৰত অনুষ্ঠিত হ'ব । লতাশিলৰ লগতে ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ খেলপথাৰত দিনৰ ১১ বজাৰ ২ বজালৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰা হ'ব । তাৰ পিছতেই ২৩ ডিচেম্বৰ তাৰিখে ৰাজ্য জুৰি নাগৰিকৰ অৱস্থানেৰে আইন খনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰা হ'ব। ঠিক একেদৰে ২৪, ২৬ আৰু ২৮ ডিচেম্বৰ তাৰিখে সমগ্ৰ ৰাজ্যৰ প্ৰতিটো অঞ্চল, গাওঁতে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব।

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই জনোৱা অনুসৰি আছুয়ে ঘোষনা কৰা বিক্ষোভ কাৰ্যসূচীৰ মাজতেই অসমৰ গাৱে গাৱে, প্ৰতিটো অঞ্চলত সভা, পদযাত্ৰা, প্ৰতিবাদী সভা , চাইকেল সমদল আদি ৰূপায়ন কৰিব ।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে এতিয়াৰে পৰা আছুৱে অধ্যয়নৰ লগতে আন্দোলনো আগবঢ়াই লৈ যাব ।

লগতে এই আন্দোলন অহিংস, শৃংখলাবদ্ধ আন্দোলন অব্যাহত থাকিব বুলি কয় সংগঠনটোৱে। অসমীয়া জাতিৰ অস্তিত্বৰ বাবে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে আন্দোলন কাৰ্যসূচী আগবঢ়াই নিব আছুৰ লগতে আন ৩০ টা জনগোষ্ঠীয় সংগঠনে।

ভিডিঅ প্ৰতক্ষ্য কৰক : Protest against CAA-2019 is on, Several protesters join AASU in Tinsukia

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com