Begin typing your search above and press return to search.

দিল্লীত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক‌ৰ প্ৰতীকী প্ৰতিলিপি দাহ সদৌ অসম ছাত্ৰ সন্থাৰ

দিল্লীত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক‌ৰ প্ৰতীকী প্ৰতিলিপি দাহ সদৌ অসম ছাত্ৰ সন্থাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Dec 2019 6:20 AM GMT

দিল্লীত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক‌ৰ প্ৰতীকী প্ৰতিলিপি দাহ সদৌ অসম ছাত্ৰ সন্থাৰ।‌ মঙ্গলবাৰে দিল্লীত অসমৰ জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনাত মিলিত হয় । তাৰ পিছতেই বুধবাৰে কেন্দ্ৰীয় কেবিনেটে বিতৰ্কিত নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ ওপৰত অনুমোদন জনোৱাত দিল্লীৰ অসম হাউচৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ প্ৰতীকী প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আছু , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে আন কিছুমান জাতীয় দল সংগঠনে বিতৰ্কিত বিধেয়ক খন সম্পৰ্কে প্ৰতিবাদ সাব্যস্ত কৰে।

বুধবাৰে ৰাতিপুৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যাক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ত অনুমোদন জনোৱা হয়।

আছুৰ পৰামৰ্শদাতা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে আমি কেতিয়াও নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলও। এই বিধেয়ক খন অসম চুক্তিৰ মূল নীতিৰ বিৰোধী হয় ।

কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটীত বৃহস্পতিবাৰে অৰ্থাৎ আজি সদৌ অসম ছাত্ৰ সন্থাৰ জৰুৰী কাৰ্যনিৰ্বাহ সভা আহ্বান কৰা হৈছে । আছুৰ বিশিষ্ট নেতাই কৈছে যে এই আলোচনাত ঐক্যবদ্ধ ভাৱে বিধেয়ক খনৰ বিৰুদ্ধে কাৰ্যপন্থা গ্ৰহন কৰা হ'ব ।

সমুজ্জ্বল ভট্টাচাৰ্য্যই কয় যে সংগঠনটোৱে অতি স্পষ্টতাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কৈছে যে অসমে কোনো পধ্যেই নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয় । ৭০ দশকত ‌অবৈধ বিদেশীৰ বিৰুদ্ধে কৰা আন্দোলনত অসমৰ বহু লোকে প্ৰধান হেৰুৱাইছে । গতিকে এই বিল খনক অসমে কেনেদৰে গ্ৰহন কৰিব যিয়ে অবৈধ হিন্দু বাংলাদেশীক সাংবিধানিক সুৰক্ষা প্ৰদান কৰিব ।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: AASU stand against CAB, threatens to launch oust-govt movement in Assam

Next Story
চাকৰি