Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Dec 2019 6:14 AM GMT

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ । ৰাজ্যৰ বিভিন্ন স্থানত আন্দোলন বিক্ষোভ প্ৰদৰ্শন কৰি থাকোতেই কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনালে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জাতিধ্বংসী বিধেয়ক খনৰ ওপৰত । মঙ্গলবাৰে দিল্লীত আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৈঠক অনুষ্ঠিত হোৱাৰ কিছু সময় পিছতেই কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনালে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ । এই বিধেয়ক খনে ২০১৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা হিন্দু, খ্ৰীষ্টান, শিখ , পাৰ্চী , জৈন আৰু বৌদ্ধ সকলক নাগৰিকত্ব প্ৰদান কৰাৰ কথা উল্লেখ আছে।

কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেড়কাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্বন্ধীয় প্ৰশ্নৰ উত্তৰত কয় যে এই বিধেয়ক খনৰ জৰিয়তে ভাৰতৰ হিতৰ কথা চিন্তা কৰা হৈছে ।‌ তেওঁ কয় যে যেতিয়া এই বিধেয়ক খনৰ ব্যৱস্থাপনা সমূহ ঘোষণা কৰা হ'ব তেতিয়া অসম, উত্তৰ-পূৰ্বাঞ্চল তথা সমগ্ৰ দেশৰ মানুহে নাগৰিকত্ব সংশোধনী বিধেয়ক খনক স্বাগতম জনাব । এই বিধেয়ক খন এদিন বা দুদিনৰ বাবে সংসদত উত্থাপন কৰা হ'ব । লগতে কয় যে বিধেয়ক খন উত্থাপন কৰাৰ সময়ত বিধেয়ক খন সম্পৰ্কে বিস্তৃত ভাৱে চৰ্চা কৰা যাব । জাভেড়কাৰে কয় যে এই বিধেয়ক খনৰ ব্যৱস্থাপনাত ৰাষ্ট্ৰীয় হিত আৰু প্ৰাকৃতিক ন্যায়ৰ দিশত আছে ।

মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি এই বিধেয়ক খন পূৰ্বৰ তুলনাত কিছু সংশোধিত ৰূপত প্ৰস্তুত কৰা হৈছে । মন্ত্ৰী গৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ক্ষেত্ৰত আন কথা প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ।

তদুপৰি ষষ্ঠ অনুসূচীৰ এলেকা তথা ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য সমূহত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নোহোৱাৰ কথা উল্লেখ আছে । আনহাতে অসম চুক্তিৰ আধাৰত নাগৰিকত্ব আইনত অন্তৰ্ভুক্ত হোৱা ৬ নং দফা সন্দৰ্ভত বিধেয়কৰ সংশোধীত ৰূপত কিছু কথা উল্লেখ আছে। অৱশ্যে সংসদত দাখিল হোৱাৰ পিছতহে বিধেয়কৰ সংশোধীত ৰূপত কি কথা উল্লেখ আছে সেয়া গম পোৱা যাব ।

অন্য খবৰৰ বাবে পঢ়ক : কামত শিথিলতা : ৪৭ লাখৰ বিপৰীতে গডকপ্তানি বিভাগে ব্যয় কৰিলে ৮.৮৩ কোটি

ভিডিঅ প্ৰতক্ষ্য কৰক: AASU stand against CAB, threatens to launch oust-govt movement in Assam

Next Story
চাকৰি