কামত শিথিলতা : ৪৭ লাখৰ বিপৰীতে গডকপ্তানি বিভাগে ব্যয় কৰিলে ৮.৮৩ কোটি

কামত শিথিলতা : ৪৭ লাখৰ বিপৰীতে গডকপ্তানি বিভাগে ব্যয় কৰিলে ৮.৮৩ কোটি

কামত শিথিলতা : ৪৭ লাখৰ বিপৰীতে গড়কাপ্তানী বিভাগে ব্যয় কৰিলে ৮.৮৩ কোটি।নিধাৰিত বাজেট নথকাকৈ যোগানৰ নিৰ্দেশ দিয়াৰ বাবদ গড়কাপ্তানী বিভাগে আৰ চি চি পাইপৰ যোগানৰ নামত ৪৭ লাখ টকাৰ বিপৰীতে ব্যয় কৰিলে ৮.৮৩ কোটি টকা।ভাৰতবর্ষৰ কেগৰ এক তথ্যত এই অনিয়ম ধৰা পৰিছে। কেগে এই অনিয়মক শিথিলতা আৰু নিৰ্দিষ্ট সময়ত পুঁজি মুকলি কৰিব নোৱাৰাৰ কাৰণত হৈছে বুলি আঙুলিয়াইছে।

এই শিথিলতা ধৰা পৰিছে ৰাজ্যৰ কৰিমগঞ্জ আৰু ধুবৰী খণ্ডত।দুই খণ্ডৰ অভিযন্তা সকলে বেলেগ বেলেগকৈ আৰ চি চি স্পান পাইপ যোগানৰ নিৰ্দেশ দিছিল যাৰ মূল্য আগষ্ট১৯৯০ আৰু অক্টোবৰ ১৯৯৬ চনৰ সময়ছোৱাত আছিল ৪৭ লাখ টকা।

নিৰ্দেশণা অনুসৰি পাইপ সমূহৰ যোগান ধৰা হল। যি সময়ত গডকাপ্তানী বিভাগৰ কৰিমগঞ্জ খণ্ডই যোগানকাৰীক ৮.৭ লাখ টকা যোগান ধৰে যত যোগান ধৰিব লগা পাইপৰ মূল্য আছিল ১৭লাখ টকা। অন্যহাতে ধুবৰী খণ্ডই ৩০ লাখ টকাৰ পাইপৰ বিপৰিতে ১৪.৫লাখ টকাৰ পাইপ যোগান ধৰিছিল। দুই খণ্ডতে মুঠ ব্যয় হৈছিলগৈ প্রায় ২৪লাখ টকা।ইয়াৰ পিছতেই বিভাগটোৱে যোগানকাৰীক কোনো ধন দিয়া নাছিল।

ইয়াৰ পিছতেই ব্যৱসায়ী সকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত বিষয়তো সম্পৰ্কত গোচৰ তৰে। অন্যহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ গডকাপ্তানি বিভাগক পনালটি সহিত বাকী দিবলগীয়া ধন আদায় দিয়াৰ বাবে নিৰ্দেশ দিয়ে।কিন্ত্ত বিভাগটোৱে ন্যায়।লয়ৰ নিৰ্দেশ অমান্য কৰাত আন এক নিৰ্দেশণা দিয়ে ন্যায়লয়ে।যাৰ পিছত ন্যায়ালয়ৰ নিৰ্দেশ মতে কৰিমগঞ্জ খণ্ডই ৫.৩২ কোটি টকা ২০১৭ চনত আৰু ধুবৰী খণ্ডই ৩.৫১ কোটি টকা ২০১৭ ৰ মাৰ্চত প্ৰদান কৰে।প্ৰায় ৮.৮৩ কোটি টকা লাভ কৰাৰ পিছত ব্যৱসায়ীসকলে গোচৰটো উঠাই লয়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com