চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ পিছত সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা ঘোষণা কৰে। শনিবাৰে শ্বহিদ ন্যাসৰ সন্মিলনত হোৱা সংবাদমেলত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্চই কয় যে যেতিয়া উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত এনআৰচিৰ কাম চাৰি বছৰৰ পূৰ্বে আৰম্ভ কৰা সময়ত ছাত্ৰ সংগঠনটো বহুত সুখী আছিল ৷

আছুৱেও আইনী প্ৰক্ৰিয়াৰে নাগৰিকতা চিনাক্ত কৰা আৰু বিদেশী মুক্ত এখন ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ কাৰণে পূৰ্ণ সমৰ্থনৰ আগবঢ়াইছিল। কিন্তু চূড়ান্ত নাগৰিক পঞ্জী প্ৰকাশৰ পিছত আমি নিৰাশ হৈছো । কাৰণ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভূক্ত হোৱা লোকৰ সংখ্যা আৰু বাদ পৰা সংখ্যাই আমাক নিৰাশ কৰিছে।

উচ্চতম ন্যায়ালয়ৰ তদাৰকত অসমত নাগৰিকপঞ্জীৰ কাম আৰম্ভ হয়। বিগত বছৰত অসমত প্ৰথমবাৰৰ বাবে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে বিদেশী চিনাক্ত কৰণৰ প্ৰক্ৰিয়া চলে ৷ইয়াৰ পিছতেই শনিবাৰে প্ৰকাশ পায় ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা । কিন্তু এই তালিকাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পূৰ্বে প্ৰকাশ কৰা সংখ্যাৰ কাষ চাপিবলৈ সক্ষম ন’হল ৷ গতিকে এইখন অসম্পূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। লগতে এই ক্ষেত্ৰত আমি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব ।

ড° ভট্টাচাৰ্যই লগতে কয় যে চূড়ান্ত এনআৰচিত থকা ত্ৰুটিসমূহৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত গ্ৰহণ কৰিব ।এনআৰচিৰ সন্দৰ্ভত ভৱিষ্যতে যিকোনো কাম উচ্চতম ন্যায়ালয়ৰ তদাৰকত হোৱা প্ৰয়োজন। পুনৰীক্ষণৰ বাবে নথি পত্ৰ ১০ টা কৰাৰ বাবে আছুৱে কৰা দাবীৰ বিপৰীতে চৰকাৰে ১৫ টা কৰি ৰখাৰ পোষকতা কৰিছিল। আছুৱে নাগৰিক পঞ্জী অসমৰ ঐতিহাসিক দলিল হোৱাৰ পৰা বিৰত থাকিল বুলি মন্তব্য কৰে। লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এখন ত্ৰুটিপূৰ্ণ এনআৰচি তৈয়াৰ কৰাত বিফল হৈছে বুলিও মন্তব্য কৰে দীপাংক কুমাৰ নাথে ৷

চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতি বিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

শনিবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰিলে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam NRC Final List: AASU addresses Media | The Sentinel News | Assam News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com