Begin typing your search above and press return to search.

এনআৰচিক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰস্তুত কৰিব লাগেঃ ৰঞ্জিত কুমাৰ দাস

এনআৰচিক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰস্তুত কৰিব লাগেঃ ৰঞ্জিত কুমাৰ দাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Sep 2019 8:49 AM GMT

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য যে নাগৰিক পঞ্জীক ৰাষ্ট্ৰীয় স্তৰত প্ৰস্তুত কৰিব লাগে। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে শনিবাৰে হেঙেৰাবাৰীত দলৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বাৰ্তাত এন আৰ চিৰ সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰে।

লগতে বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে এনআৰচিত অন্তৰ্ভূক্তি নোহোৱা বহু নাগৰিক অসমৰে ৷ তেওঁলোক অন্য ৰাজ্যৰ পৰা অহা নাই। গতিকে আমি দাবী কৰিছোঁ যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক ৰাষ্ট্ৰীয় স্তৰলৈ লৈ যোৱা হওঁক। তেতিয়া সকলো ভাৰতীয়ৰ নাম এনআৰচিত অন্তৰ্ভূক্ত হ’ব । বিজেপিৰ নেতাগৰাকীয়ে লগতে কয় যে ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সকলো ভাৰতীয়ৰ নাম অন্তৰ্ভূক্তিৰ কাৰণে এক অধিনিয়মৰ ব্যৱস্থা কৰিব লাগে ৷

এনআৰচিৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি নেতা গৰাকীয়ে কয় যে চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ভাৰতীয় সকলৰ নাম সুৰক্ষিত নকৰে ৷ কাৰণ তেওঁলোকৰ সামাজিক,আৰ্থিক আৰু ৰাজনৈতিক ভৱিষ্যত সম্প্ৰতি চিন্তিত। চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নিজৰ নাম অন্তৰ্ভূক্তিৰ সংখ্যালৈ লক্ষ্য কৰি ৰঞ্জিত দাসে কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই প্ৰায় ৩০ লাখ বিদেশী থকা বুলি তথ্য দিছিল। সেই সময়ৰ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী শ্ৰী প্ৰকাশ জয়ছোৱালে ৰাজ্য সভাত ৫০ লাখ অসমত অনুপ্ৰবেশ কৰা বুলি মন্তব্য কৰিছিল।

ইফালে সেই সময়ৰ কেন্দ্ৰীয় মন্ত্ৰী ইন্দ্ৰজিৎ গুপ্তাই অসমত ৪২ লাখ বাংলাদেশী থকা বুলি তথ্য দিছিল। প্ৰাক্তন ৰাজ্যপাল এচ কে সিন্হাই অসমত অবৈধ হিছাপে প্ৰায় ৩০ লাখ বাংলাদেশীৰ প্ৰবেশ হৈছে বুলি তথ্য দিছিল। অৱশ্যে চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত প্ৰায় ১৯ লাখ বিদেশী ৰূপত তালিকা ভূক্ত কৰা নাই ৷ তেতিয়া হ’লে প্ৰকৃততে অসমত থকা বিদেশসকলৰ এক বৃহৎ সংখ্যা ক’লৈ গ’ল ।

আনহাতে এনআৰচিৰ ক্ষেত্ৰত ২ লাখতকৈ অধিক লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত তালিকাভূক্ত কৰা নাই। দ্বিতীয়তে ৪ লাখ স্বদেশী লোকে এনআৰচিত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবৰ কাৰণে আবেদন কৰা নাছিল ৷ উল্লেখ্য যে ৩১ আগষ্টত প্ৰকাশিত চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞীত ১৯,০৬,৬৫৭ জন লোকৰ নাম বাদ পৰিছে। নাম অন্তৰ্ভূক্তিৰ কাৰণে আবেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন লোকক বিদেশী বুলি চিনাক্ত কৰা হয়।

অন্য খবৰৰ বাবে পঢ়ক:এনআৰচিৰ কামক উচ্চতম ন্যায়ালয় সমীক্ষা কৰিব লাগে: এজিপি সভাপতি অতুল বৰা

ভিডিঅ প্ৰতক্ষ্য কৰক:BJP (Assam Pradesh) Press Meet in Guwahati

Next Story
চাকৰি