Begin typing your search above and press return to search.

এনআৰচিৰ কামক উচ্চতম ন্যায়ালয় সমীক্ষা কৰিব লাগে: এজিপি সভাপতি অতুল বৰা

এনআৰচিৰ কামক উচ্চতম ন্যায়ালয় সমীক্ষা কৰিব লাগে: এজিপি সভাপতি অতুল বৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Sep 2019 8:37 AM GMT

শনিবাৰ প্ৰকাশ পালে চূড়ান্ত এনআৰচিৰ চূড়ান্ত তালিকা ৷এই সন্দৰ্ভত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই কয় যে অসমৰ লোকসকলে শুদ্ধ এনআৰচিৰ আশা কৰিছে। কিন্তু অাজি অসমবাসী আৰু অসম গণ পৰিষদৰ লোকসকল এনআৰচিৰ সন্দৰ্ভত আশ্বস্ত নহয় ৷ শনিবাৰে সংবাদ মাধ্যমৰ লগত হোৱা মত বিনিময়ত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই কয় যে এনআৰচিত বিদেশী বুলি চিনাক্ত কৰা লোকসকলৰ সংখ্যাত আমি সন্তুষ্ট নহয়।

এনআৰচিৰ প্ৰক্ৰিয়া পুনৰীক্ষণৰ কাৰণে উচ্চতম ন্যায়ালয়েই এক মাত্ৰ উপায়। লগতে অতুল বৰাই কয় যে এন আৰ চিত প্ৰায় ৫২০০০ হাজাৰ কৰ্মচাৰীয়ে দিনা নিশাই কাম কৰিছিল ৷ গতিকে এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সকলো জনসাধাৰণে আশা কৰিছিল। উল্লেখ্য যে চূড়ান্ত এনআৰচি প্ৰস্তুতত ভালেখিনি ত্ৰুটী ৰৈ গৈছে বুলি কয়।

লগতে অতুল বৰাই যিসকলৰ নাম এনআৰচিৰ পৰা বাদ পৰিল,সেইসকল লোকক সহায় কৰিব বুলিও জনসাধাৰণক আশ্বাস দিয়ে অতুল বৰাই ।উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷

সম্প্ৰতি বিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷ শনিবাৰে পুৱা দহবজাত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰিলে ৷

যিসকল আবেদনকাৰীৰ নাম ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম আছে কিন্তু চলিত বৰ্ষৰ ২৬ জুনত প্ৰকাশিত অতিৰিক্ত নাগৰিক পঞ্জীত নাই, অথবা এনআৰচিত শুনানিৰ কাৰণে খবৰ দিয়া নাছিল ৷ তেওঁলোকৰ কাৰণে ছেপ্তেম্বৰত অন লাইনযোগে ব্যৱস্থা গ্ৰহণ কৰিব কৰ্তৃপক্ষই ৷ আৰু ৰাজ্যৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ে অনতি পলমে এই সম্পৰ্কে এটা দিন ধাৰ্য কৰিব ।

অন্য খবৰৰ বাবে পঢ়ক:প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাঃবাদ পৰিল ১৯ লাখ লোক

ভিডিঅ প্ৰতক্ষ্য কৰক:Prafulla Kumar Mahanta addresses media in Guwahati | The Sentinel News | Assam News

Next Story
চাকৰি