Begin typing your search above and press return to search.

প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাঃবাদ পৰিল ১৯ লাখ লোক

প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাঃবাদ পৰিল ১৯ লাখ লোক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Sep 2019 6:39 AM GMT

বহু প্ৰতীক্ষাৰ অন্তত আৰু উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা। চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷

সম্প্ৰতি বিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷ শনিবাৰে পুৱা দহবজাত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰিলে ৷

যিসকল আবেদনকাৰীৰ নাম ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম আছে কিন্তু চলিত বৰ্ষৰ ২৬ জুনত প্ৰকাশিত অতিৰিক্ত নাগৰিক পঞ্জীত নাই, অথবা এনআৰচিত শুনানিৰ কাৰণে খবৰ দিয়া নাছিল ৷ তেওঁলোকৰ কাৰণে ছেপ্তেম্বৰত অন লাইনযোগে ব্যৱস্থা গ্ৰহণ কৰিব কৰ্তৃপক্ষই ৷ আৰু ৰাজ্যৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ে অনতি পলমে এই সম্পৰ্কে এটা দিন ধাৰ্য কৰিব ।

চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশৰ পিছত এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাই এক প্ৰেছ বিবৃত্তি যোগে কয় যে চূড়ান্ত এন আৰ চিত অন্তৰ্ভূক্ত হ’ল ৩,১১,২১,০০৪ জন লোকৰ নাম। তাৰ বিপৰীতে বাদ পৰিল ১৯,০৬,৬৫৬ জন লোকৰ নাম ৷ মুঠ আবেদনকাৰী আছিল ৩,৩০,২৭,৬৬১ জন । ২০১৫ চনৰ মে’ মাহৰ পৰা এনআৰচিৰ আবেদন পত্ৰ গ্ৰহণৰ কাম আৰম্ভ হৈছিল। ৰাজ্য চৰকাৰৰ ৫২ হাজাৰ বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰক্ৰিয়াত ৷

ইফালে ২০১৮ চনৰ ৩০ জুলাইত উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত ২,৮৯,৮৩,৬৭৭ জনৰ নাম অন্তৰ্ভূক্তিৰে প্ৰকাশ কৰা হৈছিল সম্পূৰ্ণ খচৰা এনআৰচি ৷ এনআৰচিৰ প্ৰতিটো পদক্ষেপ লোৱা হৈছে সাংবিধানিক হিছাপে ।২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশ কৰা এনআৰচিত বাদ পৰা আবেদনকাৰীসকলৰ ভিতৰত মুঠ ৩৬,২৬,৬৩০ জন লোকে দাবী পত্ৰ দাখিল কৰিছিল ।

সম্পূৰ্ণ খচৰা এনআৰচিত ১,৮৭, ৬৩৩ জন আবেদনকাৰীৰ নাম অন্তৰ্ভূক্তি বিৰুদ্ধে আপত্তি লাভ কৰা হৈছিল ।আনহাতে আন এখন ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকা প্ৰকাশ কৰা হৈছিল চলিত বৰ্ষৰ ২৬ জুনত। আনহাতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম ২০০৩ৰ অধীনৰ ধাৰা ৪(৩)ৰ বিধান অনুযায়ী সম্পূৰ্ণ খছৰাত অন্তভূক্ত হোৱা লোকসকলৰো পুনৰীক্ষণ কাৰ্যকৰীকৰণ কৰা হৈছে।

অন্য খবৰৰ বাবে পঢ়ক: কেন্দ্ৰই দেশৰ আৰ্থিক ব্যৱস্থা পুনৰোজ্জীৱিত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবঃ নিৰ্মলা সীতাৰমন

ভিডিঅ প্ৰতক্ষ্য কৰক:BJP (Assam Pradesh) Press Meet in Guwahati

Next Story
চাকৰি