Begin typing your search above and press return to search.

কেন্দ্ৰই দেশৰ আৰ্থিক ব্যৱস্থা পুনৰোজ্জীৱিত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবঃ নিৰ্মলা সীতাৰমন

কেন্দ্ৰই দেশৰ আৰ্থিক ব্যৱস্থা পুনৰোজ্জীৱিত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবঃ নিৰ্মলা সীতাৰমন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Aug 2019 4:59 AM GMT

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতা ৰমনে বৃহস্পতিবাৰে কয় যে কেন্দ্ৰই দেশৰ আৰ্থিক অৱস্থা পুনৰোজ্জীৱিত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব ৷ বৃহস্পতিবাৰে মহানগৰীৰ এখন হোটেলত এক সংবাদমেল সম্বোধন কৰি সীতাৰমনে কয় যে ভাৰত বিশ্বৰ অতি ক্ষিপ্ৰ গতিত বৃদ্ধি পোৱা অৰ্থ ব্যৱস্থা হলেও চৰকাৰে সাম্প্ৰতিক আৰ্থিক ব্যৱস্থাৰ ওপৰত আশংকা কৰি কিছু ব্যৱস্থা ঘোষণা কৰিছে ৷

বিত্তমন্ত্ৰী সীতা ৰমনে কয় যে উদ্যোগৰ প্ৰতিনিধিসকলৰ হিতাধিকাৰীসকলৰ লগত সম্প্ৰতি আলোচনা কৰা হৈছে।আমাৰ চৰকাৰৰ দ্বাৰা কিছুমান ব্যয়ক আগবঢ়াই নিয়া হ’ব ৷লগতে জিএচটিক কিছুদিনৰ ভিতৰত মঞ্জুৰী দিব ৷ইফালে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বৃহস্পতিবাৰে ৰাজ্যিক বিত্ত মন্ত্ৰী অনুৰাগ সিঙৰ লগতে উত্তৰ পূব ৰাজ্যসমূহৰ কৰদাতা,ব্যৱসায়ী সংগঠন,আৰু উদ্যোগৰ মূল বিষয়াসকলৰ লগত উদ্যোগক আৰু অধিক আগবঢ়াই নিবৰ কাৰণে আলোচনাত মিলিত হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰসংগ উল্লেখ কৰি সীতাৰমনে কয় যে মোডীয়ে ক্ষুদ্ৰ আৰু মধ্যম আৰু বৃহৎ উদ্যোগ সমূহক সুবিধা প্ৰদান কৰিবৰ কাৰণে প্ৰয়াস কৰিছে ৷কিন্তু দেশৰ আৰ্থিক অৱস্থাৰ ওপৰত মন্তব্য কৰি সীতা ৰমনে কয় যে দেশৰ আৰ্থিক অৱস্থা বৃদ্ধি কৰিবৰ কাৰণে দিয়া যিকোনো মন্তব্যই আৰ্থিক ব্যৱস্থাৰ ওপৰত বিৰূপ ব্যৱস্থা পেলাব পাৰে ৷

অন্য খবৰৰ বাবে পঢ়ক: ২০২২ ৰ ভিতৰত “সকলোৰে বাবে বাসগৃহ” নিৰ্মাণৰ লক্ষ্য: নিৰ্মলা সীতাৰমন

ভিডিঅ প্ৰতক্ষ্য কৰক:Soil Erosion causing miseries to people in Gohpur

Next Story
চাকৰি