Begin typing your search above and press return to search.

স্বদেশী লোকক সহায় কৰিব সদৌ অসম ছাত্ৰ সন্থাইঃ লুৰিণ জ্যোতি গগৈ

স্বদেশী লোকক সহায় কৰিব সদৌ অসম ছাত্ৰ সন্থাইঃ লুৰিণ জ্যোতি গগৈ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Sep 2019 6:56 AM GMT

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক লুৰিণ জ্যোতি গগৈয়ে সোমবাৰে কয় যে চূড়ান্ত নাগৰিক পঞ্জীত স্বদেশী লোকসকলৰ নাম অন্তৰ্ভুক্তিৰ কাৰণে ছাত্ৰ সংগঠনটোৱে আইনী সহায়ৰ লগতে অন্যান্য সহায় কৰিব । যদি এনআৰচিত স্বদেশী লোকসকলৰ নাম অন্তৰ্ভক্তি নাই তেতিয়া হ’লে কাৰ নাম এনআৰচিত অন্তৰ্ভূক্তি আছে?

এক বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি বহু স্বদেশী লোকে এনআৰচিত নিজৰ নাম অন্তৰ্ভূক্তিৰ কাৰণে আবেদন কৰা নাছিল। কিন্তু এনে বহু স্বদেশী লোকৰ নাম এনআৰচিত অন্তৰ্ভুক্তি হ’ব লাগে। এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈৰ । লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নিজৰ নাম অন্তৰ্ভূক্তিৰ বাবে আবেদন নকৰা সকলো লোকক সহায় কৰিব বুলি মন্তব্য কৰে আছুৱে। আনহাতে এনআৰচিৰ সকলো কাম হৈ আছে উচ্চতম ন্যায়ালয়ৰ তদাৰকত ৷

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতি বিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

শনিবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰিলে ৷

অন্য খবৰৰ বাবে পঢ়ক:সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ এনআৰচিৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া

ভিডিঅ প্ৰতক্ষ্য কৰক:Rally of IMA Tinsukia unit to protest against the gruesome killing of Dr Deben Dutta

Next Story
চাকৰি