নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে আছুৰ "জনতাৰ গৰ্জন" কাৰ্যসূচী ৰূপায়ন

নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে আছুৰ "জনতাৰ গৰ্জন" কাৰ্যসূচী ৰূপায়ন

নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে আছুৰ "জনতাৰ গৰ্জন" কাৰ্যসূচী ৰূপায়ন ।‌

ডিব্ৰুগড়: নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত কেইবাটাও জাতীয় সংগঠন আৰু সমূহ ডিব্ৰুগড় বাসীৰ সহযোগত মঙ্গলবাৰে ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত ৰূপায়ন কৰা হয় " জনতাৰ গৰ্জন" শীর্ষক কাৰ্যসূচী । শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় এক লক্ষাধিক লোক অংশ গ্ৰহণ কৰে ।

এই বিশাল প্ৰতিবাদী সভা সম্বোধন কৰি আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে অসমৰ জনসাধাৰণে নাগৰিকত্ব সংশোধনী আইন কেতিয়াও স্বীকাৰ নকৰে কিয়নো এই আইন খনে অসমীয়া ভাষা ,সংস্কৃতি, আৰু অস্তিত্বত গভীৰ সংকট মাতি আনিব ।

বিশিষ্ট অসমীয়া শিল্পী নীল আকাশেও এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু সভাত জাতীয় সংগীত " অ' মোৰ আপোনাৰ দেশ " পৰিবেশন কৰে । বিভিন্ন কলা-কুশলী , শিক্ষাবিদ, সাহিত্যিক আদিয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কা ৰ বিৰোধীতাৰে নিজ ভাষন আগবঢ়ায় । অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শইকীয়াই বিতৰ্কিত আইন খনৰ বিৰোধিতা কৰাৰ লগতে চৰকাৰক এনে সিদ্ধান্তৰ বাবে তীব্ৰ সমালোচনা কৰে।

তেজপুৰ : আছুৰ লগতে ৩০ টা জনগোষ্ঠীয় সংগঠন, সাংস্কৃতিক কাৰ্যকৰ্তা , শিক্ষাবিদ, বিশিষ্ট নাগৰিক আদিয়ে মঙ্গলবাৰে তেজপুৰৰ নেহেৰু মৈদানত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। এই বিৰোধ কাৰ্যসূচীত প্ৰায় ৩,০০০ প্ৰতিবাদীয়ে হাতত বেনাৰ,প্লেকাৰ্ড লৈ বিতৰ্কিত আইন খনৰ বিৰুদ্ধে বিৰোধীতা প্ৰদৰ্শন কৰে। সভা সম্বোধন কৰি আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে, " কংগ্ৰেছে অসম চুক্তি ভংগ কৰিছিল আৰু অসমত অবৈধ অনুপ্ৰবেশকাৰীৰ বাবে আই এম ডি টি আইন জাৰি কৰিছিল । তাৰ পিছত এতিয়া বিজেপি চৰকাৰে সদনত সংখ্যাগৰিষ্ঠতা থকাৰ বাবেই স্বহীদ দিৱসৰ দিনাই অসমবাসীক উপলুঙা কৰি নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰে । কিন্তু আমি কেতিয়াও আইন খন গ্ৰহন নকৰো। হিন্দু অথবা মুছলমান যিয়ে নহওক অসমে ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পিছত অহা অবৈধ অনুপ্ৰবেশকাৰীৰ বোজা গ্ৰহন নকৰে । বিজেপি চৰকাৰে বিভিন্ন নীতি প্ৰয়োগ কৰি সম্প্ৰদায়সমূহৰ মাজত বিভাজন অনাৰ চেষ্টা কৰিছে । কিন্তু জনসাধাৰণে আইন খন বাতিল নোহোৱা পৰ্যন্ত বিৰোধ প্ৰদৰ্শন কৰিব "।

লগতে তেওঁ কয় যে, চৰকাৰে অসমৰ ২০০০ শিল্পীলৈ ৫০,০০০ টকা দিব বুলি ঘোষনা কৰিছে । এইয়া কেৱল শিল্পীসকলৰ প্ৰতিবাদ ৰোধ কৰাৰ বাবেহে । সমগ্ৰ ভাৰতবৰ্ষই এই আইন খনৰ বিৰোধিতা কৰিছে কাৰণ এই আইন খন ধৰ্মৰ ওপৰত আধাৰিত। অসমৰ মানুহে দুটা কাৰণত এই আইনৰ বিৰোধিতা কৰিছে, প্ৰথমটো হ'ল - আইন খন ধৰ্মৰ ওপৰত আধাৰিত, দ্বিতীয়টো হল অসম চুক্তিৰ উলংঘন কৰা আৰু অসম চুক্তিক নাকচ কৰি১৯৭১ ৰ পৰা ২০১৪ চনৰ ভিতৰত সকলো অনুপ্ৰবেশকাৰীক গ্ৰহন কৰা । ছাত্ৰ সংগঠন‌ নেছ'ই প্ৰমান‌ কৰে যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক ভাৱে সাত ৰাজ্যত বিভক্ত কিন্তু মানসিক আৰু ভাৱাত্মক ভাৱে একত্ৰিত।

ভিডিঅ প্ৰতক্ষ্য কৰক: All Assam Lawyers Association staged protest rally against CAA 2019 in Guwahati

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com