Begin typing your search above and press return to search.

প্ৰেৰণাদায়ক পোষ্টৰ বাবে চোছিয়েল মিডিয়াত  অভিষেক বচ্চনক কলে নিবনুৱা,‌দিলে প্ৰত্যুত্তৰ

প্ৰেৰণাদায়ক পোষ্টৰ বাবে চোছিয়েল মিডিয়াত  অভিষেক বচ্চনক কলে নিবনুৱা,‌দিলে প্ৰত্যুত্তৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Nov 2019 12:19 PM GMT

প্ৰেৰণাদায়ক পোষ্টৰ বাবে চোছিয়েল মিডিয়াত অভিষেক বচ্চনক কলে নিবনুৱা,‌দিলে প্ৰত্যুত্তৰ।বলিউডৰ তাৰকা সকল কিবা নহয় কিবা কাৰণত ট্ৰোল হ'ব লগীয়া হয় ।‌বহু সময়ত চলচ্চিত্ৰ জগতৰ তাৰকা সকলৰ পিন্ধা পোছাক , বিভিন্ন কথা, পোষ্ট আদিৰ ফলত ট্ৰোলৰ সন্মুখীন হোৱা দেখা যায়।এইবাৰ ছচিয়েল মিডিয়াত ট্ৰোলৰ চিকাৰ হৈছে বলিউডৰ অভিনেতা অভিষেক বচ্চন । ।

দৰাচলতে সোমবাৰে অভিনেতা অভিষেক বচ্চনে নিজৰ টুইটাৰ একাউণ্টত এটা প্ৰেৰণাদায়ক পোষ্ট শ্বেয়াৰ কৰিছিল।‌ পোষ্টটোত আছিল যে , " এটা উদ্দেশ্য লোৱা, এটা লক্ষ্য , কিবা এটা অসম্ভৱ যিটো তুমি পুৰণ কৰিব পৰা , আৰু সকলোকে জনাই দিয়া যে সেইটো অসম্ভৱ নহয় "।

কিন্তু এজন ব্যক্তিয়ে এই পোষ্টটোৰ বাবে অভিষেক বচ্চনক নিবনুৱা বুলি কয় ।সেই পোষ্টটোত এজন টুইটাৰ ব্যৱহাৰকাৰী ব্যক্তিয়ে মন্তব্য আগবঢ়ায় কয় যে " যিজন ব্যক্তিয়ে সোমবাৰে ইমান সুখী হ'ব পাৰে , তেন্তে সেই মানুহজনক আপুনি কি বুলি ক'ব ? নিবনুৱা "?

তাৰ পিছতেই ব্যক্তিজনৰ মন্তব্য অভিষেক বচ্চনে প্ৰত্যুত্তৰ দি লিখে যে , " নাই ।‌একমত নহয় । যি কোনো ব্যক্তিয়ে সেইটো কৰি আছে যিটো কৰি তেওঁ ভাল পায়" ।

অভিনেতা অভিষেক বচ্চনৰ এই প্ৰত্যুত্তৰটোৱে ইন্টাৰনেটৰ অনুৰাগী সকলৰ হৃদয় জয় কৰিছে । অনুৰাগী সকলে কয় যে সু চিন্তা অৰ্থাৎ নিৰপেক্ষ চিন্তা ধাৰাৰ এক উদাহৰণ স্বৰূপ অভিষেক বচ্চন।

এয়া প্ৰথম বাৰৰ বাবে নহয় যে য'ত অভিষেক বচ্চনে প্ৰত্যুত্তৰ দিয়া নাই । বিগত বৰ্ষটো অভিনেতা জন ট্ৰোলৰ সন্মুখীন হৈছিল। এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছিল যে , " ৩ বছৰৰ পৰা কাম নাই কিন্তু ছুটিৰ বাবে পইছা আছে । কেনেকৈ? " এই মন্তব্যবোৰ ওপৰত প্ৰত্যুত্তৰ প্ৰদান কৰি অভিষেক বচ্চনে লিখিছিল যে , " মহাশয় , কাৰণ মোৰ অন্য কেইবাটাও ব্যৱসায় আছে যি বোৰ মোৰ চলচ্চিত্ৰ নিৰ্মান আৰু অভিনয়ৰ বাহিৰেও চলে । সেই বিলাকৰ ভিতৰত খেলৰ নাম ল'ব পাৰি " ।

অভিনেতা অভিষেক বচ্চনে কিছুদিন পূৰ্বে পত্নী ঐশ্বৰ্য ৰায়ক সমৰ্থন কৰাৰ বাবে ৰ'ম গৈছিল । য'ত এটা ঘড়ীৰ ব্ৰেণ্ড, লোংগিনেছৰ লগত ২০ বছৰৰ সহযোগিতা উদযাপন কৰিছিল।

অন্য খবৰৰ বাবে পঢ়ক: প্ৰেমিকাই মাক বাপেকৰ সহযোগত হত্যা কৰিলে প্ৰেমিকক, ঘৰৰ ভিতৰত পুতি থলে মৃতদেহ

ভিডিঅ প্ৰতক্ষ্য কৰক: PM announces peace accord with NSCN, Naga militant group

Next Story
চাকৰি