Begin typing your search above and press return to search.

প্ৰেমিকাই মাক বাপেকৰ সহযোগত হত্যা কৰিলে প্ৰেমিকক, ঘৰৰ ভিতৰত পুতি থলে মৃতদেহ

প্ৰেমিকাই মাক বাপেকৰ সহযোগত হত্যা কৰিলে প্ৰেমিকক, ঘৰৰ ভিতৰত পুতি থলে মৃতদেহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Nov 2019 12:51 PM GMT

প্ৰেমিকাই মাক বাপেকৰ সহযোগত হত্যা কৰিলে প্ৰেমিকক, ঘৰৰ ভিতৰত পুতি থলে মৃতদেহ। ৯ অক্টোবৰ তাৰিখে গাজিয়াবাদত সংঘটিত হয় এজন আইন বিভাগৰ ছাত্ৰৰ হত্যা কাণ্ড। গাজিয়াবাদৰ চাহিবাবদ থানাৰ অন্তৰ্গত অঞ্চলত এজন ছাত্ৰৰ হত্যা কাণ্ডৰ ঘটনাই যথেষ্ট হাহাকাৰৰ সৃষ্টি কৰে । অৱশেষত এই হত্যা কাণ্ডৰ ষড়যন্ত্ৰৰ কথা পোহৰলৈ আহে ।

পংকজ নামৰ যুৱক জনক তেওঁৰ প্ৰেমিকাই নিজৰ মাক আৰু পিতৃ হৰিওম ইলিছ মুন্নাৰ সৈতে মিলি হত্যা কৰিছিল । অৱশেষত চাহাবাবদ আৰক্ষীয়ে সোমবাৰে তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ।

আৰক্ষীৰ মতে চতুৰ্থ বৰ্ষৰ আইন বিভাগৰ পংকজ নামৰ যুৱকজন যোৱা ৯ অক্টোবৰ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছিল।তাৰোপৰি আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা অনুসৰি অভিযুক্ত যুৱতী গৰাকী পংকজৰ ওচৰত টিউচন লৈছিল আৰু দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। জানিব পৰা মতে পংকজৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়া যুৱতী গৰাকী পংকজৰ পূৰ্বৰ ভাড়াঘৰৰ মালিকৰ জীয়ৰি । যেতিয়া প্ৰেমিকাৰ পিতৃ মাতৃয়ে তেওঁলোকৰ সম্পৰ্কৰ‌ কথা গম পাইছিল তেতিয়া পংকজক হত্যা কৰিবলৈ পৰিকল্পনা তৈয়াৰ কৰিছিল লগতে পংকজৰ প্ৰেমিকাকো সেই পৰিকল্পনাত সংযোজন কৰি লৈছিল।

তাৰোপৰি মৃতদেহ লুকুৱাবলৈ হত্যাৰ ৪ দিন পূৰ্বেই তেওঁলোকে ঘৰৰ ভিতৰত ১০ ফুটৰ গাত খুন্দিছিল ।‌ পৰিকল্পনা অনুসৰি প্ৰেয়সীয়ে পংকজক নিজৰ ঘৰলৈ মাতি আনিছিল আৰু তাৰ পিছতেই মাক আৰু পিতৃৰ সৈতে মিলি ডিঙি চেপি হত্যা কৰে লগতে মৃতদেহটো ১০ ফুট গভীৰ গাঁতটোত পুতি থয়।

যুৱকজন নিৰুদ্দেশ হোৱাৰ কিছুদিন পাছতেই অৰ্থাৎ ১৪ অক্টোবৰ তাৰিখে আৰক্ষীয়ে অভিযুক্তৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছিল পংকজৰ মৃতদেহ । কিন্তু অভিযুক্ত কেইজন সেইসময়ত পলায়ন হৈ আছিল । অৱশেষত সোমবাৰে আৰক্ষীয়ে অভিযুক্তক কৰায়ত্ত কৰে আৰু তেওঁলোকে ইতিমধ্যে নিজৰ দোষ স্বীকাৰ কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক: সংক্ৰমক ৰোগৰ দৰে বাঢ়িছে এখন জিলাত অবিবাহিত পুৰুষৰ সংখ্যা , কিন্তু কিয় ?

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam Martial Arts shines at World Martial Arts Games 2019 in London

Next Story