তীব্ৰ পানী সংকট : বিভাগীয় কতৃপক্ষয়ে কেতিয়া ব্যবস্থা গ্ৰহণ কৰিব ?

তীব্ৰ পানী সংকট : বিভাগীয় কতৃপক্ষয়ে কেতিয়া ব্যবস্থা গ্ৰহণ কৰিব ?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , NITI আয়োগ , কেন্দ্ৰীয় ভূগৰ্ভস্থ পানী আয়োগ (CGWC) আৰু আন সংস্থা সমূহে দেশত সৃষ্টি হব লগা পানী সংকটকলৈ উদ্বেগ প্ৰকাশ কৰিছে । ইতিমধ্যে পানী সংকটত যাতে ভূগিব নালাগে তাৰ বাবে বিভিন্ন পৰিকল্পনা আৰু আচনি ৰূপায়ণ কৰা হৈছে । সমগ্ৰ দেশৰ ভিতৰতে পানীৰ সংকট হব লগা স্থান সমূহৰ ভিতৰত অসমৰ গুৱাহাটী অন্যতম । এই গভীৰ সমস্যাটো সমাধান কৰাৰ পৰিবৰ্তে , সকলোবোৰে আন পথ বিচৰাত ব্যস্ত আৰু কিছুমান অসাধু সংগঠনে পৰিষ্ঠিতি অধিক অবনতি কৰিছে ।

বিশেষকৈ গুৱাহাটীত যথেষ্ট সমস্যা সৃষ্টি হ'ব। গুৱাহাটীত য'তে ত'তে বৃহৎ অট্টালিকা নিৰ্মাণ কৰাৰ ফলত পানীৰ সমস্যা সৃষ্টি হব । এই লোকসকলৰ বিৰুদ্ধে কোনো ব্যবস্থা গ্ৰহণ নকৰাটো উদ্বেগজনক ।

গুৱাহাটীবাসীয়ে যথেষ্ট পানীৰ সমস্যাৰ সন্মুখীন হৈছে । ৩২ লাখ লোকক পানী যোগান ধৰাত ব্যৰ্থ হৈছে । ৩২ লাখ লোকক ২৬৫ মিলিয়ন লিটাৰ পানীৰ প্ৰয়োজন হয় প্ৰত্যেক দিনাই । গুৱাহাটী পৌৰনিগম , পি এইচ ই আৰু উন্নয়নশীল পানী কতৃপক্ষ (urban water Authority) এই তিনিটা সংস্থা য়ে প্ৰত্যেক দিনাই ৭৫ মিলিয়ন লিটাৰ পানীহে যোগান ধৰিব পাৰে।

পানী সংকটৰ সুবিধা গ্ৰহণ কৰিছে এচাম ব্যবসায়িয়ে । তেওঁলোকে অৰ্থৰ বিনিময়ত পানী যোগান ধৰি আছিল । কিন্তু এই সমূহ ব্যৱসায় কতৃপক্ষৰ সন্মুখতে হৈছে কিন্তু বিভাগীয় কতৃপক্ষয়ে নিৰব ভূমিকা পালন কৰি আহিছে ।

পানী সংকটৰ প্ৰতি লক্ষ্য ৰাখিয়ে, কেন্দ্ৰীয় চৰকাৰে ৰাজ্য সমূহক ভূপৃষ্ঠৰ পানী সংৰক্ষণ কৰাৰ লগতে বৰষুণ পানী সংৰক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। কিন্তু ৰাজ্য চৰকাৰে কেন্দ্ৰৰ এই কথা গুৰুত্ব সহকাৰে লোৱা নাই।

বিভিন্ন বিদ্যালয় সমূহত বৰষুণৰ পানী সংৰক্ষণ কৰাৰ প্ৰকল্প গ্ৰহণ কৰিছিল । কিন্তু চৰকাৰৰ উপযুক্ত পৰ্যালোচনাৰ অভাৱ আৰু অবহেলাৰ বাবে আঁচনি সমূহ কাৰ্যক্ষম হৈ উঠা নাই ।

বৰ্তমান এনে পৰিস্থিতিত বিভিন্ন প্ৰশ্ন উৎত্থাপন হৈছে , ৰাজ্য চৰকাৰে এই সমস্যাটো গুৰুত্ব সহকাৰে লব নে? যদি লয় কেতিয়া লব ?

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com