অসমৰ বিদ্যালয়সমূহত জল সংকটৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া শিক্ষা বিভাগৰ

অসমৰ বিদ্যালয়সমূহত জল সংকটৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া শিক্ষা বিভাগৰ

অসমৰ বিদ্যালয়সমূহত জল সংকটৰ সন্মুখীন হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া শিক্ষা বিভাগৰ ৷ ধেমাজী,লক্ষীমপুৰ, মাজুলী,মৰিগাঁও,নগাঁও,ধুবুৰী,বৰপেটা,নলবাৰীআৰু দক্ষিণ শালমৰা মানকাছাৰ আদি জিলাৰ বিদ্যালয়সমূহ বাৰিষা কালত বানত ডুব গৈ থাকে যদিও সমগ্ৰ বছৰটো জল সংকটৰ সন্মুখীন হয় ৷ অৱশ্যে এইয়া কেৱল এখন বা দুখন বিদ্যালয়ৰ তথ্য নহয় এইয়া সম্প্ৰতি ৰাজ্যৰ অধিকাংশ বিদ্যালয়ৰ কাহিনী ৷ শিক্ষা বিভাগে এনেধৰণে বিদ্যালয়সমূহত জল সংকট সমস্যাৰ পৰা সমাধান পাবৰ কাৰণে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এক আঁচনি তৈয়াৰ কৰিছে ৷

কাৰণ বিদ্যালয়সমূহত বাৰিষা কালত বানৰ কাৰণে সকলোৰে মাজত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ৷ শিক্ষা বিভাগৰ এজন বিশেষ সূত্ৰৰ মত অনুসৰি অসম এখন বানপ্ৰৱন ৰাজ্য ৷ গতিকে ইয়াৰ কাৰণে শিক্ষা বিভাগে ছাত্ৰ ছাত্ৰীসকলৰ মাজত জল সংৰক্ষণ কৰিবলৈ এক আঁচনি তৈয়াৰ কৰিছে ৷ বাৰিষা কালত ৰাজ্যত নদী উপনদী সমূহত পানীৰ পৰিমাণ বৃদ্ধি হয় ৷ আৰু যাৰ কাৰণে ৰাজ্যত বানপানীৰ সৃষ্টি হয় ৷দ্বিতীয়তে ৰাজ্যৰ বিভিন্ন জিলাৰ বহু বিদ্যালয়ত খোৱা পানী আৰু জলসংকটৰ সমস্যাই দেখা দিছে ৷বহু বিদ্যালয়ৰ শৌচালয়ত পানীৰ সমস্যাৰ দেখা দিছে ৷

এক বিশেষ সূত্ৰৰ মতে সম্প্ৰতি বিদ্যালয়সমূহে বৰষুণৰ পানী সংৰক্ষণ কৰি সমস্যা সমাধান কৰিব পাৰে ৷ ইফালে ধেমাজী আৰু লক্ষীমপুৰ জিলাৰ বহু অঞ্চলত তথা বিদ্যালয়ত বাৰিষাৰ পিছত বিভিন্ন সমস্যাৰ লগতে খোৱা পানীৰ সমস্যাই দেখা দিয়ে ৷গতিকে এনে সমস্যাৰ পৰা সমাধান পাবৰ কাৰণে কু্ঁৱাৰ আদিৰ দৰে ব্যৱস্থা কৰিব পাৰে।

এনেধৰণৰ পৰিস্থিতিত পানী সংৰক্ষণ অথবা জল সঞ্চয়ন আদি আঁচনিৰ জৰিয়তে জল সংকটৰ পৰা পৰিত্ৰাণ পাব পাৰি৷বাৰিষা কালত পানী সংৰক্ষণ কৰাটো জটিল পদক্ষেপ নহয় ৷গতিকে এনেধৰণে বিদ্যালয় অথবা মহাবিদ্যালয়ত বৃহৎ পৰিমাণৰ বৰষুণৰ পানী সংৰক্ষণ কৰি জল সংকটৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷

ইফালে সম্প্ৰতি ৰাজ্যত বাৰিষাৰ তাণ্ডৱ আৰম্ভ হৈছে ৷ৰাজ্যত সম্প্ৰতি ছখন জিলা ক্ৰমে ধেমাজী,নলবাৰী,বাক্সা,বৰপেটা,যোৰহাট আৰু ডিব্ৰুগড়ত চলিছে বানৰ তাণ্ডৱ ৷ বানে ১০৬৫৯ জনসংখ্যাৰ বিপৰীতে বিস্তৰ সংখ্যক খেতি বাতি নষ্ট কৰিছে ৷ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি ৰাজ্যৰ ছখন জিলাৰ ৩৬ খন গাঁৱৰ আঠখন ৰাজহ চক্ৰ সম্প্ৰতি বানৰ কবলত ৷ তথ্য অনুসৰি বানৰ কবলত পৰা অঞ্চলসমূহত পশুধনৰো বিস্তৰ ক্ষতি সাধন হৈছে ৷

৪,৪১২ টা ডাঙৰ,১,৯১২ টা সৰু আৰু ২,৩৫৩ টা মূৰ্গীৰ মৃত্যু হৈছে বানত। অন্যহাতে, ব্ৰহ্মপুত্ৰ আৰু জিয়া ভৰালী দুয়োখন নদী পৃথক ঠাইত আছে, যদিও যোৰহাট জিলাৰ নিমাতীঘাটত জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷ লগতে শোনিত পুৰ জিলাতো বান বিপদ সীমাৰ ওপৰেৰে বৈছে ৷ ইফালে লক্ষীমপুৰ জিলাৰ গড়চিগা গুৰক’টা গাওঁপঞ্চায়তৰ ৫০ মিটাৰৰ নদী বান্ধ চিগি যায়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com